peepl-small

পূব গুৱাহাটীত প্রার্থিত্বৰ দৌৰত বিজেপি–কংগ্রেছৰ হেভীৱেট নেতা

PUBLISHED:

গুৱাহাটীঃ বিধানসভা নির্বাচনৰ সূচী ঘোষণা কৰাৰ পিছত ৰাজ্যৰ অন্যতম সন্মানীয় সমষ্টি হিচাপে বিবেচিত পূব গুৱাহাটীত প্রার্থিত্বপ্রত্যাশীসকলৰ মাজত তৎপৰতা বৃদ্ধি পাইছে৷ প্রার্থীৰ তালিকা প্রস্তুত কৰাৰ বাবে শাসনাধিষ্ঠিত বিজেপিৰ লগতে কংগ্রেছ আৰু আন দলসমূহ তৎপৰ হৈ পৰিছে৷

বিশেষকৈ বিজেপি আৰু কংগ্রেছৰ প্রার্থিত্বৰ বাবে কেইবাকোণীয়া দৌৰ চলি আছে৷ বর্তমান সমষ্টিটোক প্রতিনিধিত্ব কৰিছে কেবিনেট মন্ত্রী তথা বিজেপিৰ প্রাক্তন সভাপতি সিদ্ধার্থ ভট্টাচার্যই৷ কিন্তু এইবাৰ তেওঁ প্রার্থিত্ব লাভ কৰাৰ সম্ভাৱনা সন্দর্ভত বিভিন্ন ধৰণৰ চর্চা চলি আছে৷ দলৰ মজিয়াত তেওঁক প্রত্যাহ্বান জনাইছে মুখ্যমন্ত্রীৰ আইন উপদেষ্টা শান্তনু ভৰালীৰ লগতে গুৱাহাটীৰ প্রাক্তন মেয়ৰ মৃগেন শৰণীয়াই৷ দুয়োজনে শেহতীয়াকৈ প্রার্থিত্ব লাভৰ বাবে বিশেষ তৎপৰতা প্রদর্শন কৰাটো চর্চাৰ বিষয় হৈ পৰিছে৷

জানিব পৰা মতে, দলৰ ভিতৰত ভৰালী আৰু শৰণীয়াই বিশেষ পৃষ্ঠপোষকতা লাভ কৰি দুগুণ উৎসাহেৰে নিজৰ প্রার্থিত্বৰ দাবীত নামি পৰিছে৷ এনে পৰিস্থিতিত মন্ত্রী ভট্টাচার্যৰ প্রার্থিত্বক লৈ সময় চমু চাপি অহাৰ লগে লগে উৎকণ্ঠা বৃদ্ধিহে পাইছে৷ আনকি এইবুলিও চর্চা হৈছে যে শেষ মুহূর্তত মন্ত্রী ভট্টাচার্যক দিছপুৰ সমষ্টিৰ পৰা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ প্রস্তাৱ দি ভৰালী নাইবা শৰণীয়াৰ মাজৰ যিকোনো এজনক পূব গুৱাহাটীৰ প্রার্থী হিচাপে প্রক্ষেপ কৰা হ’ব পাৰে৷

উল্লেখ্য যে ৫৩নং পূব গুৱাহাটী সমষ্টি ৰাজ্যৰ ভিতৰতে অন্যতম গুৰুত্বপূর্ণ আৰু সন্মানীয় সমষ্টি হিচাপে পৰিচিত৷ এনে এক ধাৰণা আছে যে পূব গুৱাহাটী সমষ্টিত যিটো দলৰ প্রার্থী জয়ী হয়, সেই দলটোৱেই চৰকাৰ গঠন কৰে৷ এনে পৰিস্থিতিত বিজেপিৰ সমান্তৰালভাৱে কংগ্রেছেও সমষ্টিটোৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে৷ কংগ্রেছতো পৰিলক্ষিত হৈছে গুৰুত্বপূর্ণ সমষ্টিটোত প্রার্থিত্বপ্রত্যাশীৰ ভিৰ৷ চাৰিজনকৈ কংগ্রেছী নেতাই প্রার্থিত্বৰ বাবে আবেদন কৰিছে কংগ্রেছৰ পৰা৷ ইয়াৰ ভিতৰত অন্যতম হ’ল দলৰ জ্যেষ্ঠ নেতা পংকজ বৰবৰা৷ তদুপৰি ৰঞ্জন বৰা, শান্তনু বৰা, কুশল শর্মা, অসীমা বৰদলৈয়েও প্রার্থিত্ব বিচাৰি সঘন প্রদেশ কংগ্রেছৰ শীর্ষ নেতাৰ সৈতে যোগাযোগ কৰি আছে৷ ইয়াৰ ভিতৰত দলৰ দুয়োজন জ্যেষ্ঠ নেতা পংকজ বৰবৰা আৰু ৰঞ্জন বৰাই নিজৰ স্থিতি শক্তিশালী কৰাৰ লগতে পার্থিত্বৰ বাবে কংগ্রেছৰ বিভিন্ন লবীৰ জৰিয়তে হাইকমাণ্ডৰ ওচৰত হেঁচা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷

RELATED ARTICLES