গুৱাহাটী: ক’ৰোনা বিভিষিকাৰ সমান্তৰালকৈ এতিয়া তিতাবৰৰ চাহ খেতিয়ক সকলৰ মাজত ভূতৰ ওপৰত দানহ পৰা দি সন্ত্ৰাস সৃষ্টি কৰিছে ‘লোপাৰ’ নামৰ এবিধ পোকে ।
নিশাৰ ভিতৰতে বিঘাই বিঘাই চাহ গছ খাই নিশেষ কৰিছে এই লোপাৰ পোকে ।
উপাইহীন হৈ মুৰে কপালে হাত দিছে ক্ষুদ্ৰ চাহ খেতিয়কে। তিতাবৰৰ উজনি আতাপাম অঞ্চলৰ চাহ বাগিছাসমূহত এই ঘটনা সংঘটিত হৈছে ।
বৃহত্তৰ অঞ্চলটোৰ প্ৰায় সকলো চাহ বাগিছাতে ‘লোপাৰ’ৰ ধ্বংসকাৰ্য অব্যাহত আছে ।
ক’ভিড মহামাৰীয়ে কোঙা কৰা অৰ্থনীতিৰ মাজতে ‘লোপাৰ’ৰ এনে সন্ত্ৰাসে বৰ্তমান তিতাবৰৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ মাজত তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰিছে ।