peepl-small

৫৩ লোকসহ ইণ্ডোনেছিয়াৰ নৌ সেনাৰ ছাবমেৰিন সন্ধানহীন

PUBLISHED:

গুৱাহাটীঃ  ইণ্ডোনেছিয়াৰ বালিৰ সমীপত নৌ সেনাবাহিনীৰ এখন ছাবমেৰিন সন্ধানহীন হৈছে৷ ৫৩জন লোকসহ ছাবমেৰিনখন সন্ধানহীন হোৱাৰ পিছতেই দেশখনৰ সেনাবাহিনীয়ে অভিযান আৰম্ভ কৰিছে৷

সেনাৰ মুৰব্বী হাডি টিজাজাণ্টৈয়ে প্রকাশ কৰা মতে কে আৰ আই নাংগালা ৪০২এ কালি প্রশিক্ষণ অনুশীলনত অংশগ্রহণ কৰিছিল৷ কিন্তু ইয়াৰ পিছতেই ছাবমেৰিনখন সন্ধানহীন হৈ পৰে৷ সেনাৰ মুৰব্বীগৰাকীয়ে পুনৰ কয়– দ্বীপ বালিৰ পৰা দক্ষিণে ৬৫ কিলোমিটাৰ নিলগৰ পানীত ছাবমেৰিনখন নিৰুদ্দেশ হৈছে৷

ইতিমধ্যে নৌ সেনাবাহিনীয়ে সমগ্র অঞ্চলটোত সন্ধানহীন ছাবমেৰিনখন উদ্ধাৰৰ বাবে অভিযান তীব্রতৰ কৰি তুলিছে৷ আনকি ছিংগাপুৰ আৰু অষ্ট্রেলিয়াৰ পৰাও দেশখনৰ সেনাই সহায় বিচাৰিছে৷ প্রশিক্ষণৰ সময়ত ছাবমেৰিনখন নিৰুদ্দেশ হোৱাৰ পিছত নৌবাহিনীয়ে অনুমান কৰা মতে ই সাগৰৰ ৭০০ মিটাৰ গভীৰত আছে। এতিয়াও ৫৩জন লোকেই সুৰক্ষিত থকা বুলি আশা কৰিছে দেশখনৰ নৌ বিভাগে।

RELATED ARTICLES