peepl-small

ব্রিটেইনৰ পৰা ৯০০ অক্সিজেন চিলিণ্ডাৰ আনিলে ভাৰতীয় বায়ুসেনাই

PUBLISHED:

গুৱাহাটী: ব্রিটিছ অক্সিজেন কোম্পানীয়ে আগবঢ়োৱা ৯০০ অক্সিজেন চিলিণ্ডাৰ ভাৰতলৈ আনিলে দেশৰ বায়ুসেনা বাহিনীয়ে৷ ভাৰতত অক্সিজেনৰ প্রচণ্ড নাটনিৰ বাবে শ শ ক’ভিড ৰোগীয়ে মৃত্যুক আঁকোৱালি লোৱাৰ পৰিপ্রেক্ষিতত ব্রিটিছ অক্সিজেন কোম্পানীয়ে ক’ভিড–১৯ যুঁজত সহায়ৰ বাবে ৫০০০ অক্সিজেন চিলিণ্ডাৰ যোগানৰ প্রস্তাৱ আগবঢ়াইছিল৷ সেই প্রস্তাৱৰ প্রথম কিস্তি হিচাপে ভাৰতীয় বায়ুসেনাই ৯০০ অক্সিজেন চিলিণ্ডাৰ দেশলৈ কঢ়িয়াই আনে৷

লণ্ডনস্থিত ভাৰতীয় উচ্চায়ুক্তই টুইটযোগে প্রকাশ কৰা মতে ব্রিটিছ কোম্পানীয়ে বিনামূলীয়াকৈ ভাৰতক ৫০০০ অক্সিজেন চিলিণ্ডাৰ (৪৬ লাখ লিটাৰ) আগবঢ়াইছে৷ ইয়াৰে প্রথম কিস্তি ভাৰতীয় বয়ুসেনাৰ বিমানে দেশলৈ কঢ়িয়াই নিছে৷ উল্লেখ্য যে দেওবাৰে গ্রেট ব্রিটেইনে ভাৰতক অতিৰিক্তকৈ ১০০০ ভেণ্টিলেটৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে৷

RELATED ARTICLES