peepl-small

জলবায়ু পৰিৱর্তনৰ যুঁজত বিশ্বৰ অগ্রণী দেশ ভাৰত

PUBLISHED:

গুৱাহাটীঃ  পৰিৱেশ সুৰক্ষাৰ কথা আহিলেই বিশ্বত এতিয়া ভাৰত এক উদাহৰণ হিচাপে চর্চিত হয়৷ জলবায়ু পৰিৱর্তনৰ যুঁজত বিশ্বৰ অগ্রণী দেশ ভাৰত৷ দেশে ৬–৭ বছৰৰ নৱীকৰণ শক্তিৰ ক্ষমতা ২৫০ শতাংশলৈ বৃদ্ধি কৰিছে৷ এই মন্তব্য প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷

কেন্দ্রীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন মন্ত্রালয় আৰু পেট্র’লিয়াম–প্রাকৃতিক গেছ মন্ত্রালয়ে আয়োজন কৰা বিশ্ব পৰিৱেশ দিৱস ভার্চুৱেলী সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে এই মন্তব্য আগবঢ়াই কয় যে আজি ভাৰতে বিশ্বৰ সন্মুখত এক উদাহৰণ দাঙি ধৰিবলৈ সক্ষম হৈছে৷ যেতিয়াই পৰিৱেশ সংৰক্ষণৰ বিষয়টো আহি পৰে৷

অর্থনীতি আৰু পৰিৱেশতন্ত্র একেলগে আগবাঢ়ি যাব পাৰে৷ এই পথটো ভাৰতে বাছি লৈছে৷ ২১ শতিকাৰ আধুনিক চিন্তা আৰু আধুনিক নীতিৰ জৰিয়তে কেৱল দেশে শক্তি লাভ কৰিব পাৰে৷ এই চিন্তাৰেই তেওঁৰ চৰকাৰে অহৰহ প্রতিটো খণ্ডত নীতি নির্ধাৰণ কৰি আহিছে৷ আন্তর্জাতিক সৌৰ গোটৰ দৃষ্টিভংগী এক সূর্য–এক পৃথিৱী–এক শক্তি লগত লৈ ভাৰতে আগবাঢ়ি গৈ আছে৷ জলবায়ু পৰিৱর্তনে অনা সকলো প্রত্যাহ্বানৰ সৈতে যুঁজিবলৈ ভাৰত সজাগ আৰু সাজু হৈ আছে৷

লক্ষণীয় যে আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ভাৰতে আন এক বৃহৎ পদক্ষেপ লোৱা বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ইথানল খণ্ডটোক বিকশিত কৰাৰ বাবে বিতং ৰেখাচিত্র মুকলি কৰা হৈছে৷ প্রত্যাশিত ই–১০০ পাইলট প্রজেক্ট উৎপাদন আৰু বিতৰণৰ প্রজেক্ট দেশৰ পুনেত এই প্রকল্পটোৰ মুকলি কৰা হৈছিল৷ এতিয়াৰে পৰা ২১ শতিকাৰ ভাৰতত ইথানলে অন্যতম প্রাধান্য লাভ কৰিব বুলি কয় প্রধানমন্ত্রীগৰাকীয়ে৷ এই বৈঠকত কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰি, নৰেন্দ্র সিং তোমৰ, পীয়ূষ গোৱেল, ধর্মেন্দ্র প্রধান, প্রকাশ জাভাড়েকাৰ উপস্থিত থাকে৷

RELATED ARTICLES