peepl-small

তলাতল ঘৰৰ চাৰিসীমাৰ ভিতৰত অবৈধ দখল, তলা লগাই প্ৰতিবাদ

PUBLISHED:

গুৱাহাটীঃ আহোম ৰাজশাসনৰ সম্পদসমূহৰ চৌহদত ব্যাপক বেদখল হোৱাক লৈ আজি প্ৰতিবাদমুখৰ হৈ পৰে শিৱসাগৰ।

বিশেষকৈ ঐতিহাসিক তলাতল ঘৰৰ চাৰিবেৰৰ ভিতৰবাহিৰত ইটোৰ পিছত সিটোকৈ গৃহ নিৰ্মাণ হোৱাক লৈ আজি প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম তাই আহোম ছাত্ৰ সন্থাৰ ৰংপুৰ আঞ্চলিক সমিতিয়ে।

চৰকাৰ তথা পুৰাতত্ত্ব বিভাগৰ নাকৰ তলতেই ব্যাপক হাৰত হোৱা অবৈধ নিৰ্মাণক লৈ আজি সংগঠনটোৱে তলাতল ঘৰৰ মূল দুৱাৰত তলা বন্ধ কৰি প্ৰতিবাদ কৰে।

উল্লেখ্য যে তলাতল ঘৰৰ চৌহদৰ চাৰিওফালে এটাৰ পিছত এটাকৈ নিৰ্মাণ হোৱা বাসগৃহক লৈ বিভিন্ন সংগঠনে পুৰাতত্ত্ব বিভাগ তথা চৰকাৰক অভিযোগ দি আহিছে যদিও আজিলৈকে কৰ্তৃপক্ষৰ ফালৰ পৰা এইক্ষেত্ৰত লোৱা নাই কোনো ব্যৱস্থা।

প্ৰতিবাদকাৰীৰ ভাষ্য মতে, জিলা প্ৰশাসনৰ লগতে পুৰাতত্ত্ব বিভাগক বাৰম্বাৰ জনোৱাৰ পিছতো তলাতল ঘৰৰ চাৰিবেৰত অবৈধ দখল ৰোধ কৰিব পৰা নাই।

গতিকে আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ পিছত যদি কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে পৰৱৰ্তী সময়ত ব্যাপক আন্দোলন কৰিব

RELATED ARTICLES