peepl-small

দালালক ৫ হাজাৰকৈ টকা দি ত্রিপুৰাৰে অসমত প্রৱেশ বাংলাদেশীৰ,গুৱাহাটীত গ্ৰেপ্তাৰ

PUBLISHED:

গুৱাহাটী: মহানগৰীৰ মাজমজিয়াত মুকলিভাৱে ঘূৰি ফুৰা চাৰিজন বাংলাদেশী যুৱকক হাতীগাঁও আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ পাঁচ হাজাৰ টকাৰ বিনিময়ত ত্রিপুৰাৰ মধুবন সীমান্তৰে অবৈধভাৱে ভাৰতত প্রৱেশ কৰা যুৱককেইজন ক্রমে বাংলাদেশৰ বৰিসাল জিলাৰ কমলপুৰ গাঁৱৰ মহম্মদ বাপ্পি বেপাৰী (২২), কাইটমাৰা গাঁৱৰ মহম্মদ ফয়জল খান (১৯), চান্দপুৰ জিলাৰ বহিৰগ্রাম গাঁৱৰ মহম্মদ সুৰত মাঝি (২৩) আৰু বৰিসাল জিলাৰ কাইটমাৰা গাঁৱৰ মহম্মদ ৰাইফত খান (২১)৷

হাতীগাঁও আৰক্ষী সূত্রই জনোৱা মতে, যোৱা ২৫ জানুৱাৰীৰ নিশা বাংলাদেশী যুৱককেইজনে ত্রিপুৰাৰ পৰা নৈশ বাছেৰে গুৱাহাটী মহানগৰীৰ বেতকুছিস্থিত আন্তঃৰাজ্যিক বাছ আস্থানলৈ আহে৷ বাছ আস্থানৰ পৰা পোনে পোনে যুৱককেইজনে হাতীগাঁৱত উপস্থিত হৈ নিশা প্রায় ১ বজাত মুকলিভাৱে ঘূৰি ফুৰিছিল৷

হাতীগাঁৱৰ টহলদাৰী আৰক্ষীয়ে সন্দেহবশতঃ যুৱককেইজনক সোধা–পোছা কৰাত তেওঁলোকে বাংলাদেশৰ পৰা অহা বুলি স্বীকাৰোক্তি দিয়ে৷ ধৃত বাংলাদেশী যুৱককেইজনৰ স্বীকাৰোক্তি মতে ত্রিপুৰাৰ সঞ্জু ওৰফে ৰশিদ আলী নামৰ দালাল এজনে যুৱককেইজনক ভাৰতত চাকৰি দিয়াৰ প্রলোভনেৰে বাংলাদেশৰ পৰা অবৈধভাৱে লৈ আহিছিল৷

গাইপতি পাঁচ হাজাৰকৈ টকা লোৱাৰ বিনিময়ত দালালটোৱে যুৱককেইজনক অবৈধভাৱে কাঁটাতাঁৰৰ বেৰ পাৰ কৰি দিয়া বুলি যুৱককেইজনে আৰক্ষীৰ আগত স্বীকাৰোক্তি দিছে৷ কিন্তু সীমান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকাৰ পাছতো বি এছ এফৰ জোৱানৰ চকুত ধূলি দি যুৱককেইজনে কিদৰে সীমান্ত অতিক্রম কৰি ভাৰতত প্রৱেশ কৰিব পাৰিলে সেয়া এক সাঁথৰ৷

অৱশ্যে যুৱককেইজনক চাকৰিৰ প্রলোভনেৰে বাংলাদেশৰ পৰা লৈ অহা দালালটোক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিব পৰা নাই৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে হাতীগাঁও থানাত ফৰেনাৰ এক্টৰ ১৪ (এ)/বি আৰু পাছপোর্ট এক্টৰ ১২/১৩ ধাৰাত হাতীগাঁও থানাত ৭৭/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি আজি ধৃত বাংলাদেশী যুৱককেইজনক আদালতত হাজিৰ কৰে৷ আদালতে শুনানি গ্রহণ কৰি যুৱককেইজনক তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰিছে৷ সম্প্রতি হাতীগাঁও আৰক্ষীয়ে বিদেশী যুৱককেইজনক জেৰা অব্যাহত ৰাখিছে৷

RELATED ARTICLES