peepl-small

ক’ভিড সংক্রমণ ১ শতাংশলৈ হ্রাস পালেই হ’ব মেট্রিক–উচ্চতৰ মাধ্যমিক পৰীক্ষা

PUBLISHED:

গুৱাহাটীঃ চি বি এছ ইয়ে মেট্রিক–দ্বাদশ শ্রেণীৰ চূড়ান্ত পৰীক্ষা বাতিল কৰিলেও অসমে মেট্রিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰিব৷ ৰাজ্যখনৰ ক’ভিড পৰিস্থিতিৰ উপশম ঘটিলেই, সংক্রমণৰ সংখ্যা ১ শতাংশলৈ নামিলেই ছেবা আৰু অসম মাধ্যমিক শিক্ষা সংসদে মেট্রিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰিব৷

শনিবাৰে গুৱাহাটীত এখন সংবাদ মেলত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই কথা প্রকাশ কৰে৷ সংবাদ মেলখনত শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে অসম চৰকাৰে মেট্রিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ পক্ষত আছে৷ পৰীক্ষা বাতিল কৰিলে সমস্যাৰ সমাধান নহয়৷ বৰং নতুন সমস্যা উদ্ভৱহে হয়৷ বহুতৰে বাবে মেট্রিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল গুৰুত্বপূর্ণ৷ চিকিৎসক, অভিযন্তা হোৱাৰ বাবে প্রৱেশ পৰীক্ষাত উত্তীর্ণ হৈ নামভর্তি কৰিবলগীয়াসকলৰ বাবে মেট্রিক–উচ্চতৰ মাধ্যমিকৰ ফলাফল গুৰুত্বপূর্ণ নহয়৷ কিন্তু টেটত অৱতীর্ণ হৈ শিক্ষকৰ চাকৰিৰ বাবে আবেদন কৰিবলগীয়াসকলৰ বাবে মেট্রিক, উচ্চতৰ মাধ্যমিকৰ নম্বৰ গুৰুত্বপূর্ণ৷ ৰাজ্যিক পর্যায়ত নিজৰ কেৰিয়াৰ আগবঢ়াই লৈ যাব বিচৰাসকলৰ বাবেও মেট্রিক–উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল গুৰুত্বপূর্ণ৷ সেয়ে চৰকাৰে মেট্রিক, উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰাৰ পক্ষত আছে৷ ইয়াৰ বাবে চৰকাৰে আপ্রাণ চেষ্টা চলাই আছে, যাতে ক’ভিড পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ আনিব পাৰি৷ ক’ভিড পৰিস্থিতি যেতিয়াই উন্নত হ’ব, তেতিয়াই পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিব৷

অৱশ্যে কোন সময়ত ক’ভিড পৰিস্থিতি উন্নত হ’ব, সেই তাৰিখ কোনেও ক’ব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে সম্প্রতি যিটো ধাৰা দেখা গৈছে, সেই অনুসৰি অচিৰেই ক’ভিড পৰিস্থিতিৰ উন্নতি ঘটিব বুলি আশা কৰা হৈছে৷ পজিটিভিটীৰ হাৰ ইতিমধ্যে ১০ শতাংশৰ পৰা নামি আহি ৪ শতাংশৰ আশে–পাশে আছে৷ কিছু জিলাত পজিটিভিটীৰ হাৰ ২ শতাংশলৈও আহিছে৷ ৰাজ্যখনত পজিটিভিটীৰ হাৰ ১ শতাংশলৈ নামিলেই পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হ’ব৷ তাৰ বাবে শিক্ষা বিভাগ সষ্টম হৈ আছে৷

সংবাদ মেলখনত শিক্ষামন্ত্রী ডাঃ পেগুৱে পৰম্পৰাগতভাৱে হোৱাৰ দৰে এইবাৰ মেট্রিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত নহয় বুলি স্পষ্ট কৰি দি তেওঁ কয় যে বিষয় সংকুচিত কৰি, সময় সংকুচিত কৰি, দিন সংকুচিত কৰি এইবাৰ পৰীক্ষা অনুষ্ঠিত হ’ব পাৰে৷ এই সম্পর্কত অৱশ্যে এতিয়াও সিদ্ধান্ত লোৱা নাই৷ অনাগত দিনত বিভিন্ন সংগঠন, শিক্ষাবিদ, বুদ্ধিজীৱী আদিকে ধৰি সকলোৰে লগত আলোচনা কৰি এই বিষয়ত সিদ্ধান্ত লোৱা হ’ব৷ ইফালে শিক্ষামন্ত্রী ডাঃ পেগুৱে আজি গুৱাহাটী বিশ্ববিদ্যালয়ত উপস্থিত হৈ বিশ্ববিদ্যালয়খনৰ উপাচার্য প্রতাপজ্যোতি সন্দিকৈৰ সৈতে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে৷

ৰাজ্যখনৰ সাম্প্রতিক শৈক্ষিক দিশকে ধৰি নতুন শিক্ষা নীতি অনুসৰি সংস্কাৰ সাধন কৰিবলগীয়া অঞ্চল চিনাক্তকৰণৰ ক্ষেত্রত বিশ্ববিদ্যালয়খনে বিশেষ ভূমিকা ল’ব বুলি আশা প্রকাশ কৰে৷ আলোচনা কালত উপাচার্য সন্দিকৈয়ে বিশ্ববিদ্যালয়খনৰ শৈক্ষিক আৰু বিত্তীয় অৱস্থিতি সম্পর্কে শিক্ষামন্ত্রীগৰাকীক অৱগত কৰাৰ লগতে এইক্ষেত্রত তেওঁলোকৰ অভাৱ–ভিযোগৰ বিষয়ে উল্লেখ কৰে৷

RELATED ARTICLES