peepl-small

হিমন্ত বিশ্ব শৰ্মাৰে মোৰ ভাল সম্পৰ্ক, বুজাবুজিৰে পৰস্পৰক গালি পাৰোঁ: হাগ্ৰামা মহিলাৰী

PUBLISHED:

গুৱাহাটীঃ “ড০ হিমন্ত বিশ্ব শৰ্মা আৰু মোৰ মাজত ভাল বুজাবুজি আছে। এই বুজাবুজিৰ মাজেদি আমি নিৰ্বাচনী সভাত পৰস্পৰে পৰস্পৰক সমালোচনা কৰোঁ।”—এই মন্তব্য বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ ।

স্বভাৱসুলভ ৰসিকতাৰে হাগ্ৰামা মহিলাৰীয়ে কয় যে কোনো সভাত হিমন্ত বিশ্ব শৰ্মাই তেওঁক গালি পাৰিলে, পৰৱৰ্তী দুখন সভাত হাগ্ৰামাই ড০ শৰ্মাক গালি পাৰে । এয়া বুজাবুজিৰহে গালি ।

“হিমন্ত বিশ্ব শৰ্মা আৰু মোৰ কাজিয়া বুজাবুজিৰ কাজিয়া । আজি তেওঁ হৰিশিঙা, ধনশ্ৰীত মোক গালি পাৰিব, কাইলৈ মই তেওঁক গালি পাৰিম । আমাৰ বুজাবুজি।” এনেদৰে কয় বিপিএফ নেতাগৰাকীয়ে ।

তদুপৰি তেওঁ সহায় কৰিলেহে বিটিচিৰ দুখন আসনত বিজেপিয়ে জয়লাভ কৰিব বুলি মন্তব্য কৰে মহিলাৰীয়ে ।

ইংৰাজীত পঢ়ক:
I HAVE RAPPORT WITH HIMANTA BISWA SARMA, WE ATTACK WITH UNDERSTANDING: HAGRAMA MOHILARY 

  

RELATED ARTICLES