peepl-small

মুখ্যমন্ত্ৰী পদৰ বাবে নিজকে উপযুক্ত বুলি দাবী ৰিপুণ বৰাৰ

PUBLISHED:

গুৱাহাটীঃ অসমৰ মুখ্যমন্ত্ৰী পদৰ বাবে নিজকে উপযুক্ত বুলি দাবী কৰিছে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ৰিপুণ বৰাই।

মুখ্যমন্ত্ৰী পদৰ বাবে তেওঁৰ নাম ওলোৱা প্ৰসংগত সোমবাৰে সাংবাদিকৰ আগত বৰাই কয়—”নাম কিয় নোলাব। মই কংগ্ৰেছ দলৰ সভাপতি হিচাপে দলটোক পাঁচটা বছৰে যিধৰণে আগুৱাই নিছোঁ, সেইপিনৰ পৰা নাম ওলাব। মইতো অনুপযুক্ত নহয়।”

ইপিনে কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটে চৰকাৰ গঠন কৰিব বুলি আত্মপ্ৰত্যয় প্ৰকাশ কৰে সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। মহাজোঁটে বিপুলভাৱে সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি দাবী কৰে বৰাই।

RELATED ARTICLES