peepl-small

হায়দৰাবাদৰ এনআইএফটিত উজলিল প্রিয়মা বৰপূজাৰী

PUBLISHED:

গুৱাহাটী: হায়দৰাবাদস্থিত নেচনেল ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজীত দুটাকৈ বঁটা লাভ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছে গুৱাহাটীৰ জু–ৰোড তিনিআলিৰ এগৰাকী শিক্ষার্থীয়ে৷ প্রিয়মা বৰপূজাৰী নামৰ এইগৰাকী শিক্ষার্থীয়ে তেওঁৰ দীর্ঘদিনীয়া প্রচেষ্টাৰ ফলস্বৰূপে আগবঢ়োৱা ‘ফলেপ’ শীর্ষক প্রকল্পৰ বাবে প্রতিষ্ঠানখনৰ পৰা এই বঁটা লাভ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে বিশ্বৰ বজাৰত বহুল সমাদৃত ‘চাহ’ক চিংফৌসকলে আৱিষ্কাৰ কৰাৰ সময়ত ফলেপ বুলি কোৱা হৈছিল ৷

এই ফলেপ বিষয়ত কৰা গৱেষণাৰ বাবে তেওঁ অসমীয়া শিপিনীৰ হাতৰ কলা–কৌশল প্রত্যক্ষ কৰি, তাঁত বৈ, শালত তৈয়াৰ কৰা চানেকিৰ মাধ্যমত চাহপাতৰ পৰা ৰং প্রস্তুত কৰি বিভিন্ন সাজ–পাৰ তৈয়াৰ কৰি প্রদর্শন কৰে৷ এই প্রদর্শনৰ ওপৰত ভিত্তি কৰি ফেশ্বন টেকন’লজীৰ শিক্ষানুষ্ঠানখনত দেশৰ মাননীয় প্রধানমন্ত্রীৰ মুখ্য উপদেষ্টা ভাস্কৰ কুলবিৰ উপস্থিতিত অলপতে অনুষ্ঠিত এক মনোজ্ঞ অনুষ্ঠানত শিক্ষার্থীগৰাকীক বঁটা প্রদান কৰে৷ তেওঁ লাভ কৰা বঁটা দুটা আছিল ক্রমে ‘ম’ষ্ট ক্রিয়েটিভ এণ্ড ইন’ভেটিভ ডিজাইন কালেকচন’ আৰু ‘বেষ্ট য়ুজ অৱ ড্রেডিচনেল স্কিলছ ইন কনটেম্প’ৰেৰী ষ্টাইলিং’৷ উল্লেখ্য যে প্রকল্প যুগুতৰ ক্ষেত্রত শিক্ষার্থীগৰাকীক ‘নেডফি’য়ে সহায়–সহযোগিতা আগবঢ়াইছিল৷ প্রিয়মা বৰপূজাৰী বিশিষ্ট চিত্রশিল্পী ননী বৰপূজাৰী আৰু অনিতা বৰপূজাৰীৰ কন্যা ৷

RELATED ARTICLES

RECENT ARTICLES