peepl-small

হায়দৰাবাদৰ এটা মছজিদ হৈ পৰিল ক’ভিড কেয়াৰ চেণ্টাৰ

PUBLISHED:

গুৱাহাটীঃ মানৱতাতকৈ ঊৰ্ধত কোনো ধৰ্ম নাই। সেই কথাকে প্ৰতীয়মান কৰিলে হায়দৰাবাদৰ এটা মছজিদে।

‘The Indian Express’-ত প্ৰকাশিত এটা বাতৰি অনুসৰি হায়দৰাবাদৰ ৰাজেন্দ্ৰ নগৰৰ এটা মছজিদৰ চৌহদক সম্পূৰ্ণৰূপে ক’ভিড আইচ’লেচন চেণ্টাৰলৈ ৰূপান্তৰিত কৰা হৈছে।

স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত মছজিদ-ই-মুহাম্মাদীৰ সংলগ্ন দুমহলীয়া অট্টালিকা এটাত ব্যৱস্থা কৰা হৈছে ৪০খন বিছনাযুক্ত এই ক’ভিড কেয়াৰ চেণ্টাৰ। কেন্দ্ৰটোত অক্সিজেন বিছনাৰ লগতে ক’ভিড চিকিৎসাৰ বাবে অত্যাধুনিক সা-সুবিধা উপলব্ধ।

আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকক সহায় কৰাৰ বাবে ৭৫ লাখ টকাৰ বাজেটেৰে ‘হেল্পিং হেণ্ডছ্’ ‘ৰটাৰী ক্লাব’ আৰু ‘SEED’ নামৰ সংস্থাটোৱে এই কেন্দ্ৰটো আৰম্ভ কৰিছে। কেন্দ্ৰটোত সম্পূৰ্ণ বিনামূলীয়াকৈ চিকিৎসা আৰু খোৱা-লোৱাৰ সুবিধা প্ৰদান কৰা হৈছে।

RELATED ARTICLES