peepl-small

একেদিনাই ক’ভিডত প্রাণ গ’ল ডিগবৈৰ স্বামী–স্ত্রীৰ

PUBLISHED:

গুৱাহাটী:  সমগ্র দেশতে সংহাৰ অব্যাহত থকা মহামাৰী ক’ৰোনাত আক্রান্ত হৈ একেদিনাই ডিব্রুগডত মৃত্যু হ’ল ঢকুৱাখনাৰ আমকটীয়া গাঁৱৰ দুদুল মোহন বৰুৱা (৫১) আৰু মীৰা ওজা বৰুৱা (৪৫) নামৰ এহাল স্বামী–স্ত্রীৰ৷ অকালতে নিঠৰুৱা হৈ পৰিল তেওঁলোকৰ ১৩ বছৰীয়া একমাত্র সন্তান৷ এই খবৰ ঢকুৱাখনাত বিয়পি পৰাৰ লগে লগে ঢ়কুৱাখনাত গভীৰ শোকৰ ছাঁ পৰিছে৷ দুদুল মোহন বৰুৱা এসময়ত ঢকুৱাখনাৰ এজন সুদক্ষ ফুটবল খেলুৱৈ আছিল৷

উল্লেখ্য যে ঢকুৱাখনাৰ আমকটীয়া গাঁৱৰ দুদুল মোহন বৰুৱাই কর্মসূত্রে দীর্ঘদিন ডিগবৈত বাস কৰিছিল৷ তেওঁ ডিগবৈ তেল শোধনাগাৰৰ অধীনৰ এটা কোম্পানীত অস্থায়ী ইলেক্ট্রিচিয়ান ৰূপে কর্মৰত হৈ পত্নী মীৰা ওজা বৰুৱা আৰু একমাত্র সন্তান নয়নকৃষ্ণ বৰুৱা (১৩)ৰ সৈতে এটা ভাৰাঘৰত বাস কৰিছিল ৰামনগৰত৷ প্রথমে ক’ভিড ভেকচিন ল’বলৈ যোৱা দুদুল মোহন বৰুৱাই ভেকচিন লোৱাৰ পূর্বেই স্বাস্থ্য বিভাগৰ লোকে কৰা পৰীক্ষাত তেওঁ ক’ভিড পজিটিভ হয়৷ তেতিয়াই তেওঁক ডিব্রুগড়ৰ বিশেষ ক’ভিড হাস্পতাললৈ প্রেৰণ কৰা হয়৷ পৰৱর্তী সময়ত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত আই বি ইউ কক্ষৰ বেড নং ১২ত ভর্তি কৰোৱা হয় যদিও ২৭ জুনৰ বিয়লি দুদুল মোহন বৰুৱাৰ মৃত্যু হয়৷

ইফালে স্বামী দুদুলক ক’ভিড কেয়াৰ চেণ্টাৰত ভর্তি কৰাৰ দুদিনমান পাছতেই পত্নী মীৰা ওজা বৰুৱাৰ দেহতো ক’ভিড সংক্রমণ হোৱাত তেওঁকো অসম বিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন ৱার্ডৰ আই বি ইউৰ বেড নং–২ত ভর্তি কৰোৱা হৈছিল৷ ২৭ জুনৰ দিনৰ ১মান বজাত মীৰাৰো মৃত্যু হয়৷ একেদিনাই দুই স্বামী–স্ত্রীৰ প্রাণ ল’লে মহামাৰী ক’ভিডে৷ পিতৃ–মাতৃক ক’ভিডৰ বাবে একে সময়তে হেৰুৱাই বেদনাত মুক হৈ পৰিছে নিঠৰুৱা সন্তান ১৩ বছৰীয়া নয়নকৃষ্ণ বৰুৱা৷ সম্প্রতি টেঙাখাতৰ মোমায়েকৰ ঘৰত থকা শিশুটিৰ ভৱিষ্যতক লৈ গভীৰ চিন্তাত পৰিছে আত্মীয়সকল৷
ক’ভিডত আক্রান্ত ২,৬৮৯

ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্রমণ৷ সোমবাৰে নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ২,৬৮৯জন লোক৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ২৭৮জন গোলাঘাট জিলাৰ৷ তদুপৰি শোণিতপুৰৰ ২২৮জন, যোৰহাটৰ ১৭৮জন আৰু কামৰূপ মহানগৰৰ ১৬৪জন লোক নতুনকৈ পজিটিভ হৈছে৷ বিগত ২৪ ঘণ্টাত মুঠ ১,৩৩,৫৪৩টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তৰ হাৰ হৈছে ২.০১ শতাংশ৷ আজি ক’ভিডৰ পৰা সুস্থ হৈছে ৩,৩৯৪জন লোক৷ সম্প্রতি চিকিৎসাধীন হৈ আছে ২৫,০৪৩জন লোক৷ ইপিনে, ক’ভিডত আক্রান্ত হৈ প্রাণ হেৰুৱাইছে ৪২জন লোকে৷ ইয়াৰে সর্বাধিক ৬জন শোণিতপুৰ জিলাৰ৷ তদুপৰি কামৰূপ মহানগৰ জিলাৰ চাৰিজন, যোৰহাট–লখিমপুৰ– তিনিজনকৈ লোক, বাক্সা–বৰপেটা–গোৱাল্ দুজনকৈ আৰু বিশ্বনাথ–কাছাৰ–দৰ্ আংলং–কৰিমগঞ্জ–ম আৰু শিৱসাগৰৰ এজনকৈ লোকৰ ক’ভিডত মৃত্যু হৈছে৷ আনহাতে, বর্ধিত টিকাকৰণ অভিযানৰ অধীনত আজি ৰাজ্যত ১,১৮,৩৮৬জন লোকক প্রদান কৰা হৈছে ক’ভিড ভেকচিন৷

RELATED ARTICLES