peepl-small

আজি মেট্রিক উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ চূড়ান্ত সিদ্ধান্ত

PUBLISHED:

গুৱাহাটী: চলিত বর্ষত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ’ব নে নহয়, সেই সন্দর্ভত আজি গ্রহণ কৰা হ’ব চূড়ান্ত সিদ্ধান্ত৷ আজি বিয়লি জনতা ভৱনৰ বিত্ত বিভাগৰ সভাকক্ষত অনুষ্ঠিত হ’বলগীয়া বৈঠকতে শেষ সিদ্ধান্ত লোৱা হ’ব বুলি শিক্ষা বিভাগৰ সূত্রই সদৰী কৰিছে৷ সিদ্ধান্ত গ্রহণৰ বাবে বিয়লি ৩ বজাত এই বৈঠকৰ আহ্বান জনোৱা হৈছে৷

গুৰুত্বপূর্ণ বৈঠকখনত স্বাস্থ্য, শিক্ষা, সমাজ কল্যাণ, পৰিবহণ বিভাগৰ প্রধান সচিব, অসম সাহিত্য সভা, বড়ো সাহিত্য সভা, সদৌ অসম ছাত্র সন্থা, নিখিল বড়ো ছাত্র সন্থাৰ নেতৃত্ব, মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী বিষয়া, চি বি এছ ইৰ আঞ্চলিক প্রবন্ধক, মাধ্যমিক শিক্ষা পৰিষদ, উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বিষয়ববীয়া, কামৰূপ, কামৰূপ (ম), নগাঁও, মৰিগাঁও জিলাৰ উপায়ুক্ত, মাধ্যমিক শিক্ষাৰ সঞ্চালক, কামৰূপ (ম), মৰিগাঁও, গোৱালপাৰাৰ বিদ্যালয় পৰিদর্শক, ৰাজ্যিক শিক্ষা পৰিষদৰ সাধাৰণ সম্পাদক পৱিত্রপ্রাণ ভট্টাচার্য, মাধ্যমিক শিক্ষা আৰু কর্মচাৰী সন্থাৰ সভাপতি ভুবনেশ্বৰ নাথ, সম্পাদক গোবিন্দ চন্দ্র কলিতা উপস্থিত থাকিব৷

উল্লেখ্য যে মেট্রিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা সন্দর্ভত ৰাজ্য চৰকাৰে এতিয়াও স্থিৰ সিদ্ধান্ত গ্রহণ কৰিব পৰা নাই৷ বিভিন্ন বিভাগ, সংগঠনৰে ধাৰাবাহিক আলোচনা কৰিও শিক্ষা বিভাগ সমাধানসূত্র উলিওৱাত ব্যর্থ হৈছে৷ তাৰ মাজতে অসম মন্ত্রীসভাই পৰীক্ষা বাতিল কৰাৰ পক্ষত মত পোষণ কৰিছে৷ স্বাভাৱিকতে চৰকাৰৰ পৰা সঠিক সিদ্ধান্ত নোপোৱাত লাখ লাখ শিক্ষার্থী দোমোজাত পৰিছে৷ এনে পৰিস্থিতিত কাইলৈৰ বৈঠকৰ সিদ্ধান্তলৈ উৎকণ্ঠাৰে বাট চাইছে ছাত্র–ছাত্রী আৰু অভিভাৱকসকলে৷

ইফালে, পৰীক্ষা সন্দর্ভত ছাত্র–ছাত্রীয়ে ন্যায় পাব পৰাকৈ শীঘ্রেই সিদ্ধান্ত ল’বলৈ চৰকাৰক দাবী জনাইছে আছুৱে৷ সদৌ অসম ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এক প্রেছ বিজ্ঞপ্তিযোগে কয়– ‘আছুৱে আৰম্ভণিৰ পৰাই দাবী জনাই আহিছোঁ যে ছাত্র–ছাত্রীৰ শিক্ষাবর্ষ নষ্ট নোহোৱাকৈ আৰু স্বাস্থ্যৰ প্রতি ভাবুকি নহাকৈ পৰীক্ষা সন্দর্ভত সিদ্ধান্ত ল’ব লাগে৷ ছেবা, কাউন্সিল আৰু চৰকাৰৰ লগত হোৱা আলোচনাতো দেশৰ অন্যান্য ব’ডৰ দৰে পৰীক্ষা নপতাকৈ মূল্যায়নৰ কিবা বিকল্প আছে নেকি ছাত্র সন্থাই সেই সন্দর্ভত অধ্যয়নৰ পোষকতা কৰিছিলোঁ৷ কিন্তু সেই সময়ত পৰীক্ষা অবিহনে মূল্যায়নৰ কোনো পদ্ধতিয়েই ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ওচৰত নাই বুলি কোৱাত সংকুচিত বিষয়ৰে পৰীক্ষা পতাৰ কথা চলিছিল৷ এতিয়া পুনৰ স্বাস্থ্য বিভাগৰ পৰামর্শমতে পৰীক্ষা অনুষ্ঠিত নকৰাৰ বাতাৱৰণ সৃষ্টি হৈছে৷ পৰীক্ষা হ’ব, নহ’ব, কিদৰে হ’ব এই সন্দর্ভত সঘনাই হৈ থকা স্থিতিৰ পৰিৱর্তনে ছাত্র–ছাত্রী তথা অভিভাৱক–ভিভাৱিকা মানসিক অশান্তি দিছে৷ তেওঁলোকে শংকাৰ মাজত দিন কটাইছে৷ চৰকাৰে আৰু পলম নকৰি সকলোৰে গ্রহণযোগ্য এটা সিদ্ধান্ত ঘোষণা কৰিব লাগে৷ পৰীক্ষা নপতাকৈ কিদৰে মূল্যায়ন কৰা হ’ব, সেই সন্দর্ভত স্বচ্ছ আৰু স্পষ্ট নির্দেশনাৱলী প্রকাশ কৰিব লাগে৷

তদুপৰি পূর্বতে পৰীক্ষাত বিফল হৈ পুনৰ পৰীক্ষাত বহা লক্ষাধিক ছাত্র–ছাত্রীৰ বাবে পৰীক্ষা নপতাকৈ মূল্যায়নৰ কি ব্যৱস্থা কৰিব, সেই সন্দর্ভতো চৰকাৰৰ স্পষ্ট নীতি থকাটো দৰকাৰ৷ এতিয়া ঘৰে ঘৰে গৈ প্রশ্ণকাকত দিয়াৰ আর্হি এটাৰ কথাও চর্চালৈ আহিছে৷ এনে সোপাঢ়িলা পদ্ধতিৰে মেধাৰ মূল্যায়ন অসম্ভৱ৷ অসমৰ শিক্ষা বিভাগেও চি বি এছ ইৰ দৰে পূর্বৰ পৰীক্ষাৰ নম্বৰৰ ভিত্তিত মূল্যায়নৰ বিকল্প ব্যৱস্থাৰ সন্ধান কৰাহে উচিত৷’

RELATED ARTICLES