peepl-small

সকলো দিশ বিবেচনা কৰিহে মেট্রিক উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ সিদ্ধান্ত

PUBLISHED:

গুৱাহাটী: কেন্দ্রীয় চৰকাৰে ইতিমধ্যে সমগ্র দেশত চি বি এছ ইৰ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ খোদ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ হস্তক্ষেপতেই বাতিল কৰা হৈছে চি বি এছ ইৰ দ্বাদশ শ্রেণীৰ পৰীক্ষা৷ পিছে অসমত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰা হ’ব নে নাই, তাক লৈ এতিয়াও অনিশ্চয়তাই বিৰাজ কৰিছে৷ ইয়াক কেন্দ্র কৰি শিক্ষার্থী–ভিভাৱকৰ জল্পনা–কল্পনা অব্যাহত থকাৰ মাজতে নতুন দিল্লীত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি এক তাৎপর্যপূর্ণ মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হৈছে৷

দিল্লীৰ আছাম হাউছত এখন সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রধানমন্ত্রী মোদীয়ে গ্রহণ কৰা সিদ্ধান্তৰ আমি বিৰোধিতা কৰিব নোৱাৰোঁ৷ পিছে অসমৰ ছাত্র–ছাত্রীসকলৰ বিষয়টো যে কিছু সুকীয়া৷ চি বি এছ ইয়ে আভ্যন্তৰীণ মূল্যায়নৰ ভিত্তিত ছাত্র–ছাত্রীসকলৰ মূল্যাংকন কৰিব৷ পিছে অসমত আভ্যন্তৰীণ মূল্যায়নৰ কোনো ব্যৱস্থা নাই৷ কেৱল উত্তীর্ণ বুলি আমি প্রমাণ–পত্র দিব পাৰোঁ৷ তেনে ক্ষেত্রত অসমৰ ছাত্র–ছাত্রীয়ে চিকিৎসা বিজ্ঞান–অভিযান্ত্রিকৰ্ প্রৱেশ পৰীক্ষাত বহিব নোৱাৰিব৷ কাৰণ প্রৱেশ পৰীক্ষাত বহিবলৈ হ’লে কমেও ৫০ শতাংশ নম্বৰ লাভ কৰাটো বাধ্যতামূলক৷ সেয়েহে চি বি এছ ইয়ে অনাগত দিনত এইক্ষেত্রত কি গাইডলাইন জাৰি কৰে, সেয়া আমি চাব লাগিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ মেলত মন্তব্য কৰে৷ ব্যৱহাৰিক সকলো দিশ বিবেচনা কৰিহে এইক্ষেত্রত আমি চূডান্ত সিদ্ধান্ত গ্রহণ কৰিব পাৰিম বুলি মুখ্যমন্ত্রীয়ে আজিৰ সংবাদ মেলত মত ব্যক্ত কৰে৷

কাগজ কল পুনৰুজ্জীৱিত কৰাৰ পূর্বে কর্মচাৰীৰ বকেয়া দৰমহা আদায়তহে দিয়া হ’ব গুৰুত্ব

নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ কেইবাটাও পৰিকল্পনা আছে৷ কেনেকৈ কাগজ কল দুটা চলাব পাৰি তাৰ বাবে সংশ্লিষ্ট পর্যায়ত আলোচনা কৰা হ’ব৷ –হিন্দুস্তান পেপাৰ কর্প’ৰেচনৰ অধীনত থকা কাগজ কল দুটা নিলামৰ বাবে শেহতীয়াকৈ জাৰি কৰা বিজ্ঞপ্তি সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি এই মন্তব্য আগবঢ়াইছে৷ মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা মতে কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ পূর্বে ইয়াৰ বিষয়া–কর্মচাৰীসক বকেয়া দৰমহা কেনেকৈ প্রদান কৰিব পাৰি তাৰ বাবেই প্রাৰম্ভিকভাৱে গুৰুত্ব প্রদান কৰা হ’ব আৰু তাৰ পাছতহে কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ কথা ভবা হ’ব৷ নতুন দিল্লীৰ আছাম হাউছত সম্বোধন কৰা সংবাদ মেলত মুখ্যমন্ত্রী ড০ শর্মাৰ বক্তব্য– কাগজ কল দুটা যি পৰিস্থিতিত আছে তাৰ পৰা পুনৰ কাগজ উৎপাদন কৰা সম্ভৱ বুলি আমি নাভাবোঁ৷ পিছে এইক্ষেত্রত তেওঁৰ কিছুমান ‘আইডিয়া’ আছে আৰু ইয়াৰ বাবে আলোচনা কৰা হ’ব বুলি তেওঁ আশাৰ বতৰা দিয়ে৷ আনহাতে, নিলামৰ বাবে বিজ্ঞপ্তি ওলায়ে থাকে বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড০ শর্মাৰ প্রশ্ণ– কোনে ১,২০০ কোটি টকা দি কাগজ কল দুটা কিনিব আহিব? আৰু যদি কোনোবা আহে তেনেহ’লে অসম চৰকাৰে সংশ্লিষ্ট পক্ষৰ সৈতে লগলাগি কাগজ কল দুটা কার্যক্ষম কৰি তুলিব৷ ‘কোনোবাই কাগজ কল দুটা কিনিব আহিলে মই ফুলাম গামোচা লৈ তেওঁক আদৰণি জনাবলৈ যাম৷’–মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ মেলত এনেদৰে কয়৷

RELATED ARTICLES