peepl-small

অ’এনজিচিৰ ৩ বিষয়া–কর্মচাৰীক অপহৰণঃ কিদৰে সংঘটিত হৈছিল অপহৰণ কাণ্ড

PUBLISHED:

গুৱাহাটীঃ পূর্বৰ দৰে মঙলবাৰে নিশা সংশ্লিষ্ট ৰিগটোত অ’এনজিচিৰ ৯গৰাকী বিষয়া–কর্মচাৰী আৰু অসম গৃহৰক্ষী বাহিনীৰ অস্ত্রধাৰী দুই জোৱান ক্রমে জিতু গগৈ আৰু প্রাঞ্জল খনিকৰে দায়িত্ব সম্পাদন কৰি থকাৰ সময়তে নিশা প্রায় ১.১০ বজাত উক্ত স্থানত উপস্থিত হয় পাঁচজনীয়া অস্ত্রধাৰী দল এটা৷ হাতে হাতে এ কে ছিৰিজৰ ৰাইফল আৰু পিষ্টল লৈ অহা অস্ত্রধাৰী দলটোৱে গুলী কৰাৰ ভাবুকি দি ৰিগটোত নিয়োজিত মুঠ ১১গৰাকী লোকক একগোট কৰি সকলোৰে ম’বাইল ফোনসমূহ সংগ্রহ কৰি লোৱাৰ লগতে ৰিগটোত থকা টেলিফোনটোৰ তাঁৰ ছিঙি দিয়ে৷

পৰৱর্তী সময়ত অস্ত্রধাৰী দলটোৱে হিন্দীত অসমৰ বাহিৰৰ কোন কোন লোক আছে বুলি প্রশ্ন কৰি ৰিগটোত নিয়োজিত মুঠ ১১গৰাকী লোকক একগোট কৰি সোধাপোছা কৰাৰ অন্তত মোহিনী মোহন গগৈ, ৰিতুল শইকীয়া আৰু অলকেশ শইকীয়াক অপহৰণৰ বাবে বাছনি কৰি উলিয়ায়৷

ইয়াৰ পিছত দলটোৱে উক্ত ৰিগটোত ব্যৱহাৰ কৰা এ এছ–২০–২১৮৬ নম্বৰৰ এম্বুলেঞ্চখনৰ চালক ৰাজু দুৱৰীক বাহনখনৰ চাবি বিচাৰি লৈ চালকগৰাকীৰ লগতে তিনি বিষয়া–কর্মচাৰীক বাহনখনত উঠাই পাঁচজনীয়া দলটো আঁতৰি যায়৷

যোৱাৰ সময়ত বাকীসকলক এটি বাংকাৰত আবদ্ধ কৰি দলটো আঁতৰি যায়৷ ৰিগটোত নিয়োজিত একাংশ লোকে বুধবাৰে নিচেই পুৱাতে উক্ত স্থানত উপস্থিত হোৱা সংবাদ মাধ্যমৰ লোকৰ আগত এইবুলি প্রকাশ কৰে যে এম্বুলেঞ্চখনৰ চালকগৰাকী আৰু তিনি বিষয়া–কর্মচাৰীক বাহনখনত বহুৱাই অস্ত্রধাৰী দলটোৰ এজন সদস্যই বাহনখন চলাই নি চৰাইদেউ জিলাৰ নিমনাগড়ৰ অসম–নাগালেণ্ড সীমান্তৱর্তী চিংফাং গেটৰ সমীপত উপস্থিত হয়৷ পিছত দুগৰাকী অস্ত্রধাৰী যুৱকে অ’এনজিচিৰ তিনি বিষয়া–কর্মচাৰীক বাহনখনৰ পৰা নমাই নাগালেণ্ডৰ টিৰুৰ দিশে গতি কৰে৷

ইফালে বাহনখনত ৰৈ যোৱা আন তিনি অস্ত্রধাৰীয়ে এম্বুলেঞ্চখনৰ চালকগৰাকীক লগত লৈ ওভতনি যাত্রা কৰি খনা তিনিআলিত উপস্থিত হৈ চালকগৰাকীক ভয়–ভাবুকি দি গাডীত থাকিবলৈ কৈ লগত ৰখা ম’বাইল ফোনসমূহ গতাই দি বাহনখনৰ পৰা নামি আঁতৰি যায়৷

দীর্ঘ সময়ৰ অন্তত চালকগৰাকীয়ে বাহনখন লৈ উক্ত স্থানৰ পৰা আহি সংশ্লিষ্ট ৰিগটোত উপস্থিত হয় আৰু লাহে লাহে বিষয়টো ৰাজহুৱা হৈ পৰে৷ পুৱাৰ ভাগত শিৱসাগৰ জিলা আৰক্ষী–প্রশাসনৰ শীর্ষ বিষয়াবর্গৰ সমান্তৰালভাৱে সংবাদ মাধ্যমৰ লোক ঘটনাস্থলীত উপস্থিত হোৱাত সংশ্লিষ্ট এম্বুলেঞ্চখনৰ ভিতৰত পিষ্টলৰ এটা খালী কার্ট্রিজ পৰি থকালৈ চাই অস্ত্রধাৰী দলটোৱে এজাঁই গুলীবর্ষণ কৰাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে৷

অ’ এন জি চিৰ দুর্বল নিৰাপত্তা ব্যৱস্থাৰ সুযোগ ল’লে অপহৰণকাৰীয়ে

মন কৰিবলগীয়া এয়ে যে অ’ এন জি চি কর্তৃপক্ষই নিজা তৈলক্ষেত্রসমূহৰ লগতে ইয়াৰ ৰিগসমূহ দুর্বল নিৰাপত্তা ব্যৱস্থাৰে চলাই অহাৰ বাবে বুধবাৰে পুৱতিনিশা এই অপহৰণ কাণ্ড সংঘটিত হ’ল বুলি বিভিন্ন মহলে অভিযোগ কৰিছে৷ তৈল প্রতিষ্ঠানটোৰ শীর্ষ বিষয়াবর্গই কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত এছক’ৰ্ট গাড়ী লৈ ঘূৰা–ফিৰা কৰাৰ বিপৰীতে পুৱতিনিশা অপহৰণ কাণ্ড সংঘটিত হোৱা সংশ্লিষ্ট ৰিগটোত নিৰাপত্তাৰ দিশ তদাৰক কৰিছিল অসম গৃহৰক্ষী বাহিনীৰ দুগৰাকী জোৱানে৷ অস্ত্রধাৰী পাঁচজনীয়া দলটোৰ হাতত অত্যাধুনিক অস্ত্র থকাৰ বিপৰীতে গৃহৰক্ষী বাহিনীৰ জোৱান দুগৰাকীৰ হাতত আওপুৰণি থ্রী নট থ্রী ৰাইফল দুটাহে আছিল বুলি বিভাগীয় একাংশ লোকে সংবাদ মাধ্যমৰ আগত ক্ষোভেৰে প্রকাশ কৰিছে৷

RELATED ARTICLES