peepl-small

ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে কি কৰিব?

PUBLISHED:

গুৱাহাটীঃ অসমীয়াসকলৰ বাবে মাছ এটা অতি প্ৰিয় ব্যঞ্জন। কিন্তু ভাত খাওঁতে প্ৰায়ে মাছৰ কাঁইট ডিঙিত লাগি ধৰে। এনেকৈ ডিঙিত কাঁইট লাগিলে আঁহজাতীয় খাদ্য যেনে ৰুটি, পাউৰুটী, শুকান ভাত, কল আদি গোটা খাদ্য প্ৰায় নোচোবোৱাকৈয়ে গিলি দিব লাগে। এনেকৈ গিলি দিয়াৰ ফলত কাঁইটডাল খাদ্য বস্তুৰ সৈতে তললৈ নামি যায়। বহু লোকে মাছৰ কাঁইটৰ ভয়ত মাছ খাব নিবিচাৰে। তৃপ্তিৰে আপুনি ভাতৰ সৈতে মাছ খোৱাৰ সময়তে হঠাতে আপোনাৰ ডিঙিত যদি কাঁইট লাগি ধৰে তেতিয়া কি কৰিব?

বহুলোকে ডিঙিৰ কাঁইটবোৰ আঁতৰাবলৈ সহজ উপায় হিচাপে ভাতৰ গোলা কৰি খায়। যদি কোমল সৰু কাঁইট হয়, তেন্তে ই সহজতে নামি যায়। অৱশ্যে, ইয়াৰ উপৰিও কেইবাটাও ঘৰুৱা প্ৰতিকাৰ আছে, যাৰ দ্বাৰা ডিঙিৰ কাঁইটবোৰ আঁতৰ কৰিব পাৰে। সেই ঘৰুৱা প্ৰতিকাৰবোৰ এনধৰণৰ…

১. যেতিয়া আপোনাৰ ডিঙি মাছৰ কাঁইটে বিন্ধে তেন্তে পলম নকৰাকৈ অলপ Olive oil খাব। অলিভ অইল আন তেলতকৈ বেছি পিছল। গতিকে কাঁইটডালক ডিঙিৰ পৰা পিছলি যায়।

২. যেতিয়া আপোনাৰ ডিঙিত কাঁইট লাগি থাকে, অলপ কুহুমীয়া পানীত নেমু দি সেই মিশ্ৰণটো খাওক। নেমুৰ এচিডিক ক্ষমতাই কাঁইটবোৰক কোমল কৰিবলৈ সক্ষম হয়।

৩. পানীৰ সৈতে ভিনেগাৰ মিহলি কৰক। ভিনেগাৰৰ ডিঙিত বিন্ধা মাছৰ কাঁইট কোমল কৰাৰ ক্ষমতা আছে। গতিকে পানীৰ সৈতে ভিনেগাৰ মিহলি কৰিলে কাঁইট সহজ ডিঙিৰ পৰা পাৰ হয়।

৪. নিমখে কাঁইটক কোমল কৰে। গতিকে প্ৰথমে অলপ পানী গৰম কৰক আৰু পানীত অলপ নিমখ দিয়ক। এই গৰম নিমখীয়া পানী খালে ডিঙিত বহি থকা মাছৰ কাঁইটবোৰ সহজে আঁতৰ হ’ব।

এই ক্ষেত্ৰত অধিক অসুবিধাৰ সন্মুখীন হ’লে চিকিৎসকৰ পৰামৰ্শ লওক।

RELATED ARTICLES