peepl-small

হটস্পট গুৱাহাটীত এদিনতে ঘাতক ভাইৰাছত ৮জনৰ প্রাণহানি

PUBLISHED:

গুৱাহাটীঃ  সমগ্র দেশৰ লগতে অসমতো ক’ভিডত সংহাৰী ৰূপ অব্যাহত আছে৷ কালি ৰাজ্যখনত ক’ভিডত আক্রান্ত হৈ ১৪গৰাকী লোকৰ মৃত্যু হোৱাৰ পাছত আজিও ক’ভিডত প্রাণ হেৰুৱায় ১৪গৰাকীকৈ লোকে৷ আজি ক’ভিডত আক্রান্ত হৈ মৃত্যুমুখত পৰা ১৪গৰাকী লোকৰ ভিতৰত ৮গৰাকীকৈয়েই হৈছে কামৰূপ মহানগৰ জিলা অর্থাৎ গুৱাহাটীৰ৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান অসমে জনোৱা অনুসৰি আজি কামৰূপ মেট্র’ত ৮গৰাকী আৰু বৰপেটা–ডিব্রুগড়–ক্ আৰু শোণিতপুৰ জিলাত এগৰাকীকৈ লোকে ক’ভিডত আক্রান্ত হৈ মৃত্যুমুখত পৰে৷ ইপিনে আজিৰ দিনটোত ৰাজ্যখনত নতুনকৈ ১,৮৪৪গৰাকী লোকৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰে৷ আজিৰ দিনটোত ৰাজ্যখনত মুঠ ৩৩,৬৭৪গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ দিনটোত আক্রান্তৰ হাৰ ৫.৪৮ শতাংশ৷ আজি আক্রান্ত হোৱাসকলৰ ভিতৰত সর্বাধিক ৭৯১গৰাকী কামৰূপ মহানগৰ জিলাৰ৷ শেহতীয়া দিনকেইটাতো আক্রান্তসকলৰ সর্বাধিকসংখ্যকেই আছিল কামৰূপ মহানগৰ জিলাৰ৷ এনেদৰে ক্রমাগতভাৱে সর্বাধিকসংখ্যক লোক আক্রান্ত হোৱাটোৱে কামৰূপ মহানগৰ জিলা অর্থাৎ ৰাজ্যৰ ৰাজধানী মহানগৰ গুৱাহাটীখন যে ক’ৰোনাৰ হটস্পটলৈ পৰিণত হৈছে সেই কথাকেই প্রতীয়মান কৰে৷ সেইদৰে আজি ডিব্রুগড়ত ১৯০, নগাঁৱত ৮৩ আৰু কামৰূপত ৮২গৰাকী লোকৰ দেহত নতুনকৈ ক’ভিড পজিটিভ ধৰা পৰে৷ আনহাতে আজি সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত ৫৮৮গৰাকী লোকক হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷ বর্তমান ৰাজ্যখনৰ বিভিন্ন হাস্পতালত ১৫,৪৭০গৰাকী সক্রিয় ক’ভিড ৰোগী আছে৷
কেন্দ্রীয় চৰকাৰৰ সহযোগিতাৰ সংকেতৰ পিছতে সাজু ৰাজ্য চৰকাৰ
ক’ৰোনাৰ দ্বিতীয় জোৱাৰে সমগ্র দেশতে সৃষ্টি কৰা অবর্ণনীয় পৰিৱেশৰ পৰা সাধাৰণ ৰাইজক সকাহ দিবলৈ ১ মে’ৰ পৰা ১৮ৰ পৰা ৪৫ বছৰৰ বয়সৰ লোকক ক’ভিড ভেকচিন প্রদানৰ বাবে কেন্দ্রীয় চৰকাৰে কৰা ঘোষণাই আশাৰ সঞ্চাৰ কৰিছে৷ ইয়াৰ বাবে ২৮ এপ্রিলত নাম পঞ্জীয়ন কৰিবলৈ মুকলি কৰা হ’ব এপ৷ স্বাস্থ্য বিভাগৰ এক সূত্রই জানিবলৈ দিয়া অনুসৰি ১৮ বছৰৰ পৰা ৪৫ বছৰলৈ প্রতিজন লোকক ভেকচিন দিয়াৰ বাবে গ্রহণ কৰা এনে কার্যসূচীৰ বাবে ইতিমধ্যে কেন্দ্রীয় চৰকাৰে অসম চৰকাৰক সকলো সহযোগিতাত সেউজ সংকেত প্রদান কৰিছে৷ লগতে ভেকচিন প্রদানৰ কার্যসূচী আগুৱাই নিয়াৰ বাবেও যাৱতীয় নির্দেশ দিছে৷ পিছে কেন্দ্রীয় চৰকাৰৰ এনে সেউজ সংকেতৰ পিছতো এনে বৃহৎ কার্যসূচীৰ বাবে স্বাস্থ্য বিভাগক কিছু সময়ৰ প্রয়োজন হ’ব৷ বিশেষকৈ ভেকচিন প্রদান কেন্দ্র স্থাপন, ক’ল্ড ষ্টোৰেজ প্রস্তুত কৰা আদিকে ধৰি যথেষ্ট আগতীয়া প্রস্তুতিৰ প্রয়োজন আছে৷ ইতিমধ্যে ক’ৰোনা সংক্রমণ বৃদ্ধিৰ বাবে স্বাস্থ্যকর্মীসকলক ক’ভিড পৰীক্ষাৰ লগতে ক’ভিড চেণ্টাৰ আৰু চিকিৎসালয়সমূহত অতিৰিক্তভাৱে নিয়োজিত কৰা হৈছে৷ এনে অৱস্থাত ভেকচিন প্রদান কার্যসূচী আগুৱাই নিয়াত স্বাস্থ্যকর্মীসকলক কিদৰে সহযোগ কৰা হ’ব, তাৰ বাবে কিছু পর্যালোচনাৰ আৱশ্যক হ’ব৷

উল্লেখ্য যে অসমত ১৮ বছৰৰ পৰা ৪৫ বছৰৰ বয়সৰ প্রায় ১.২৬ কোটি লোক আছে৷ প্রথম অৱস্থাত ভেকচিনৰ নাম পঞ্জীয়নৰ বাবে কিমানজনে এপযোগে আবেদন জনায়, তাৰ ওপৰতো বহু দিশ নিভৰ কৰিব৷ স্বাস্থ্য বিভাগৰ সূত্রটোৱে ইয়াকো উল্লেখ কৰে যে অসমত এনেধৰণৰ বৃহৎ ভেকচিন প্রদান কার্যসূচী পূর্বে হোৱা নাই৷ প্রায় ১.২৬ কোটি লোকক ভেকচিন দিয়াৰ বাবে এক শৃংখলিত সমন্বয়ৰ প্রয়োজন হ’ব৷ সেয়েহে ১ মে’ৰ পৰা টিকাকৰণ প্রক্রিয়া আৰম্ভ হোৱাৰ সম্ভাৱনা কিছু কম৷ কিন্তু কেন্দ্রীয় চৰকাৰৰ নির্দেশৰ পিছত ৰাজ্য চৰকাৰ তথ্য স্বাস্থ্য বিভাগে টিকাকৰণৰ বাবে প্রস্তুতি আৰম্ভ কৰিছে৷ মন কৰিবলগীয়া যে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো কালি ১ মে’ৰ পৰা ভেকচিন প্রদান প্রক্রিয়া আৰম্ভ হোৱাৰ আশা নাই বুলি মন্তব্য কৰিছিল৷ স্বাস্থ্যমন্ত্রীগৰাকীয়্ প্রকাশ কৰা মতে এপযোগে ভেকচিন লোৱাৰ বাবে নাম পঞ্জীয়নৰ পিছতহে ভাৰত চৰকাৰে কোন ৰাজ্যক কিমান ভেকচিন আবণ্টন দিব পঞ্জীয়নৰ সংখ্যা অনুসৰি স্থিৰ কৰা হ’ব৷ তাৰ পিছতহে ৰাজ্য চৰকাৰসমূহে ভেকচিন ক্রয় কৰিব পাৰিব৷ ইফালে, স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি ৰাজ্যৰ ১৫.৪৬ লাখ লোকে ইতিমধ্যে ক’ভিড ভেকচিনৰ প্রথমটো ড’জ লৈছে৷ আনহাতে, প্রায় ৪ লাখ লোকে দ্বিতীয়টো ভেকচিনৰ ড’জ লৈছে৷ বর্তমান প্রতিদিনে ৬০ হাজাৰ ভেকচিন অসমক প্রয়োজন হৈ আছে৷ ভেকচিনৰ নাটনি সন্দর্ভত স্বাস্থ্য বিভাগৰ সূত্রটোৱে প্রকাশ কৰা মতে ২ লাখ ক’ভিশ্বিল্ড ভেকচিন কালি অসমলৈ আহিছে৷ আনহাতে, অহা দুদিনত পুনৰ তিনি লাখ ভেকচিন অসমলৈ আহিব৷
মধ্যপ্রদেশৰ ইণ্ডোৰত কর্মৰত যোৰহাটৰ যুৱ অভিযন্তাৰ মৃত্যু
প্রাঞ্জুমোহন বৰুৱা (৩৬) নামৰ এগৰাকী অসমৰ যুৱ অভিযন্তাৰ ক’ভিড–১৯ত আক্রান্ত হৈ দেওবাৰে বিয়লি ইণ্ডোৰত মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে৷ জানিব পৰা মতে অভিযন্তাগৰাকী ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱাৰ বিষয়ে ইণ্ডোৰৰ খাজৰানা থানাৰ পৰা আজি পৰিয়ালৰ লোকক জনাইছে৷ মৃত প্রাঞ্জুমোহন বৰুৱাৰ ঘৰ যোৰহাটৰ ডেকাগাঁৱত৷ মৃত যুৱ অভিযন্তাগৰাকী ইণ্ডোৰস্থিত হাইটেক কম্পিটেণ্ট বিল্ডার্ছ লিমিটেড নামৰ কোম্পানীটোত কর্মৰত আছিল৷
হোজাইত ক’ভিডত পুনৰ দুজনৰ মৃত্যু
হোজাইৰ দুজন লোক ক’ভিডত আক্রান্ত হৈ গুৱাহাটীত মৃত্যুবৰণ কৰা বুলি আজি হোজাই মহকুমা তথ্য আৰু জনসংযোগ বিষয়া নিৰা ৰায়ে এক বিবৃতিত প্রকাশ কৰে৷ তেওঁ লগতে জনোৱা মতে আজি জিলা স্বাস্থ্য বিভাগে মুঠ ২৯৯জনৰ আৰ এ টি পৰীক্ষাত ৩০জনৰ দেহত আৰু ২২জনৰ আৰ টি পি চি আৰ পৰীক্ষাত দুজনৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰে৷ ইফালে আজি হোজাইৰ যমুনামুখত একে পৰিয়ালৰ শিশু আৰু বৃদ্ধাসহ ৬জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷ আক্রান্তসকল হ’ল ক্রমে পূর্ণিমা দাস (৩১), আয়ুস দাস (১১), আয়ুশ্রী দাস (৫), বাপ্পী দাস (৪০), গীতাৰাণী দাস (২৮) আৰু শশীৰাণী দাস (৭০)৷ আৰ টি পি চি আৰ টেষ্টত তেওঁলোকৰ ক’ভিডৰ অৱস্থিতি ধৰা পৰে৷ পৰিয়ালটোৰ ঘৰ যমুনামুখৰ এৰাকপিলী (চিকামাৰী) গাঁৱত৷ যোৱা ২১ এপ্রিলত পৰিয়ালটোৰ মাতৃ–পুত্রৰ শৰীৰত ধৰা পৰিছিল ক’ভিড পজিটিভ৷ তাৰ পিছতেই স্বাস্থ্য বিভাগে পৰিয়ালটোৰ মুঠ ১৪জনক ক’ভিড পৰীক্ষা কৰাইছিল৷ কাইলৈ সম্পূর্ণ গাঁওখনত স্বাস্থ্য বিভাগে ক’ভিড পৰীক্ষা কৰাৰ সম্ভাৱনা আছে৷
খানামুখৰ ৰূপকোঁৱৰ হাউছিং কমপ্লেক্সৰ এজনৰ ক’ভিডত মৃত্যু ঃ পত্নী–পুত্র চিকিৎসাধীন
আজি পুৱা চিকিৎসাধীন অৱস্থাত গুৱাহাটীৰ জালুকবাৰী আৰক্ষী চকীৰ অন্তর্গত খানামুখ চেকগেটৰ ৰূপকোঁৱৰ হাউছিং কমপ্লেক্সৰ বাসিন্দা তথা ভাৰতীয় তেল নিগমৰ অৱসৰপ্রাপ্ত বিষয়া অৰবিন্দ দাসৰ (৭০) ক’ভিডত আক্রান্ত হৈ মৃত্যু হয়৷ যোৱা ১২ এপ্রিলত আজাৰা প্রাথমিক স্বাস্থ্যকেন্দ্রত কৰা ৰেপিড এণ্টিজেন পৰীক্ষাত অৰবিন্দ দাসৰ লগতে পত্নী ভানু দাস আৰু পুত্র দীপজ্যোতি দাসৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছিল৷ পৰৱর্তী সময়ত চিকিৎসকৰ পৰামর্শ অনুসৰি পত্নী ভানু দাস হোম আইছ’লেচনত থকাৰ বিপৰীতে অৰবিন্দ দাস গুৱাহাটীৰ গেট হাস্পতাল আৰু পুত্র দীপজ্যোতি দাস গুড হেলথ হাস্পতালত ভর্তি হয়৷ ইফালে ডায়েবেটিছকে ধৰি আন শাৰীৰিক অসুস্থতাত ভুগি থকা অৰবিন্দ দাসৰ আজি পুৱা চিকিৎসাধীন অৱস্থাত মৃত্যু হয়৷ ক’ভিড প্রট’কল অনুসৰি ভূতনাথ মুক্তিধামত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ ইফালে অৰবিন্দ দাসৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে হোম আইছ’লেচনত থকা পত্নী ভানু দাস আৰু হাস্পতালত চিকিৎসাধীন হৈ থকা পুত্র দীপজ্যোতি দাসৰ শাৰীৰিক অৱস্থাৰ অৱনতি হোৱা বুলি জানিব পৰা গৈছে৷
মহামাৰী ক’ভিডত নলবাৰীত আৰু এগৰাকীৰ মৃত্যু
মহামাৰী ক’ভিডত নলবাৰীত আৰু এগৰাকী ব্যক্তিয়ে শেষ নিশ্বাস ত্যাগ কৰে৷ কৰুণ মৃত্যুক সাবটি লোৱা এই ব্যক্তিগৰাকী হৈছে নলবাৰীৰ দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যক্ষা তৰু দেৱী৷ কালি নিশা চিকিৎসাধীন অৱস্থাতে গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত তৰু দেৱীৰ মৃত্যু হোৱাৰ খবৰে অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে৷ মধুমেহ ৰোগত আক্রান্ত তৰু দেৱীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৬৫ বছৰ৷ উল্লেখ্য যে নলবাৰী চহৰৰ কৃষ্ণনগৰ নিৱাসী তৰু দেৱীয়ে প্রথম অৱস্থাত শিক্ষানুষ্ঠানখনত সহকাৰী শিক্ষয়িত্রী হিচাপে যোগদান কৰে৷ পৰৱর্তী সময়ত তেওঁ বুৰঞ্জী বিভাগৰ স্নাতকোত্তৰ ডিগ্রীধাৰী হোৱা হেতুকে উচ্চতৰ মাধ্যমিক শাখাৰ বিষয় শিক্ষয়িত্রী পদলৈ পদোন্নতি লাভ কৰে৷ ১৯৯৫ চনৰ পৰা উচ্চতৰ মাধ্যমিক শাখাত বিষয় শিক্ষয়িত্রী হিচাপে কার্যনির্বাহ কৰা তৰু দেৱীয়ে পিছত অধ্যক্ষ পদত থাকিয়ে অৱসৰ গ্রহণ কৰে৷ আজিৰ পৰা ১৫ দিন পূর্বে তেওঁ অসুস্থ হোৱাত গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভর্তি কৰোৱা হয়৷ অৱশ্যে পৰৱর্তী সময়ত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে৷ অৱশেষত যোৱানিশা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷ মৃত্যুৰ সময়ত তেওঁ স্বামী আৰু একমাত্র কন্যা তথা অসংখ্য গুণমুগ্ধক ইহসংসাৰত এৰি যায়৷
চামগুৰিত ক’ৰোনাত আক্রান্ত হৈ এজনৰ মৃত্যু
নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্রৰ অধীনৰ চামগুৰি ব্লক প্রাথমিক স্বাস্থ্য কেন্দ্রৰ অন্তর্গত বৰদল মিকিৰগাঁৱত ক’ৰোনাত আক্রান্ত হৈ আজি দুপৰীয়া এজন লোকৰ মৃত্যু হয়৷ ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যু হোৱা লোকজন বিমল হেৰে (৫২) বুলি স্বাস্থ্য বিভাগৰ এক সূত্রই প্রকাশ কৰিছে৷ জানিব পৰা মতে, নুমলীগডত কর্মৰত লোকজনৰ দেহত কালি চামগুৰি ব্লক প্রাথমিক স্বাস্থ্য কেন্দ্রত কৰা পৰীক্ষাৰ সময়ত ক’ৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছিল৷ ইয়াৰ পিছতে স্বাস্থ্য বিভাগে তেওঁৰ বৰদল মিকিৰগাঁৱৰ নিজা ঘৰত আছুতীয়াকৈ ৰাখি চিকিৎসাৰ ব্যৱস্থা কৰিছিল৷ আজি দুপৰীয়া তেওঁৰ ঘৰতে মৃত্যু হোৱাত অঞ্চলটোৰ ৰাইজৰ মাজত তীব্র আতংকৰ সৃষ্টি হৈছে৷ স্বাস্থ্য বিভাগৰ এক সূত্রই জনোৱা মতে, বিমল হেৰে কিছুদিন ধৰি জণ্ডিচ ৰোগত আক্রান্ত হৈ আছিল৷ আনহাতে আজি চামগুৰিৰ আমনিৰ জয়ন্ত কুমাৰ চৰকাৰ আৰু বৰজুৰি অঞ্চলৰ অর্জুন লিম্বু নামৰ লোক দুজনৰ দেহত ক’ৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে ৷
ক’ভিডত আক্রান্ত হৈ শিঙিমাৰী গাঁও পঞ্চায়তৰ
আঞ্চলিক সদস্য মতিউৰ ৰহমান আৰু দদৰাৰ জয়ন্ত দাসৰ মৃত্যু
কামৰূপ জিলাৰ শুৱালকুছি উন্নয়ন খণ্ড এলেকাৰ শিঙিমাৰী পাকৰকোণাৰ মতিউৰ ৰহমান (৪৫) আৰু দদৰাৰ জয়ন্ত দাস (৩৭) নামৰ লোক দুজনৰ কালি ক’ভিড –১৯ত আক্রান্ত হৈ মৃত্যু হয়৷ ইয়াৰে মতিউৰ ৰহমান ৮৮নং শিঙিমাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য৷ তেওঁ বিগত সাত দিন ধৰি ঘৰতে জ্বৰ আৰু কাহ–চর্দিত ভুগি আছিল৷ কালি নিশা উশাহ–নিশাহত কষ্ট পোৱাত পৰিয়ালৰ লোকে উত্তৰ গুৱাহাটীৰ জি এন আৰ চি হাস্পতাললৈ নিয়াৰ পথতে তেওঁৰ মৃত্যু ঘটে৷ আনহাতে দদৰা আখৈটোলাৰ বাণেশ্বৰ দাসৰ পুত্র জয়ন্ত দাসো দীর্ঘদিন ধৰি জ্বৰত ভুগি আছিল৷ তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত যোৱা ২৩ এপ্রিলত জি এন আৰ চি হাস্পতালত ভর্তি কৰায়৷ তাত তেওঁৰ ক’ভিড পজিটিভ ধৰা পৰে৷ কালি চিকিৎসাধীন অৱস্থাতে জয়ন্ত দাসৰ মৃত্যু ঘটে৷
ক’ৰোনাত আক্রান্ত হৈ বিহালী কমাৰপুখুৰীৰ তুলা ছেত্রীৰ দিল্লীত মৃত্যু
বিহালী সমষ্টিৰ কমাৰপুখুৰী গাঁৱৰ তুলা ছেত্রীৰ আজি নতুন দিল্লীত ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷ জানিব পৰা মতে, তুলা ছেত্রী বিগত ২৫ বছৰ দিল্লীত এটা ব্যক্তিগত প্রতিষ্ঠানত কাম কৰি আছিল৷ যোৱা জানুৱাৰী মাহত তেওঁ নিজ পিতৃ–মাতৃকো দিল্লীলৈ লৈ গৈছিল৷ মৃত্যুৰ সময়ত তেওঁ পিতৃ–মাতৃ, পত্নী, দুই সন্তানক ইহসংসাৰত এৰি যায়৷

RELATED ARTICLES