peepl-small

বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ মৃত্যুত মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ শোক প্ৰকাশ

PUBLISHED:

গুৱাহাটী:  আজি পুৱা বিশিষ্ট সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ দেহাৱসান। বিশিষ্ট সাহিত্যিক গৰাকীয়ে ৮৯ বছৰ বয়সত GNRCত পুৱা ৬.৫৮ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে ।

ইপিনে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। তেওঁ লিখিছে, “অসমীয়া জাতিয়ে আজি এগৰাকী অভিভাৱক হেৰুৱালে ৷ অসমৰ বৌদ্ধিক আকাশৰ উজ্জ্বলতম জ্যোতিষ্ক, অনন্য সৃষ্টিৰাজিৰে অসমৰ সাহিত্যৰ জগতক সমৃদ্ধ কৰা যশস্বী সাংবাদিক হোমেন বৰগোহাঞিদেৱৰ বিয়োগত মৰ্মাহত হৈছো ৷ তেখেতৰ বিয়োগে আমাৰ মাজত এক বৃহৎ শূণ্যতাৰ সৃষ্টি কৰিলে ৷”

 

RELATED ARTICLES