গুৱাহাটী: ক’ৰোনাত আক্রান্ত হৈ হোম আইছ’লেচনত থকা ৫০ ঊর্ধ্বৰ ব্যক্তিৰ বাবে ২০টা চর্ত বান্ধি দিছে ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে৷ ৫০ বছৰ অথবা তাতোকৈ বেছি বয়সৰ আৰু আন ৰোগত আক্রান্ত হৈ থকা ক’ৰোনা ৰোগীক প্রতিষ্ঠান আইছ’লেচনৰ পৰামর্শ দিয়া হৈছে যদিও এনে ব্যক্তিৰ ক্ষেত্রত নতুনকৈ মঙলবাৰে কিছু নির্দেশনা জাৰি কৰা হৈছে৷ সেই অনুসৰি উপসর্গবিহীন আৰু কোনোধৰণৰ কোনোধৰণৰ গুৰুতৰ ৰোগত আক্রান্ত হৈ নথকা বুলি চিকিৎসকে প্রমাণ–পত্র প্রদান কৰা ৫০ ঊর্ধ্বৰ ব্যক্তিকহে হোম আইছ’লেচনত থকাৰ অনুমতি দিয়া হ’ব৷
হোম আইছ’লেচনত থাকিব বিচৰা এনে ব্যক্তিসকলৰ ঘৰত টয়লেটসংলগ্ন সুকীয়া ভেণ্টিলেচন থকা কোঠা থাকিব লাগিব৷ এনেধৰণৰ কোঠা নাথাকিলে তেওঁলোকক হোম আইছ’লেচন প্রদান নকৰে বিভাগে৷ তদুপৰি তেনে ব্যক্তিৰ ঘৰত থাকিব নোৱাৰিব আন ৰোগত আক্রান্ত ৬০ ঊর্ধ্বৰ ব্যক্তি, গর্ভৱতী মহিলা আৰু ক’ভিডৰ ক্ষেত্রত স্পর্শকাতৰ বিবেচিত ব্যক্তি৷
হোম আইছ’লেচনত থকা ৰোগীৰ ক্ষেত্রত তেওঁলোকৰ সম্পূর্ণ বাসগৃহ ১৪ দিনৰ বাবে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হ’ব৷ তেওঁলোকৰ পৰিয়ালৰ আন সদস্যসকলে হোম আইছ’লেচনৰ চতুর্থ দিনা ক’ভিড পৰীক্ষা কৰিব লাগিব৷ যদিহে চতুর্থ দিনৰ পূর্বেই তেওঁলোকে ক’ভিডৰ লক্ষণত আক্রান্ত হয়, তেতিয়াহ’লে সমীপৱর্তী পৰীক্ষা কেন্দ্রত পৰীক্ষা কৰিব লাগিব৷ যদিহে এই ৰোগীসকল কোনো এপার্টমেণ্টৰ বাসিন্দা অথবা অতি ঘন বাসিন্দা থকা অঞ্চলৰ লোক তেনেহ’লে ওচৰ–চুবুৰীয়াই বিৰোধিতা কৰিলে তেওঁলোকক হাস্পতাললৈ স্থানান্তৰ কৰা হ’ব৷ কোনো ৰোগী হোম আইছ’লেচনত থকাৰ সময়ত তেওঁলোকৰ পৰিয়ালে সকলো সময়তে মাস্ক পৰিধান কৰিব লাগিব৷ তেনে ব্যক্তিয়ে নিজৰ স্বাস্থ্যৰ যতনৰ বাবে এজন ব্যক্তিগত চিকিৎসকৰ সৈতে পৰামর্শৰ বাবে যোগাযোগ কৰিব পৰা ব্যৱস্থা থাকিব লাগিব৷
ব্যক্তিগত চিকিৎসক নাথাকিলে হোম আইছ’লেচন প্রদান কৰা নহ’ব৷ তেওঁলোকে লগত পালচ্ অক্সিমিটাৰ আৰু থার্মোমিটাৰ ৰাখিব লাগিব৷ সময়ে সময়ে তেওঁলোকে শৰীৰত অক্সিজেনৰ মাত্রা পৰিমাপ কৰিব লাগিব৷ শৰীৰত অক্সিজেনৰ পৰিমাণ ৯৫ শতাংশতকৈ হ্রাস পালে লগে লগে অভিভাৱক অথবা সহায়কাৰীয়ে তেওঁলোকক হাস্পতাললৈ স্থানান্তৰ কৰিব লাগিব৷ হোম আইছ’লেচনত থাকিব বিচাৰিলে তেনে ৰোগীৰ ঘৰত এখন ব্যক্তিগত বাহন অনবৰতে সাজু হৈ থাকিব লাগিব, যাতে যিকোনো জৰুৰীকালীন অৱস্থাত তেওঁক হাস্পতাললৈ লৈ যাব পাৰে৷ ১০৪ সেৱাই কামৰূপ মহানগৰ জিলাৰ হোম আইছ’লেচনত থকা ৰোগীসকলক নিয়মীয়াভাৱে যোগাযোগ কৰিছে৷ এইক্ষেত্রত তেওঁলোকে ১০৪ সেৱাক সহযোগিতা কৰিব লাগিব আৰু সকলো সঠিক তথ্য অৱগত কৰিব লাগিব৷