peepl-small

মৃত্যু দিৱসত হীৰুদাক স্মৰণ

PUBLISHED:

গুৱাহাটীঃ আজি সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ নৱম মৃত্য়ুবাৰ্ষিকী।

আজীৱন কবিতাৰে সুগন্ধি বিলাই ২০১২ চনত আঁতৰি গৈছিল শব্দৰ কাৰিকৰগৰাকী।

হীৰুদাৰ মৃত্যু দিৱসত বিভিন্নজনে কবিগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিছে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াযোগে শ্ৰদ্ধাঞ্জলি জনাইছে হীৰুদাক।

ড০ শৰ্মাই এনেদৰে লিখে- “অনুপম কাব্যশৈলীৰে কাব্য জগত সমৃদ্ধ কৰা অসমীয়াৰ আপোন ‘হীৰুদা’ই ‘শইচৰ পথাৰ মানুহ’,’মোৰ দেশ’,’সুগন্ধি পখিলা’কে ধৰি ভিন্ন ছন্দৰ সাহিত্যৰ সৃষ্টিৰে পঢ়ুৱৈৰ মনোজগতত তুলিছিল নতুন কাব্য লহৰ। অনুকৰণীয় ব্যক্তিত্বৰে প্ৰোজ্জ্বল কবিগৰাকীৰ সাহিত্যিক মূল্যায়ন এক সম্পদ হিচাপে স্বীকৃত হৈ ৰ’ব।”

 

RELATED ARTICLES