peepl-small

প্রতি সোমবাৰে শাসক–বিৰোধীৰ বিধায়কৰে মন্ত্রীৰ বৈঠক বুধবাৰে কেবিনেটত ল’ব ফীডবেক

PUBLISHED:

গুৱাহাটী: ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত সংযোজন ঘটিব ‘শূন্যকাল’ৰ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পৰামর্শ অনুসৰি গ্রহণ কৰিবলগীয়া এই বিশেষ ব্যৱস্থাৰ কথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি সদৰী কৰে৷ নতুন দিল্লীৰ আছাম হাউছত এখন সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে তেওঁৰ মন্ত্রীসভাৰ প্রতিজন সদস্যৰ সৈতে ৭–৮জনকৈ বিধায়কক সংযোগ কৰি দিয়া হ’ব৷ শাসক–বিৰোধী সকলো বিধায়ককে এই অভিনৱ পদেক্ষপৰ সৈতে জড়িত কৰা হ’ব৷ মন্ত্রীসকলে বিধায়কসকলৰ সৈতে কথা পাতি সংশ্লিষ্ট এলেকাত থকা ত্রুটি–বিচ্যুতি তথা অভাৱ–ভিযোগৰ বুজ ল’ব৷ প্রতি সোমবাৰে মন্ত্রীসকলে বিধায়কসকলৰ পৰা লোৱা ‘ফীড বেক’সমূহ বুধবাৰে অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকত উত্থাপন কৰা হ’ব আৰু মুখ্যমন্ত্রীয়ে সংশ্লিষ্ট এলেকাৰ অভাৱ–ভিযোগ সন্দর্ভত বুজ ল’ব৷ বৈঠকত মুখ্য সচিব উপস্থিত হোৱাৰ পূর্বেই এই আলোচনা সামৰি লোৱা হ’ব৷

বৃহস্পতিবাৰৰ সংবাদ মেলত মুখ্যমন্ত্রী ড০ শর্মাই লগতে কয় যে সংশ্লিষ্ট এলেকাৰ কোনো ইতিবাচক বিষয়, নহয় কেৱল নেতিবাচক বিষয়বোৰক লৈহে কেবিনেটত আলোচনা কৰাৰ বাবে প্রধানমন্ত্রী মোদীয়ে তেওঁক পৰামর্শ দিছে আৰু কেবিনেট বৈঠকৰ আৰম্ভণিত হ’বলগীয়া এই আলোচনাক ‘শূন্যকাল’ বুলি অভিহিত কৰিব পাৰি৷ ইয়াৰ উপৰি প্রধানমন্ত্রী মোদীয়ে প্রতিসপ্তাহত কিম্বা দহ দিনৰ অন্তত ৰাজ্যৰ কমেও এখন জিলা ভ্রমণ কৰিবলৈ মুখ্যমন্ত্রী ড০ শর্মাক পৰামর্শ দিছে৷ পুৱাৰ ভাগত গৈ সন্ধিয়া হেলিকপ্টাৰেৰে ঘূৰি আহিলে নচলিব, নিশা যাপন কৰি জিলাখনৰ উন্নয়নমূলক কাম–কাজৰ বুজ লোৱাৰ বাবে প্রধানমন্ত্রী মোদীয়ে পৰামর্শ প্রদান কৰা বুলি মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ মেলত জানিবলৈ দিয়ে৷ বুধবাৰে দুপৰীয়া ১২ বজাত ৭ লোককল্যাণ মার্গস্থিত প্রধানমন্ত্রীৰ চৰকাৰী বাসভৱনত হোৱা প্রায় এঘণ্টীয়া বৈঠকত নৰেন্দ্র মোদীয়ে মূলতঃ ব্যৱহাৰিক পৰামর্শ প্রদান কৰা বুলি মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ মেলত মত ব্যক্ত কৰে৷ এই বৈঠকত প্রধানমন্ত্রী মোদীয়ে ৰাজ্যৰ বান সমস্যা আৰু ক’ভিড–১৯ পৰিস্থিতিৰো বুজ লয়৷

মুখ্যমন্ত্রী হিচাপে তথা ৰাজ্যৰ চৰকাৰখন জনগণৰ মাজত কেনেদৰে সমাদৃত হ’ব পাৰি, তাক লৈও প্রধানমন্ত্রী মোদীয়ে ড০ শর্মাক পৰামর্শ দিয়ে৷ লক্ষণীয়ভাৱে সংবাদ মেলত সাংবাদিকৰ প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ সংস্থাপনৰ বিষয়তো আলোকপাত কৰা পৰিলক্ষিত হয়৷ বিশ্বজিৎ দৈমাৰীৰ খালী হৈ থকা ৰাজ্যসভাৰ আসনখনত মিত্রদলৰ আন কোনোবাক নহয়, বিজেপিৰ পৰাই প্রার্থিত্ব প্রদান কৰা হ’ব৷ পিছে উক্ত আসনত সোণোৱালক প্রার্থিত্ব প্রদান কৰা হ’ব নে নাই, সেই সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাৰ স্পষ্ট বক্তব্য– এই সন্দর্ভত দলৰ ৰাষ্ট্রীয় নেতৃত্বই সিদ্ধান্ত ল’ব৷ মুখ্যমন্ত্রিত্বক লৈ যোৱা মাহত নতুন দিল্লীত ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ বাসভৱনত হোৱা বৈঠকত নাড্ডাই কৰা এক মন্তব্যৰ কথাও মুখ্যমন্ত্রী ড০ শর্মাই আজিৰ সংবাদ মেলত দাঙি ধৰে৷ ড০ শর্মাই পাঁচ বছৰ অসম চাব আৰু সোণোৱালক নতুন দায়িত্ব দিয়া হ’ব বুলি সিদিনা বিজেপিৰ ৰাষ্ট্রীয় সভাপতিজনে জনাই দিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে সোণোৱাল ৰাজ্যৰ মুখ্যমন্ত্রী আছিল৷ কেন্দ্রীয় মন্ত্রীও আছিল৷ দেশৰ বাবে তেওঁৰ এই অভিজ্ঞতা নিশ্চয়কৈ কামত আহিব৷

RELATED ARTICLES