peepl-small

সদ্য প্ৰয়াত ডা০ ভূমিধৰ বৰ্মনৰ বাসগৃহত হিমন্ত বিশ্ব শৰ্মা

PUBLISHED:

গুৱাহাটীঃ সদ্য প্ৰয়াত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডা০ ভূমিধৰ বৰ্মনৰ নলবাৰীৰ বাসগৃহত আজি উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ড০ শৰ্মাই প্ৰবীণ ৰাজনীতিবিদগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে পৰিয়ালবগৰ্ক সমবেদনা জ্ঞাপন কৰে।

সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত অসমৰ ৰাইজে এগৰাকী সহজ-সৰল, সকলোৰে মাজত জনপ্ৰিয় নেতাক হেৰুৱালে বুলি শোক প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।

ড০ শৰ্মাই কয়—ডা০ ভূমিধৰ বৰ্মনৰ সৈতে ১৯৯১ চনৰ পৰাই মোৰ এক নিবিড় সম্পৰ্ক আছিল। অসমৰ জাতীয় জীৱনৰ প্ৰতি তেখেতৰ এক বিশেষ বৰঙণি আছে। বিশেষকৈ অসমৰ স্বাস্থ্য বিভাগ, মেডিকেল কলেজ আৰু জিলা হাস্পতালসমূহৰ উন্নয়নত ডা০ ভূমিধৰ বৰ্মনে অভূতপূৰ্ব বৰঙণি আগবঢ়াইছিল।

RELATED ARTICLES