peepl-small

২ মে’ৰ পাছত শ্বহীদ পৰিয়ালৰ বাবে কৰণীয়খিনি কৰিব চৰকাৰে

PUBLISHED:

গুৱাহাটীঃ ৰাষ্ট্রীয় শ্বহীদ দিলীপ কুমাৰ দাসৰ পৰিয়ালৰ বাবে কৰণীয়খিনি ২ মে’ৰ পাছত পর্যায়ক্রমে চৰকাৰে কৰিব৷ –শনিবাৰে এই মন্তব্য কৰে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

উল্লেখ্য যে যোৱা ৩ এপ্রিলত ছত্তিশগড়ৰ বিজাপুৰত মাওবাদীৰে হোৱা সংঘর্ষত কৰুণভাৱে মৃত্যুক আঁকোৱালি লোৱা ২১০নং কোব্রা বেটেলিয়নৰ পৰিদর্শক তথা বীৰ শ্বহীদ দিলীপ কুমাৰ দাস আৰু দুধনৈৰ বাবলু ৰাভাৰ পৰিয়ালবর্গক সমবেদনা জনোৱাৰ উদ্দেশ্যে কালি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শ্বহীদ দুগৰাকীৰ গৃহত উপস্থিত হয়৷ তেওঁ শোকাহত শ্বহীদ দিলীপ কুমাৰ দাসৰ ঘৰলৈ গৈ চোতালত সজাই থোৱা পুষ্পসজ্জিত শ্বহীদগৰাকীৰ প্রতিচ্ছবিত পুষ্পাঞ্জলি অর্পণ কৰি শ্রদ্ধা জ্ঞাপন কৰে৷

লগতে তেওঁ পৰিয়াটোৰ সদস্যসকলক সমবেদনা জ্ঞাপন কৰি কয়– বীৰ শ্বহীদ দিলীপ কুমাৰ দাসলৈ সমগ্র অসমবাসী ৰাইজৰ হৈ গভীৰ শ্রদ্ধা জ্ঞাপন কৰিলোঁ৷ শ্বহীদ পৰিয়ালটোৰ বিভিন্ন অভাৱ–অভিযোগসমূহ দুই মে’ৰ পাছত পর্যায়ক্রমে দূৰ কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্রহণ কৰিব বুলিও তেওঁ কয়৷ কালি দুপৰীয়া প্রায় ১২ বজাত শ্বহীদ দিলীপ কুমাৰ দাসৰ বাসগৃহত মন্ত্রীগৰাকীৰ লগত সাংসদ পল্লৱলোচন দাস আৰু বিজেপিৰ উপ–সভাপতি পুলক বুঢ়াগোহাঁয়ো উপস্থিত হৈ শ্বহীদগৰাকীৰ প্রতিচ্ছবিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷

মন্ত্রী ড০ শর্মাই শ্বহীদগৰাকীৰ পৰিয়ালবর্গক গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে শ্বহীদগৰাকীৰ পত্নী, ভাতৃ, পিতৃ সমন্বিতে পৰিয়ালটোৰ আটাইকেইজন সদস্যৰ অৱস্থাৰ বুজ লোৱাৰ লগতে শ্বহীদ দিলীপ কুমাৰ দাসৰ ব্যক্তিত্বৰ বিষয়ে অৱগত হৈ শোকাহত পৰিয়ালটোৰ কাষত তেওঁলোক সদায় আছে আৰু থাকিব বুলি প্রতিশ্রুতি দিয়ে৷ তদুপৰি পত্নী, দুটি কণ কণ নাবালিকা কন্যা সন্তান আৰু বৃদ্ধ পিতৃ–মাতৃক ইহসংসাৰত নিথৰুৱা কৰি দেশৰ হকে আত্মবলিদান দিয়া চি আৰ পি এফৰ পৰিদর্শক দিলীপ কুমাৰ দাসৰ পত্নী প্রাঞ্জলি (পপী) দাসক পৰৱর্তী চৰকাৰ গঠন কৰাৰ পাছতে সংস্থাপন দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলিও ড০ শর্মাই আশ্বাস দিয়ে৷

RELATED ARTICLES