গুৱাহাটীঃ ৰাজ্যৰ প্রান্তে প্রান্তে মাৰাথন নির্বাচনী প্রচাৰ অব্যাহত ৰখা জ্যেষ্ঠ মন্ত্রী তথা নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই আজি দাখিল কৰিব নিজ মনোনয়ন পত্র৷ জালুকবাৰী বিধানসভা সমষ্টিৰ বিজেপি প্রক্ষেপিত প্রার্থী হিচাপে নেডাৰ আহ্বায়ক ড০ শর্মাৰ মনোনয়ন পত্র দাখিলক লৈ ইতিমধ্যে দলীয় নেতা–কর্মী–সমর্থকৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে৷ জানিব পৰা মতে, জালুকবাৰী সমষ্টিৰ ভিন্ন প্রান্তৰ পৰা আহিবলগীয়া বিজেপিৰ নেতা–কর্মী–সমর্থক প্রথমতে গুৱাহাটীৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত সমৱেত হ’ব৷
তাৰ পৰাই এক বিশাল পদযাত্রাৰে নেডাৰ আহ্বায়ক ড০ শর্মাই মনোনয়ন পত্র দাখিলৰ বাবে আগবাঢ়িব কামৰূপ (মহানগৰ) জিলা উপায়ুক্তৰ কার্যালয় অভিমুখে৷ মনোনয়ন পত্র দাখিলৰ সময়ত নেডাৰ আহ্বায়ক ড০ শর্মাক উত্তৰ–পূর্বাঞ্চলৰ চাৰিখন ৰাজ্যৰ মুখ্যমন্ত্রীয়ে সংগ দিয়াটো বাতৰি লিখা পৰলৈকে নিশ্চিত হৈছে৷ তেওঁলোক হ’ল– অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, অৰুণাচল প্রদেশৰ মুখ্যমন্ত্রী পেমা খাণ্ডু, ত্রিপুৰাৰ মুখ্যমন্ত্রী বিপ্লৱ কুমাৰ দেৱ আৰু মণিপুৰৰ মুখ্যমন্ত্রী এন বীৰেন সিং৷ তদুপৰি মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাও নেডাৰ আহ্বায়ক ড০ শর্মাৰ মনোনয়ন দাখিল পর্বত উপস্থিত থকাৰ সম্ভাৱনা আছে৷
ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ উপৰি মিত্রজোঁটৰ অংশীদাৰ অগপৰ সভাপতি অতুল বৰা, কার্যকৰী সভাপতি কেশৱ মহন্ত আৰু ইউপিপিএলৰ সভাপতি প্রমোদ বড়োও মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকিব৷ সেইদৰে নেডাৰ আহ্বায়ক ড০ শর্মাক মনোনয়ন দাখিলৰ সময়ত সংগ দিব বিজেপিৰ কেইবাজনো ৰাষ্ট্রীয় নেতাই৷
কালিলৈ মই জালুকবাৰী বিধান সভা সমষ্টিৰ পৰা মোৰ মনোনয়ন পত্ৰ দাখিল কৰিম। এখন সমৃদ্ধশালী নতুন অসম গঢ়াৰ এই যাত্ৰাত আপোনালোক সকলোকে সহযোগী হবলৈ মই আহ্বান জনালোঁ।
আপোনালোকৰ মৰম আৰু আশীৰ্বাদ মোৰ কাম্য 🙏 pic.twitter.com/tOcnwJUSDA
— Himanta Biswa Sarma (@himantabiswa) March 18, 2021
তেওঁলোকৰ ভিতৰত বিজেপিৰ ৰাষ্ট্রীয় উপ–সভাপতি তথা অসমত দলৰ প্রভাৰীৰ দায়িত্বত থকা বৈজয়ন্ত জয় পাণ্ডা, অসমত নির্বাচনী তত্ত্বাৱধায়ক তথা কেন্দ্রীয় কৃষিমন্ত্রী নৰেন্দ্র সিং টোমৰ, সহকাৰী নির্বাচনী তত্ত্বাৱধায়ক তথা কেন্দ্রীয় ড’নাৰ মন্ত্রী জিতেন্দ্র সিং আৰু দলৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া অন্যতম৷ মনোনয়ন পত্র দাখিল উপলক্ষে সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা ওলাবলগীয়া পদযাত্রাত লক্ষাধিক লোকে অংশগ্রহণ কৰিব বুলি দলীয় সূত্রত প্রকাশ৷
সূত্রটোৰ মতে, নেডাৰ আহ্বায়ক ড০ শর্মাৰ সমর্থনত কাইলৈ গুৱাহাটীৰ ৰাজপথত ওলাবলগীয়া পদযাত্রাই ৰাজ্যৰ ৰাজনৈতিক ইতিহাসত এক নজিৰ সৃষ্টি কৰিব৷ উল্লেখ্য যে ২০০১ চনৰ পৰাই ড০ শর্মাই জালুকবাৰী সমষ্টিক অসম বিধানসভাত প্রতিনিধিত্ব কৰি আহিছে৷
এইবাৰ ড০ শর্মাৰ মনোনয়ন দাখিলক লৈ বিজেপি বেজেৰা মণ্ডলৰ ৭খন আৰু শুৱালকুছি মণ্ডলৰ ৮খন পঞ্চায়তৰ মুখ্য নির্বাচনী কার্যালয়সমূহৰ সমান্তৰালকৈ বুথ সমিতিসমূহেও ব্যাপক তৎপৰতা অৱলম্বন কৰিছে৷ ড০ শর্মাৰ মনোনয়ন দাখিল কার্যসূচী তথা পদযাত্রাত অংশগ্রহণ কৰিবলৈ অকল বিজেপি বেজেৰা মণ্ডল এলেকাৰ পৰাই ২১৩খন বাছেৰে দলীয় নেতা–কর্মী–সমর্থকে গুৱাহাটী অভিমুখে যাত্রা কৰিব৷ সেইদৰে শুৱালকুছি মণ্ডলৰ পৰাও বাছযোগে গুৱাহাটীলৈ যাব হাজাৰ হাজাৰ বিজেপি সমর্থক৷ তদুপৰি যথেষ্টসংখ্যক চাৰিচকীয়া বাহনেৰে বহু লোক ড০ শর্মাৰ মনোনয়ন দাখিল পর্বত অংশগ্রহণ কৰিবলৈ সাজু হৈছে৷