peepl-small

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিঃ মালিকক সময়সীমা বান্ধি দিলে হিমন্ত বিশ্ব শৰ্মাই

PUBLISHED:

গুৱাহাটীঃ চাহ শ্ৰমিকৰ মজুৰিৰ ক্ষেত্ৰত মালিক পক্ষক সময়সীমা বান্ধি দিলে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ঢেকীয়াজুলিত এখন নিৰ্বাচনী সভাত ভাষণ দি মন্ত্ৰীগৰাকীৰ মন্তব্য-“৬ তাৰিখে নিৰ্বাচন হৈ যাওক, ২ মে’ত নতুন চৰকাৰ হৈ যাওক। তেতিয়ালৈকে ২১৮ টকা দিলে ভাল, নহ’লে ৩ তাৰিখৰ পৰা ৩৫০ কৰি দিম।”

“আজিয়েই মই গোটেইকেইজন বাগিচাৰ মালিকক কৈ থ’লোঁ-আমি শ্ৰমিকৰ ওপৰত অত্যাচাৰ হ’বলৈ নিদিওঁ।”-এনেদৰে উল্লেখ কৰে ড০ শৰ্মাই।

লগতে চাহ বাগানৰ শ্ৰমিকে প্ৰতি মাহে বেংক একাউণ্টত এহাজাৰ টকাকৈ লাভ কৰিব বুলি ঘোষণা কৰে শৰ্মাই।

ইপিনে কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰ থাকোঁতে কংগ্ৰেছে শ্ৰমিকক মজুৰি ৯৬ টকা দিছিল, এতিয়া ৩৬৫ টকা দিয়াৰ গেৰাণ্টিৰ কোনো অৰ্থ নাই।

বিজেপি সদায় চাহ মজদুৰৰ লগত আছে বুলিও দাবী কৰে হিমন্ত বিশ্ব শৰ্মাই।

RELATED ARTICLES