peepl-small

আজমলক বাহিৰ নকৰা পর্যন্ত আমি ক্ষান্ত নহওঁ

PUBLISHED:

গুৱাহাটীঃ ‘নেডা’ৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত–স্বাস্থ্য–শিক্ষা– বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বুধবাৰে গোলাঘাট–চাবুৱা–লাহে আৰু দুলীয়াজানত নির্বাচনী সমাৱেশ অনুষ্ঠিত কৰাৰ লগতে কলিয়াবৰ আৰু নাহৰকটীয়াত ৰোড শ্ব’ কৰি হাইভ’ল্টেজ নির্বাচনী প্রচাৰ চলায়৷ আজি নির্বাচনী প্রচাৰ অভিযানত অংশগ্রহণ কৰি ড০ শর্মাই পুনৰ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে আক্রমণাত্মক হৈ পৰে৷ আজমল সম্পর্কত মন্ত্রী ড০ শর্মাই কয় যে অসমৰ ৰাজনীতিৰ পৰা আজমলক বাহিৰ কৰিব নোৱাৰা পর্যন্ত তেওঁ আজমলৰ নাম লৈয়েই থাকিব৷ আজমল বাহিৰ নোহোৱা পর্যন্ত ক্ষান্ত নহওঁ৷ কাৰণ আজমলে ইতিমধ্যে অসমৰ ১২খন জিলা লৈ গৈছে৷ অখিল গগৈৰ প্রসংগতো তেওঁ কয় যে অখিল গগৈ এতিয়া কোনখন জে’লত আছে? অখিল জি এম চি এইচৰ পেয়িং কেবিনতহে আছে৷ তেওঁ এনেয়ে জে’লত থকা বুলি কৈ আহিছে৷ সেইদৰে কংগ্রেছ ক্ষমতাত আহিলে ৬ ঘণ্টাৰ ভিতৰতে চাহ শ্রমিকৰ মজুৰি বৃদ্ধি কৰিব বুলি কোৱাৰ প্রসংগতো তেওঁ কয় যে তেওঁলোকৰ জীৱনত সেই ৬ ঘণ্টা কেতিয়াও নাহে৷ যেতিয়া তেওঁলোকৰ সময় আছিল, তেতিয়া চাহ শ্রমিকৰ কথা নাভাবিলে৷ আজমলৰ বোকোচাত উঠি মুখ্যমন্ত্রী হোৱাৰ সপোন দেখা ৰিপুণ বৰাৰ প্রসংগতো প্রথমতে বৰাক গহপুৰৰ পৰা বিধায়ক হিচাপে জিকি অহাৰ প্রত্যাহ্বান জনায়৷ ৰাহুল–প্রিয়ংকাৰ সঘন অসম ভ্রমণ সন্দর্ভতো তীব্র কটাক্ষ কৰি কয় যে অসমত ক’ভিড নাই বাবেই প্রিয়ংকা–ৰাহুলে সঘনাই অসমলৈ আহিব পাৰিছে৷

কলিয়াবৰত অগপ–বিজেপিৰ মিত্রজোঁটৰ প্রার্থী কেশৱ মহন্তৰ হৈ পুনৰ প্রচাৰ ড০ শর্মাৰ

কলিয়াবৰত অগপ–বিজেপি মিত্রজোঁটৰ প্রার্থী কেশৱ মহন্তৰ হৈ আজি বিশাল কাৰ ৰেলী কৰি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নির্বাচনী প্রচাৰ চলায়৷ আজি পুৱা নলতলীৰ আৰিমৰা খেলপথাৰৰ পৰা বিশাল ৰেলীত হাজাৰ হাজাৰ ৰাইজৰ লগতে অগপ–বিজেপি কর্মীয়ে অংশগ্রহণ কৰে৷ পথৰ দুয়ো কাষে অজস্র ৰাইজে হাতত গামোচা, ফুলেৰে জননেতাগৰাকীক আদৰে৷ স্মর্তব্য যে যোৱা ২২ মার্চত কুঁৱৰীতল গান্ধী খেলপথাৰত ১৫ সহস্রাধিক লোকৰ উপস্থিতিত মন্ত্রী ড০ শর্মাই নির্বাচনী প্রচাৰ চলাইছিল৷ সেইদিনা ৰাইজৰ পাৰভগা উছাহ দেখি তেওঁ পুনৰ কলিয়াবৰলৈ আহিম বুলি কৈছিল৷ সেই প্রতিশ্রুতি ৰক্ষা কৰি আজি পুনৰ তেওঁ কলিয়াবৰত উপস্থিত হৈ কেশৱ মহন্তৰ হৈ নির্বাচনী প্রচাৰ চলায়৷ আজিৰ বিশাল ৰেলী কলিয়াবৰৰ নলতলী, যমখলা, ভোমোৰাগুৰি, হাতীয়েখোৱা, উলূৱনি, ঔগুৰি, বৰভগীয়া, নামগাঁও, পানীগাঁৱৰ মাজেৰে গৈ মিছা কলবস্তিত অন্ত পৰে৷

মেৰাপানীত অজন্তা নেওগৰ হৈ ড০ শর্মাৰ নির্বাচনী প্রচাৰ

গোলাঘাট সমষ্টিৰ মেৰাপানীত বিজেপি প্রার্থী অজন্তা নেওগৰ হৈ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নির্বাচনী প্রচাৰ চলায়৷ দিনৰ প্রায় ১২ বজাত হেলিকপ্ঢাৰেৰে মেৰাপানীৰ ৰাজহুৱা খেলপথাৰত উপস্থিত হৈ নির্বাচনী সমাৱেশখনত ভাষণ দি মন্ত্রী ড০ শর্মাই কয় যে অজন্তা নেওগ হ’ল উজনি অসমৰ ৰাজনৈতিক দক্ষতাসম্পন্ন নেত্রী৷ অজন্তা নেওগক তেওঁ নিজেই বিজেপিলৈ জোৰ কৰি আনিছে৷ কংগ্রেছৰ দিনতো অজন্তা নেওগে গোলাঘাটৰ উন্নয়ন কৰিছে৷ উন্নয়নেই অজন্তা নেওগৰ মূল লক্ষ্য৷ এতিয়া অজন্তা নেওগ বিজেপিলৈ আহিছে৷ কংগ্রেছৰ দিনত কৰিব নোৱাৰা কাম বিজেপিৰ দিনত কৰিব৷ সেয়ে তেওঁ ৰাইজক অজন্তা নেওগক জয়ী কৰোৱাৰ বাবে আহ্বান জনায়৷ নির্বাচনী সমাৱেশখনত তেওঁ কংগ্রেছক কটাক্ষ কৰি কয় যে অসমলৈ বদনে মান আনিছিল আৰু এতিয়া কংগ্রেছে আজমলক আনিছে৷ অসমৰ ৰাইজক এইবাৰ নতুন অসম গঢ়াৰ সংকল্প লৈ ২৭ মার্চত পদুম ফুলৰ চিহ্ণত ভোট দি বিজেপিক জয়যুক্ত কৰিবলৈ আহ্বান জনায়৷ নির্বাচনী সমাৱেশখনত তেওঁ এইবাৰ বিজেপি চৰকাৰ আহিলে গোলাঘাটত এখন মেডিকেল কলেজ স্থাপন আৰু মেৰাপানীত প্রশাসনিক মহকুমা কার্যক্ষম কৰাৰ প্রতিশ্রুতি দিয়ে৷

স্নাতক–স্নাতকোত্তৰ ছাত্রীক বিনামূলীয়াকৈ স্কুটী, মহিলাসকলৰ
মাইক্র’ফাইনেঞ্চৰ সমুদায় ঋণ পৰিশোধঃ লাহোৱালত মন্ত্রী ড০ শর্মাৰ প্রতিশ্রুতি

লাহোৱাল বিধানসভা সমষ্টিৰ বকুল গাঁও পঞ্চায়তৰ অন্তর্গত বকুল মাজগাঁও খেলপথাৰত এখন বিশাল নির্বাচনী সমাৱেশত অংশগ্রহণ কৰি কংগ্রেছ আৰু এআইইউডিএফক ক্ষুৰধাৰ সমালোচনা কৰে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ সমষ্টিটোৰ দলীয় প্রার্থী বিনোদ হাজৰিকাৰ হৈ প্রচাৰ চলাই মন্ত্রী ড০ শর্মাই কয় যে পূর্বৰ কংগ্রেছ চৰকাৰে চাহ বাগিচা এলেকাৰ উন্নয়নৰ বাবে কোনো কাম কৰা নাছিল৷ বর্তমানৰ চৰকাৰখনে চাহ বাগিচা এলেকাত হাইস্কুল স্থাপন কৰিছে৷ প্রতিখন বাগিচাত এক কিলোমিটাৰকৈ পথ পকীকৰণ কৰিছে আৰু প্রতিজন শ্রমিকৰ নামত বেংক একাউণ্ট খুলি জনধন আঁচনিৰ যোগেদি আঠ হাজাৰ টকাকৈ প্রদান কৰিছে৷ বর্তমান প্রাথমিকৰ পৰা উচ্চতৰ মাধ্যমিকলৈ ছাত্র–ছাত্রীৰ নামভর্তি বিনামূলীয়া কৰাৰ লগতে বিনামূলীয়াকৈ পাঠ্যপুথি যোগান ধৰিছে৷ অনাগত দিনত বিশ্ববিদ্যালয় পর্যায়লৈকে ছাত্র–ছাত্রীৰ নামভর্তি বিনামূলীয়া কৰিব৷ তদুপৰি স্নাতক আৰু স্নাতকোত্তৰ শ্রেণীত অধ্যয়নৰত ছাত্রীক বিনামূলীয়াকৈ স্কুটী প্রদান কৰিব৷

ইয়াৰ উপৰি মহিলাসকলে মাইক্র’ফাইনেঞ্চৰ পৰা লোৱা ঋণৰ সমুদায় চৰকাৰে পৰিশোধ কৰিব৷ ২০২২ বর্ষৰ ৩১ মার্চৰ ভিতৰত এক লাখ নিবনুৱা যুৱক–যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিয়া হ’ব৷ আনহাতে বদৰুদ্দিন আজমলক সমালোচনা কৰি তেওঁ কয় যে তেওঁ বর্তমান সংখ্যালঘু মহিলাসকলক কেৱল সন্তান জন্ম দি জনসংখ্যা বৃদ্ধি কৰাতহে উৎসাহিত কৰি আহিছে৷ ভাষণত তেওঁ সমষ্টিটোৰ বিজেপি প্রার্থী বিনোদ হাজৰিকাক বিপুল ভোটত জয়ী কৰোৱাৰ বাবে আহ্বান জনাই কয় যে চৰকাৰ গঠনৰ পিছতেই সমষ্টিটোৰ বর্তমানৰ বিধায়ক ঋতুপর্ণ বৰুৱাক ভাল পদত নিয়োগ কৰা হ’ব৷ আজিৰ এই নির্বাচনী সমাৱেশতে নৱগঠিত মটক স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা সদস্য দীপজয় শইকীয়াই মন্ত্রী ড০ শর্মাক সম্বর্ধনা জনায়৷

চাবুৱাত অগপৰ পোনাকণ বৰুৱাৰ
হৈ ড০ শর্মাৰ প্রচাৰঃ ক’ভিড নাই বাবে প্রিয়ংকা–ৰাহুল আহি থাকে অসমলৈ

চাবুৱাত মিত্রজোঁট অগপৰ প্রার্থী পোনাকণ বৰুৱাৰ হৈ বুধবাৰে নির্বাচনী প্রচাৰ চলায় মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ হাজাৰ হাজাৰ জনতাৰ উপস্থিতিত নির্বাচনী গীতৰ তালে তালে নৃত্য কৰি মন্ত্রী ড০ শর্মাই কংগ্রেছক ক্ষুৰধাৰ সমালোচনা কৰে৷ ৰাহুল গান্ধীয়ে চাহ শ্রমিকৰ মজুৰি ৬ ঘণ্টাৰ ভিতৰত বৃদ্ধি কৰিব বুলি কৰা মন্তব্যক কটাক্ষ কৰি তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে কংগ্রেছৰ চৰকাৰ অসমত নহয়, বাংলাদেশতহে হ’ব৷

কংগ্রেছ ৭০ বছৰ আসনত আছিল৷ সেই সময়ত তেওঁলোকে সেই কাম নকৰিলে কিয়? ৰাহুল গান্ধীয়ে ভবা ৬ ঘণ্টা কেতিয়াও নাহে৷ জৱাহৰলাল নেহৰু, ৰাজীৱ গান্ধীৰ দিনত, ছোনিয়া গান্ধীৰ দিনত চাহ শ্রমিকৰ হৈ তেওঁলোকে একো নকৰিলে কিয়? যেতিয়া সময় আছিল, তেতিয়াই চাহ শ্রমিকৰ বাবে কংগ্রেছে কান্দিব লাগিছিল৷ দিল্লীৰ ১০নং জনপথৰ ৰাহুল গান্ধীৰ ঘৰলৈ চাবুৱা বাগানৰ পৰা ২০গৰাকী মহিলাক নি একেখন টেবুলত ভাত খুৱাওকচোন৷ ফটো উঠিবৰ কাৰণে ইয়াত ৰাহুল গান্ধীয়ে চাহ শ্রমিকৰ সৈতে ভাত খাইছে৷ এইটো দৰিদ্রতাৰ পর্যটন৷ মানুহৰ দুখ চাবলৈ আহি ফটো উঠাটোক কয় প’ভার্টী ট্যুৰিজম৷

সেইদৰে অখিল গগৈ সন্দর্ভতো কয় যে অখিলক বিজেপিত নালাগে৷ বিজেপিত আহি আকৌ টায়াৰ–টিউব জ্বলাব৷ অখিল গগৈ জে’লত নাই৷ গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতালৰ পেয়িং কেবিনত আছে৷ সেইদৰে বিজেপি ত্যাগ কৰি প্রিয়ংকা নেওগে নির্দলীয় ৰূপে নির্বাচনত অৱতীর্ণ হোৱাটো ভাল হোৱা নাই বুলি মন্তব্য কৰি তেওঁ কয় যে ইয়াত দেশৰ প্রধানমন্ত্রীগৰাকী আহি গৈছে আৰু অগপক চাবুৱাৰ আসনখন এৰি দিয়া হৈছে৷ সেয়ে প্রিয়ংকা নেওগে যিটো কৰিছে, ভাল হোৱা নাই৷ এইখন মুখ্যমন্ত্রীৰ জন্মস্থান৷ সেয়ে প্রিয়ংকা নেওগৰ সেই কাম বেয়া হৈছে৷ ‘কা’ আন্দোলনে চাবুৱাত মিত্রজোঁটৰ প্রার্থীগৰাকীক একো ক্ষতি নকৰে বুলি মন্তব্য কৰি কয় যে ‘কা’ক ইতিমধ্যে ক’ভিডে ধুই গুচি গৈছে৷

তেওঁ আৰু কয় যে চাবুৱাত এইবাৰ ৰাইজে পদুমৰ সলনি হাতী পাব৷ হাতী আৰু পদুম দুয়োটাই পৱিত্র৷ হাতী মানে গণেশ আৰু পদুম ফুলক পূজাত লগাওঁ৷ আমাৰ মাজত কাৰোৱেই কাজিয়া নাই বাবেই ক’ৰবাত হাতী, ক’ৰবাত পদুম৷ বিগত সময়ত চৰকাৰ গঠন হৈছিল অগপ দলে বিজেপিক সমর্থন দিয়াৰ বাবেহে৷ তাৰ বাবেই সর্বানন্দ সোণোৱাল মুখ্যমন্ত্রী হৈছিল৷ এইবাৰো অগপই সমর্থন দিলেহে চৰকাৰ হ’ব৷ ঘৰত এখন গাড়ী থাকিলে ভাই–ককায়ে বুজাবুজিৰে চলোৱাৰ দৰে চাবুৱাত প্রার্থিত্ব প্রদানৰ বিষয়টোও একেই বুলি তুলনা কৰি তেওঁ কয় যে চাবুৱাত মিত্রজোঁটৰ পৰাজয় হ’লে মুখ্যমন্ত্রী সোণোৱালৰ নামটোহে অসমত বেয়া হ’ব৷ সেইখিনি বদনামৰ চিন্তা বিজেপিৰ মানুহখিনিয়েই কৰিব লাগিব৷ নির্দলীয় প্রার্থী প্রিয়ংকা নেওগক আজিৰে পৰা হাতীৰ পাছত লাগিবলৈ তেওঁ আহ্বান জনায়৷ চাহ শ্রমিকৰ বর্ধিত মজুৰিৰ বিষয়টো মালিক পক্ষই অমান্তি হৈ আদালতলৈ যোৱাৰ প্রসংগত তেওঁ কয় যে তেওঁলোকে ২১৮ টকা মজুৰি নিদিলে চৰকাৰ অহাৰ পাছত ৩৫০ টকা দিব লাগিব৷

লুৰিণজ্যোতিক পাম্প নোহোৱা ফুটবল আখ্যা ড০ শর্মাৰ

দুলীয়াজান সমষ্টিৰ বিজেপি প্রার্থী তেৰছ গোৱালাৰ হৈ বুধবাৰে নির্বাচনী প্রচাৰ চলালে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ দুলীয়াজান আৰু টেঙাখাট মণ্ডল বিজেপিৰ উদ্যোগত ডিৰিয়াল চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত নির্বাচনী সমাৱেশখনত কংগ্রেছক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে যেতিয়া কংগ্রেছৰ চৰকাৰ আছিল, তেতিয়া চাকৰি নাছিল৷ ধুতী–লুঙি–সূতা–কম্ব আছিল৷ ধুতী–লুঙি দিয়া কংগ্রেছে দিয়া গেৰাণ্টী এটা গেঞ্জিৰ লগত দুটা ফ্রীৰ দৰে৷ জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, ছোনিয়া গান্ধী থাকোঁতে গেৰাণ্টী দিবলৈ সময় নাপালে৷ যেতিয়া বিজেপিয়ে কংগ্রেছক বনবাস দিলে, তেতিয়া জংঘলৰ পৰা গেৰাণ্টী দিবলৈ আহিছে কংগ্রেছ দল৷ এতিয়া বাগিচাৰ শ্রমিকৰ কাৰণে কংগ্রেছে কন্দাৰ নাটক কৰি আছে৷ আগতে চৰকাৰ চলাওঁতে কি কৰি আছিল? কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধীক সমালোচনা কৰি কয় যে নির্বাচনৰ সময়ত বাগানলৈ মনত পৰিল, পাতো তুলিছে৷ কিন্তু সাত দিন বাগিচাৰ পাত তুলি চোৱা, বাগিচাৰ শ্রমিকৰ কষ্ট কিমান বুজি পাবা৷ সেইদৰে আন্দোলন কৰা আৰু দেশ চলোৱা দুটা বেলেগ বিষয় বুলি উল্লেখ কৰি তেওঁ অজাপৰ প্রার্থী লুৰিণজ্যোতি গগৈক পাম্প নোহোৱা ফুটবলৰ আখ্যা দিয়াৰ লগতে কংগ্রেছ প্রার্থী ধ্রুৱজ্যোতি গগৈকো সমালোচনা কৰে৷ ধ্রুৱজ্যোতি গগৈয়ে ‘কা’ আন্দোলন কৰিবলৈ গৈ মন্ত্রী ৰামেশ্বৰ তেলীৰ বাসগৃহ জ্বলাই দিবলৈ গৈছিল৷ যি কংগ্রেছে বদৰুদ্দিন আজমলৰ লগত সম্পর্ক কৰে, সেই কংগ্রেছ প্রার্থীৰ ‘কা’ আইনৰ সৈতে কি সম্পর্ক আছে? বিজেপি প্রার্থীৰ পিছফালে মোদী থকাৰ দৰে কংগ্রেছৰ প্রার্থীৰ পিছফালে আজমল আছে৷

নাহৰকটীয়াক দ্বিতীয় জালুকবাৰী কৰাৰ প্রতিশ্রুতি ড০ শর্মাৰ

নাহৰকটীয়া সমষ্টিত বিজেপি প্রার্থী তৰংগ গগৈৰ হৈ আজি দ্বিতীয়বাৰৰ বাবে নির্বাচনী প্রচাৰ চলাবৰ বাবে সমষ্টিটোত উপস্থিত হয় মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ বুধবাৰে সন্ধিয়া প্রায় ৬ বজাত নামৰূপ পৌৰসভা কার্যালয় প্রাংগণৰ পৰা কেইবাসহস্র লোকক লৈ মন্ত্রী ড০ শর্মাই পদযাত্রা কৰে৷ সমষ্টিটোৰ বালুঘাট এলেকাৰ পৰা নাহৰকটীয়া নগাঁও তিনিআলি পর্যন্ত প্রায় তিনি কিলোমিটাৰ পদযাত্রাৰ সময়ত অনুগামীসকলে হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, তৰংগ গগৈ জিন্দাবাদ, বিজেপি জিন্দাবাদ ধ্বনি দিয়ে৷ আজিৰ এই পদযাত্রাত নামৰূপৰ পার্শ্বৱর্তী গাঁও অঞ্চলৰ মহিলাসকলৰ লগতে সহস্রাধিক নৱপ্রজন্মৰ যুৱক–যুৱতীৰ অংশগ্রহণ আছিল উৎসাহজনক৷ আজিৰ এই পদযাত্রাত মন্ত্রী ড০ শর্মাই তৰংগ গগৈ জয়ী হ’লে নাহৰকটীয়া সমষ্টিক দ্বিতীয় জালুকবাৰী কৰাৰ প্রতিশ্রুতি দিয়ে৷

RELATED ARTICLES