peepl-small

লোকপ্রিয়ৰ পথেৰে খোজ ড০ শর্মাৰ

PUBLISHED:

১৯৪৮ চনৰ ৬ মে’ৰ দিনাখন তেতিয়াৰ মুখ্যমন্ত্রী লোকপ্রিয় গোপীনাথ বৰদলৈয়ে ‘পার্লামেণ্টৰী ছেক্রেটৰী’ মহেন্দ্রমোহন চৌধুৰীৰ লগত মঙলদৈ মহকুমাৰ মোৱামাৰী ৰিজার্ভ পৰিদর্শন কৰি ট্রেক্টৰেৰে হাল বাবলৈ আৰম্ভ কৰা প্রায় তিনি হাজাৰ বিঘা মাটিৰ চাৰিওদিশ পৰিদর্শন কৰে৷ এই অঞ্চলৰ প্রায় ১৪০০ বিঘা মাটিৰ পৰা বেদখলকাৰী পমুৱাক উচ্ছেদ কৰা হৈছিল৷ ‘১৯৪৬ চনৰ পৰা ১৯৪৮ চনৰ মে’ৰ ভিতৰত অসম চৰকাৰে উচ্ছেদ নীতি অনুসৰি এই অঞ্চলত মুঠ ২,৫০০ বেদখলকাৰীক উচ্ছেদ কৰিছিল৷ অসম চৰকাৰে ‘ষ্টেট ফার্মি আঁচনি’ অনুসৰি ৰিজার্ভত যন্ত্রপাতিৰ সহায়েৰে খেতি কৰাৰ ব্যৱস্থা হাতত লৈছিল৷ বৰদলৈদেৱে আশা প্রকাশ কৰিছিল যে মোৱামাৰী ৰিজার্ভৰ এই বিশাল অঞ্চলটো যেতিয়া খেতিৰ উপযোগী কৰি ‘ষ্টেট ফার্মি’ নাইবা সমবায় ফার্মিঙৰ যোগে শস্য উৎপাদন কৰিব পৰা হ’ব, তেতিয়া সৰহ খাদ্য উৎপাদন অভিযানৰ ই অশেষ উন্নতি সাধিব৷’

বৰদলৈয়ে বেদখলমুক্ত কৰা, কৃষিৰ আধুনিকীকৰণ কৰা, বিশ্ববিদ্যালয় স্থাপন কৰা আদি কামত ব্যস্ত থকাৰ সময়ত সুৰেন্দ্রনাথ বুঢ়াগোহাঁই, ডাঃ ইমৰান হুছেইন চৌধুৰী, ছাৰৱান আদিয়ে মহম্মদ শ্বাদুল্লাক নেতা হিচাপে লৈ ১৯৪৮ চনৰ ৮ আৰু ৯ মে’ত ডিব্রুগড়ত সন্মিলন পাতি ‘অল আছাম ইউনাইটেড পিপ্লছ পার্টী’ গঠনৰ প্রস্তুতি সম্পূর্ণ কৰি তুলিছিল৷ বৰদলৈ চৰকাৰৰ মাটি সম্পর্কীয় নীতিকে ধৰি বহুতো আঁচনিৰ বিৰোধিতা কৰিবলৈ শ্বাদুল্লাৰ নেতৃত্বত এই দল গঠনৰ প্রস্তুতি চলিছিল৷ বৰদলৈৰ পথ মসৃণ নাছিল৷ এনেকুৱা একাংশ নেতাই ইংৰাজ দলৰ কু–চক্রত পৰি ‘অসমৰ সন্মিলিত দল’ নামে কংগ্রেছবিৰোধী দল গঠন কৰি ৫৬জন সভ্যৰ যোগ দেখুৱাই বিভীষিকা সৃষ্টি কৰিছিল (জয়ন্তীৰ সম্পাদকীয়ৰ পৰা উদ্ধৃত)৷ বৰদলৈ ডাঙৰীয়াই ট্রাইবেল, ‘অনুন্নত জাতি’, ‘অসমীয়া জাতীয় দল’, ‘সংৰক্ষিণী দল’, সুৰসা উপত্যকাৰ স্বাধীন দল আদিক লগত লৈ আগবাঢ়িছিল৷

স্বাধীনতা লাভৰ পিছত বিধানসভাৰ প্রথম অধিৱেশনতে বৰদলৈদেৱে গুৱাহাটী বিশ্ববিদ্যালয় স্থাপনৰ বাবে বিধেয়ক উত্থাপন কৰিছিল৷ মুছলিম বিধায়কসকলে ইয়াতো ধর্মীয় সংৰক্ষণৰ দাবী উত্থাপন কৰিছিল যদিও সেই দাবী নজৰিল৷ ইয়াৰ পূর্বে গান্ধীজীৰ ধর্মনিৰপেক্ষ শিক্ষাৰ প্রস্তাৱো অসমৰ মুছলিম নেতাসকলে প্রত্যাখ্যান কৰিছিল৷ নতুন ঔপনিৱেশিক শক্তিৰ ৰূপত অহা পমুৱা মুছলমানৰ ভয়াৱহ আগ্রাসন প্রতিৰোধ কৰিবলৈ বৰদলৈ ডাঙৰীয়া তৎপৰ আছিল৷ বৰদলৈৰ পিছত বিষ্ণুৰাম মেধি, বিমলাপ্রসাদ চলিহাই অনুপ্রৱেশকাৰীৰ বিৰুদ্ধে শক্তিশালী ব্যৱস্থা লৈছিল যদিও ইয়াৰ পৰৱর্তী সময়ত কংগ্রেছ কক্ষচ্যুত হ’বলৈ ধৰে৷

অসমকেন্দ্রিক ৰাজনীতিৰ পৰিৱর্তে ব্যক্তি স্বার্থকেন্দ্রিক ৰাজনীতি, ‘বিসম্বাদ’ৰ ৰাজনীতিৰ আমদানি হ’ল৷ ফখৰুদ্দিন আলি আহমেদ, মইনুল হক আদিৰ দপ্দপনি বাঢ়িল, কংগ্রেছৰ ৰাজনীতিত এক শক্তিশালী ইছলামিক লবীৰ সৃষ্টি হ’ল৷ বর্তমান সময়ত ৰকিবুল হুছেইন আৰু আব্দুল খালেকে কংগ্রেছত সেই ইছলামিক ৰাজনীতিৰ নেতৃত্ব লৈ আছে৷ ৰহিংগ্যা অনুপ্রৱেশকাৰীৰ বাবে মৰিবলৈও প্রস্তুত বুলি ঘোষণা কৰা আব্দুল খালেকে ২০২১ৰ বিধানসভা নির্বাচনত সত্র নগৰীখ্যাত বৰপেটা বিধানসভা সমষ্টিত অমুছলমান প্রার্থীৰ প্রক্ষেপৰ তীব্র বিৰোধিতা কৰিছিল বুলি বাতৰি প্রকাশ পাইছে৷ মুছলমান সংখ্যাধিক্য হৈ পৰা সমষ্টিটোত কংগ্রেছে এজন মুছলমানকে প্রার্থিত্ব দিছিল আৰু জয়ীও হৈছে৷ কক্ষচ্যুত কংগ্রেছৰ ‘ভোটবেংক’ৰ ৰাজনীতিয়ে অনুপ্রৱেশকাৰীক উৎসাহিত কৰাৰ কাম কৰিলে, অনুপ্রৱেশকাৰীয়ে মন্দিৰ, সত্র, বনাঞ্চল আদিৰ মাটি বেদখল কৰিলে৷ হৰিশংকৰ ব্রহ্ম কমিটীৰ তথ্য মতে অসমৰ ৬৩ লাখ বিঘা ভূমি বেদখলকাৰীৰ কবলত পৰিছে৷ কাজিৰঙা, মানাহ আদি অভয়াৰণ্যও বাদ পৰা নাই৷

নামনি, মধ্য অসমৰ পিছত উজনিলৈ প্রব্রজনকাৰীৰ আগ্রাসন আৰম্ভ হৈছে৷ চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ আঁচনি লৈ বর্তমানৰ হিমন্ত বিশ্ব শর্মা মন্ত্রীসভাই কাম–কাজ আৰম্ভ কৰিছে৷ দৰং জিলাৰ ধোলপুৰৰ ঐতিহাসিক শিৱমন্দিৰৰ ১২০ বিঘা ভূমিৰ পৰা বেদখলকাৰী পমুৱা/বাংলাদেশী মুছলমানক উচ্ছেদ কৰাৰ পিছত সেই ঠাই পৰিদর্শন কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সকলো চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ সংকল্প দোহাৰে৷ ছিপাঝাৰৰ বেদখলকৃত ৭৭৪২০ বিঘাভূমি বেদখলমুক্ত কৰি তাত কৃষিপাম গঢ়ি তোলা হ’ব বুলি মুখ্যমন্ত্রীয়ে ঘোষণা কৰে৷ মুখ্যমন্ত্রীয়ে লগতে পমুৱা মুছলমানক জনসংখ্যা নিয়ন্ত্রণ কৰিবলৈ আহ্বান জনায়৷

মুখ্যমন্ত্রীয়ে পমুৱা মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ কথা উনুকিয়াই দিয়াত কংগ্রেছ, এ আই ইউ ডি এফ আৰু একাংশ সংবাদ মাধ্যমে বিৰোধিতা কৰিছে৷ মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ হাৰ কমিছে বুলি দেখুৱাবলৈNational Family Health Survey-5 ৰ তথ্য দেখুওৱা হৈছে৷ পূর্বৰ তুলনাত মুছলমানৰ প্রজনন হাৰ সামান্য কমিছে যদিও সেয়া খিলঞ্জীয়া মুছলমানৰহে কমিছে, পূর্ববংগীয় মুছলমান অধ্যুষিত জিলাসমূহত মুছলমানৰ প্রজনন হাৰ প্রায় ৩.৫– যিটো অসমৰ হিন্দুৰ মুঠ প্রজনন হাৰতকৈ ১১৮.৭৫ শতাংশ বেছি৷ অসমৰ পূর্ববংগীয় মুছলমান অধ্যুষিত জিলাসমূহৰ মুছলমানৰ এই মুঠ প্রজনন হাৰ সর্বভাৰতীয় মুঠ প্রজনন হাৰতকৈ প্রায় ৮৪.২১ শতাংশ বেছি৷ পূর্ববংগীয় আৰু থলুৱা মুছলমানৰ সামগ্রিকভাৱে মুঠ প্রজনন হাৰ হ’ল ২.৪ (২০১৯–২০তNational Family Health Survey-5ৰ মতে) সর্বভাৰতীয় মুঠ প্রজনন হাৰ হ’ল ১.৯৷ অর্থাৎ সর্বভাৰতীয় মুঠ প্রজনন হাৰৰ তুলনাত অসমৰ মুছলমানৰ মুঠ প্রজনন হাৰ ২৬.৩২ শতাংশ বেছি৷ আনহাতে অসমৰ হিন্দুৰ মুঠ প্রজনন হাৰ ১.৬, যিটো সর্বভাৰতীয় হাৰতকৈ ১৮.৭৫ শতাংশ তলত৷

পূর্ববংগীয় মুছলমানৰ জনসংখ্যা নিয়ন্ত্রণে খিলঞ্জীয়াৰ আশংকাক লাঘৱ কৰাৰ লগতে পূর্ববংগীয় মুছলমান সমাজৰ উন্নতিতো সহায়ক হ’ব৷ ড০ হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াৰ জন্ম–নিয়ন্ত্রণৰ যি আহ্বান পূর্ববংগীয় মুছলমান সমাজলৈ, সেয়া যোগাত্মক দৃষ্টিৰে গ্রহণ কৰাতহে মুছলমান সমাজৰ উন্নতি আছে আত্মমন্থন কৰি প্রগতিৰ আৰু ভাতৃত্ববোধৰ পথেৰে আগুৱালে সকলোৰে মংগল৷ জনসংখ্যাৰ বিস্ফোৰণে মাটিকে ধৰি সকলো সম্পদৰ ওপৰত প্রচণ্ড হেঁচাৰ সৃষ্টি কৰিছে৷ গোপীনাথ বৰদলৈদেৱে জনজাতিৰ ভূমি সংৰক্ষণৰ বাবে ট্রাইবেল বেল্ট আৰু ব্লকৰ ব্যৱস্থা কৰিছিল ট্রাইবেল বেল্টৰ ভূমিও এতিয়া বেদখলকাৰীৰ কবলত৷ ট্রাইবেল জনজাতিৰ ভুমি সংৰক্ষণৰ বাবে ট্রাইবেল বেল্ট আৰু ব্লকৰ ব্যৱস্থা কৰিছিল৷ ট্রাইবেল বেল্টৰ ভূমিও এতিয়া বেদখলকাৰীৰ কবলত৷

ট্রাইবেল সমাজ অসমীয়া সমাজৰ অন্যতম দিশ নির্ণায়ক শক্তি, জাতি–জনগোষ্ঠীৰ একত্রিকৰণতহে বা একাত্মবোধতহে বৃহত্তৰ অসমীয়া সমাজখনৰ সুৰক্ষিত ভৱিষ্যতৰ ইংগিত আছে৷ বর্তমানৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াই সেই কথা হূদয়ংগম কৰি আগবাঢ়িছে৷ বড়ো জনজাতিৰ শক্তিশালী প্রতিনিধি বিশ্বজিত দৈমাৰীক বিধানসভাৰ অধ্যক্ষ মনোনীত কৰা হৈছে, মিচিং সমাজৰ পৰা অহা ডাঃ ৰণোজ পেগুক শিক্ষামন্ত্রীৰ দৰে গুৰুত্বপূর্ণ বিভাগ দিয়া হৈছে৷ গাৰো জনগোষ্ঠীৰ পৰা অহা ডাঃ নোমল মোমিনক উপাধ্যক্ষ হিচাপে মনোনীত কৰা হৈছে৷ বৰদলৈদেৱে ভীমবৰ দেউৰীৰ দৰে নেতাক লগত লৈ আগবাঢ়িছিল৷ বিটিআৰ চুক্তিৰ জৰিয়তে বি টি এ ডিলৈ শান্তি ঘূৰাই অনাত ড০ শর্মা ডাঙৰীয়াই আগভাগ লৈছিল৷ এতিয়া কার্বি পাহাৰৰ উগ্রপন্থী গোটৰ লগতো শান্তি চুক্তি কৰিব গৈ আছে এয়া ৰাজ্যখনত স্থায়ী শান্তি প্রতিষ্ঠাৰ দিশত অত্যন্ত যোগাত্মাক ঘটনা৷

বৰদলৈয়ে মুছলিম লীগৰ পৰা যি প্রত্যাহ্বান পাইছিল, তদ্রূপ প্রত্যাহ্বান বর্তমান সময়তো বেলেগ বেলেগ ৰূপত দেখা দিছে৷ এক ইছলামিক বিচ্ছিন্নতাবাদী গতিবিধি চৰ অঞ্চল বিশেষত দেখা পোৱা গৈছে৷ ‘মিঞা কবি গেং’ৰ জন্ম হৈছে৷ অসমীয়া সংস্কৃতিক প্রত্যাহ্বান জনাই মিঞা বাগধাৰা’ নির্মাণৰ কামত ব্রতী হৈ আছে এচাম মিঞা৷ এআইইউডিএফে এইসকলক সাৰ পানী যোগান ধৰি আছে ‘মিঞা কবি গেং’ৰ নেতাক বিধানসভাত টিকট দি বিধায়ক হিচাপে নির্বাচিত কৰি আনিছে৷ ‘কা’ত বিৰোধী আন্দোলনৰ গইনা লৈ ইছলামিষ্ট উপাদান কিছুমানে শংকৰদেৱ কলাক্ষেত্র আক্রমণ কৰিছিল, বৰক্ষেত্রীৰ শনি মন্দিৰ ধ্বংস কৰিছিল৷ কিছু বছৰ আগতে আমছুৰ নেতা কামাল পাছাই বৰপেটা, গোৱালপাৰাৰ পৰা অসমীয়া মানুহক খেদি পঠোৱাৰ হুংকাৰ দিছিল ইছলামিক মৌলবাদী নেতাৰ উচটনিত এন আৰ চিৰ বিৰোধিতা কৰিবলৈ বৰপেটা উপায়ুক্তৰ কার্যালয় আক্রমণ কৰা হৈছিল৷ এ আই ইউ ডি এফ নেতাই নামনি অসমত মুছলিম ৰাজ্যৰ দাবী উত্থাপন কৰিছিল৷ আহি থকা সময়তো ন ন ৰূপত ইছলামিষ্ট প্রত্যাহ্বান অহাৰ আশংকা আছে৷ আশা কৰোঁ ড০ হিমন্ত বিশ্ব শর্মাই সেই প্রত্যাহ্বান প্রতিৰোধ কৰি অসমখন সুৰক্ষিত কৰি ৰাখিব৷

-ড০ জ্ঞানেন্দ্র বর্মন
9864444986

 

RELATED ARTICLES