peepl-small

অলিম্পিকলৈ আত্মবিশ্বাসী হিমা দাসঃ যোগ্যতা অর্জন কৰিব মহিলাৰ ৪x১০০ মিটাৰ ৰীলে দলে

PUBLISHED:

গুৱাহাটীঃ  আগন্তুক টকিঅ’ অলিম্পিকলৈ যোগ্যতা অর্জন কৰিব পাৰিব বুলি আত্মবিশ্বাসী অসমকন্যা হিমা দাস৷ ভাৰতৰ মহিলাৰ ৪x১০০ মিটাৰ ৰীলে দলটোৱে জুলাই–আগষ্ট মাহত হ’বলগীয়া বিশ্ব ক্রীড়াৰ সর্ববৃহৎ প্রতিযোগিতাখনলৈ যোগ্যতা অর্জন কৰিব পাৰিব বুলি আত্মবিশ্বাসী ভাৰতৰ তাৰকা স্প্রিণ্টাৰগৰাকী৷

অহা মাহত পোলেণ্ডত হ’বলগীয়া বিশ্ব এথলেটিক্ছ ৰীলেত অংশগ্রহণ কৰি ভাৰতীয় ৰীলে দলটোৱে টকিঅ’ অলিম্পিকলৈ যোগ্যতা অর্জন কৰিব পাৰিব বুলি আশা ব্যক্ত কৰি সংবাদ প্রতিষ্ঠানৰে হোৱা এক বার্তালাপত কয় যে বর্তমান তেওঁৰ লগতে দলটোৰ বাকী সদস্যসকলেও পূর্ণ প্রস্তুতি চলাই আছে৷

বিগত মার্চ মাহত ভাৰতত অনুষ্ঠিত ফেডাৰেচন কাপৰ ব্যক্তিগত ইভেণ্টত সতীর্থসকলে উন্নত প্রদর্শন দাঙি ধৰিবলৈ সক্ষম হৈছিল৷ আশা কৰোঁ ৱর্ল্ড এথলেটিক্ছ ৰীলেতো সতীর্থসকলে উন্নত প্রদর্শন দাঙি ধৰি টকি’ অলিম্পিকলৈ যোগ্যতা অর্জন কৰিব পাৰিব৷

উল্লেখ্য যে ৪x১০০ মিটাৰ ৰীলে দলটোত হিমা দাসৰ উপৰি ডুটি চান্দ, অর্চনা সুচেন্দ্রন, এছ ধনলক্ষ্মী, হিমাশ্রী ৰয় আৰু এটি ধনেশ্বৰীও আছে৷

RELATED ARTICLES