peepl-small

নিযুক্তি–উচ্চ শিক্ষাৰ পৰীক্ষাত অনুমতি ৰাজ্য চৰকাৰৰ নির্দেশনা

PUBLISHED:

গুৱাহাটী: ৰাজ্যত পুনৰ ২,১৬৯জন লোক ক’ভিডত আক্রান্ত হৈছে৷ মঙলবাৰে আক্রান্তৰ হাৰ ১.৭৪ শতাংশলৈ হ্রাস পাইছে৷ বিগত ২৪ ঘণ্টাত মুঠ ১,২৪,৩৮১টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ২৫৮জন কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি গোলাঘাটৰ ২৩২জন, লখিমপুৰৰ ১৩৮জন আৰু শোণিতপুৰৰ ১১৬জন আক্রান্ত হৈছে ক’ভিডত৷ 

মঙলবাৰে ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ২৩জন৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত তিনিজনকৈ লোক যোৰহাট আৰু গোলাঘাটৰ৷ তদুপৰি কার্বি আংলং, নগাঁও আৰু তিনিচুকীয়াৰ দুজনকৈ লোকে প্রাণ হেৰুৱাইছে ক’ভিডত৷ বিশ্বনাথ–চিৰাং–ডিব্ৰুগড়, মহানগৰ–কামৰূপ– এজনকৈ লোকৰ ক’ভিডত মৃত্যু হৈছে৷ মঙলবাৰে সুস্থ হৈছে ১,৪৫৬জন লোক৷ সম্প্রতি চিকিৎসাধীন হৈ আছে ২০,২৮৪জন লোক৷

ইপিনে মঙলবাৰে কেইবাটাও গুৰুত্বপূর্ণ নির্দেশনা প্রদান কৰিছে ৰাজ্য চৰকাৰে৷ অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা স্বাক্ষৰিত এক নির্দেশনা অনুসৰি ৰাজ্যত নিযুক্তি আৰু উচ্চ শিক্ষাৰ প্রৱেশ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ অনুমতি প্রদান কৰা হৈছে৷

অৱশ্যে এই ক্ষেত্রত কঠোৰভাৱে মানি চলিব লাগিব ক’ভিড প্রট’কল৷ এই পৰীক্ষাসমূহ মুঠ আসনৰ ৫০ শতাংশ আসনতহে পৰীক্ষার্থী বহিব পাৰিব৷ সর্বাধিক এটা পৰীক্ষাকেন্দ্রত এটা ছিফটত ২০০জন পৰীক্ষার্থীয়ে পৰীক্ষা দিব পাৰিব৷

আনহাতে এনে পৰীক্ষাত অৱতীর্ণ হোৱা পৰীক্ষার্থীসকলৰ ক্ষেত্রত প্রযোজ্য নহ’ব আন্তঃজিলা যাতায়াত বন্ধৰ নির্দেশনা৷ তদুপৰি সান্ধ্য আইনৰ সময়তো এনে পৰীক্ষার্থীয়ে বৈধ এডমিট কার্ড প্রদর্শন কৰি অহা–যোৱা কৰিব পাৰিব৷ লক্ষণীয় যে যোৰহাটত এতিয়াও নিয়ন্ত্রণলৈ অহা নাই ক’ভিড পৰিস্থিতি৷ সামগ্রিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি যোৰহাটত পুনৰ দুদিনলৈ বৃদ্ধি কৰা হৈছে সম্পূর্ণ লকডাউন৷ অর্থাৎ অহা ১৫ জুলাইলৈ যোৰহাটত বলৱৎ হৈ থাকিব সম্পূর্ণ লকডাউন৷ পূর্বে ১২ আৰু ১৩ জুলাইত সম্পূর্ণ লকডাউনৰ নির্দেশ দিয়া হৈছিল৷

মঙলবাৰে জিলা প্রশাসন আৰু আৰক্ষীৰ এক বৈঠকৰ অন্ততে সম্পূর্ণ লকডাউন পুনৰ দুদিনলৈ বৃদ্ধি কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰা হয়৷ ইফালে জিলাখনত এতিয়াও একাংশ বিবেকহীন লোকে ভংগ কৰি আহিছে ক’ভিড প্রট’কল৷ ৰাজ্য চৰকাৰে ঘোষণা কৰা কণ্টেইনমেণ্ট নীতি পালন নকৰা বাবে যোৰহাটত বৃদ্ধি হৈ আছে ক’ভিডৰ সংক্রমণ৷ আনকি জিলা প্রশাসন আৰু আৰক্ষী প্রশাসনে পদসঞ্চালনা কৰি নিৰীক্ষণ কৰিবলগীয়া হৈছে পৰিস্থিতি৷

ইতিমধ্যে যোৰহাট আৰক্ষী থানাত যোৱা দুদিনত ২০খন দুচকীয়া বাহন, চাৰিখন চাৰিচকীয়া বাহন জব্দ কৰাৰ লগতে ৮৬ হাজাৰ টকাৰ জৰিমনা বিহা হৈছে৷ একে সময়তে ক’ভিডে জটিল ৰূপ ধাৰণ কৰা বিশ্বনাথত মঙলবাৰে আৰক্ষী আৰু অর্ধসামৰিক বাহিনীয়ে ফ্লেগ মার্চ কৰে৷

RELATED ARTICLES

RECENT ARTICLES