peepl-small

হেলিকপ্টাৰ–ড্রোনেৰে উদ্ধাৰ অভিযান চলাইছিল সেনাই, দুয়োপক্ষৰ প্রচণ্ড গুলীবর্ষণ

PUBLISHED:

গুৱাহাটীঃ দীর্ঘ উৎকণ্ঠাৰ অৱসান ঘটাই চৰাইদেউ জিলা আৰক্ষীয়ে আজি পুৱা নাগালেণ্ডৰ মন জিলাৰ পৰা জিলা সদৰ সোণাৰিলৈ লৈ আনে অ’ এন জি চিৰ তিনি অপহূত বিষয়া–কর্মচাৰীৰ মাজৰে উদ্ধাৰ হোৱা মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক৷ সুস্থ শৰীৰে সোণাৰিত উপস্থিত হোৱা দুই অপহূতক লৈ চৰাইদেউ আৰক্ষীয়ে যাৱতীয় কাম–কাজ সম্পাদন কৰাৰ পিছত দুয়োগৰাকীকে সোণাৰি থানা চৌহদত সমৱেত হোৱা সাংবাদিকসকলৰে মুখামুখি কৰাই দিয়া হয়৷

উদ্ধাৰ হোৱা দুই অপহূতৰ ভিতৰত মোহিনী মোহন গগৈয়ে প্রথমে অপহৰণ কাণ্ডটোৰ বর্ণনা দাঙি ধৰি সাংবাদিকৰ আগত কয় যে ২১ এপ্রিলৰ নিশা প্রায় ডেৰ বজাত লাকুৱা তৈলক্ষেত্রৰ সংশ্লিষ্ট তেলখাদত তেওঁলোক কর্তব্যত নিয়োজিত হৈ থকা অৱস্থাত দাঁতিকাষৰীয়া ৰে’ললাইনৰ দিশৰ পৰা হঠাৎ পাঁচজনীয়া অস্ত্রধাৰী দল এটা আহি প্রথমে তেওঁক ভাবুকি দি হাত দাঙি আঁঠু কাঢ়িবলৈ দিয়ে৷ সেই সময়ত সুউচ্চ ৰিগটোত উঠি থকা অলকেশ শইকীয়া আৰু ৰিতুল শইকীয়াক অস্ত্রধাৰী দলটোৰ সদস্যই ওপৰৰ পৰা ভাবুকি দি নমাই অনাৰ পিছত ৰিগটোত থকা অ’ এন জি চিৰ মুঠ আঠগৰাকী বিষয়া–কর্মচাৰী, এম্বুলেঞ্চ এখনৰ চালক আৰু কর্তব্যৰত দুই হোমগার্ডক সশস্ত্র দলটোৱে শাৰী পতাই আঁঠু কঢ়াই তেওঁলোকৰ মাজত অসমৰ বাহিৰৰ কোনো লোক আছে নেকি তাৰ সন্ধান বিচাৰে৷ এই সময়ছোৱাত হিন্দী ভাষাত কথা–বতৰা কোৱা সশস্ত্র দলটোৰ সদস্যই ৰিগটোত কর্তব্যৰত লোকসকলৰ ম’বাইল ফোনসমূহ নিজৰ কব্জালৈ নি সকলোৰে নাম সোধে৷ সকলোৰে পৰিচয় পোৱাৰ পিছত অস্ত্রধাৰী আলফা (স্বাধীন) আৰু এন এছ চি এনৰ দলটোৱে

অসমীয়া ভাষাত ‘তহঁত তিনিটাই আমাক থৈ আহিব লাগিব’ বুলি তিনি অপহূত ক্রমে মোহিনী মোহন গগৈ, অলকেশ শইকীয়া আৰু ৰিতুল শইকীয়াক খাদটোত থকা এখন এম্বুলেঞ্চত ইয়াৰ চালকগৰাকীকো বাহনখনত উঠাই খাদটোৰ পৰা ওলাই আহে৷ তেওঁ জনায় যে ইয়াৰ পিছত চৰাইদেউ চাহ বাগিচাৰ মাজেদি এম্বুলেঞ্চখনত আহি কোনো এক স্থানত বাহনখন ৰখাই অস্ত্রধাৰী দলটোৱে চালকগৰাকীৰ হাতত ম’বাইল ফোন পাঁচটা দি তেওঁলোক তিনিজনক লগত লৈ আগবাঢ়ে৷ এনেদৰে গৈ প্রথমে চাহ বাগিচা আৰু পিছত পাহাৰীয়া ঠাই অতিক্রম কৰি আগবঢ়াৰ পিছত আন পাঁচগৰাকী অস্ত্রধাৰী তেওঁলোকৰ লগ লাগে৷ এনেদৰে ২১ এপ্রিলৰ পুৱতিনিশাৰ পৰা ২৩ এপ্রিলৰ সন্ধিয়াপর্যন্ত খোজকাঢ়ি যাত্রাপথত অপহৰণকাৰীসকলে ব্যৱস্থা কৰা ভাত খাই তেওঁলোক এক বিশেষ স্থানত উপস্থিত হয়৷

যি স্থানৰ পৰা সশস্ত্র দলটোৱে তিনি অপহূতক লগত লৈ ম্যানমাৰৰ দিশে যাবলৈ এটা পথ অতিক্রম কৰিব বিচাৰোঁতে নিৰাপত্তা বাহিনীৰ টহলদাৰী দল এটাৰ দ্বাৰা তেওঁলোক আটায়ে গুলীৰে কৰা আক্রমণৰ সন্মুখীন হয়৷ উদ্ধাৰ হোৱা অলকেশ শইকীয়াই এই সন্দর্ভত কয় যে দহজনীয়া অস্ত্রধাৰী দলটোৱে তেওঁলোক তিনিওকে ম্যানমাৰৰ দিশে লৈ যোৱাৰ সময়তে নিশা প্রায় ১০–১০.৩০ বজাত তেওঁলোক সেনাবাহিনীৰ প্রবল গুলীবর্ষণৰ সন্মুখীন হয়৷ আকস্মিকভাৱে হোৱা এই ঘটনাত অলকেশ শইকীয়া আৰু মোহিনী মোহন গগৈয়ে সমীপতে থকা ঘন জোপোহাৰ মাজত সোমাই লৈ শুই পৰি আত্মৰক্ষা কৰে বুলি জানিবলৈ দিয়ে৷

আকস্মিকভাৱে হোৱা গুলীবর্ষণৰ ঘটনাত আলফা আৰু এন এছ চি এনৰ সদস্যসকলে ওলোটাই গুলীবর্ষণ কৰি সংশ্লিষ্ট পথটো অতিক্রম কৰিব লোৱাৰ সময়তে ৰিতুল শইকীয়াই আতংকিত হৈ আত্মৰক্ষাৰ বাবে অপহৰণকাৰীসকলৰ্ পিছে পিছে দৌৰি যোৱা ক্ষণিকৰ বাবে দুয়োগৰাকীয়ে দেখা পাইছিল বুলি সাংবাদিকৰ আগত প্রকাশ কৰে৷ তেওঁলোকক কিদৰে নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি সাংবাদিকে সোধাত দুয়োগৰাকীয়ে জনায় যে নিৰাপত্তা বাহিনীয়ে প্রথমে গুলীবর্ষণ কৰাৰ লগে লগে তেওঁলোক দুয়ো ঘন জোপোহাৰ মাজত সোমাই আত্মৰক্ষাৰ চেষ্টা চলায়৷ প্রায় দুঘণ্টা সময় ধৰি চলা গুলীবর্ষণৰ ঘটনাৰ পিছত সংশ্লিষ্ট পথটোৰে টহল দি আহ–যাহ কৰা সেনাবাহিনীৰ এখন বাহনৰ সন্মুখত উপস্থিত হৈ প্রথমে অলকেশ শইকীয়াই তেওঁক অপহৰণ কৰা বুলি পৰিচয় দি উদ্ধাৰ কৰিবলৈ অনুৰোধ জনায়৷ সেনাবাহিনীৰ লোকে তেওঁক আঁতৰতে শৰীৰৰ কাপোৰ–কানি খুলিবলৈ কৈ তালাচী চলাই নিশ্চিত হোৱাৰ পিছতেই আনগৰাকী অপহূত মোহিনী মোহন গগৈক সেনাই উদ্ধাৰ কৰে বুলি প্রকাশ৷

উল্লেখ্য যে অসমীয়া আৰু নাগামিজত কথা পতা দহ অপহৰণকাৰীয়ে ৰাস্তাত তেওঁলোকক ভাত খাবলৈ দিয়াৰ লগতে ভাল ব্যৱহাৰ কৰিছিল বুলি দুয়োগৰাকীয়ে জানিবলৈ দিছে৷ দুয়োগৰাকীয়ে ৰিতুল শইকীয়া নিৰাপদ ৰূপত উদ্ধাৰ হোৱাটো কামনা কৰি তেওঁলোকক উদ্ধাৰৰ ক্ষেত্রত ভাৰতীয় সেনাবাহিনী, আছাম ৰাইফলছ আৰু নাগালেণ্ড আৰক্ষীয়ে দেখুওৱা তৎপৰতাক কৃতজ্ঞতাৰে শলাগ লয়৷ তেওঁলোকক উদ্ধাৰৰ বাবে বিশাল অভিযানকাৰী দলৰ লগতে হেলিকপ্টাৰ আৰু ড্রোন ব্যৱহাৰ কৰা হৈছিল বুলি দুয়োগৰাকীয়ে জানিবলৈ দিয়ে৷ উল্লেখ্য যে সোণাৰি আৰক্ষীয়ে দুয়োগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত শিৱসাগৰ জিলাৰ শিমলুগুৰি থানাত ইতিপূর্বে পঞ্জীয়ন হোৱা অপহৰণ সম্পর্কীয় গোচৰ সন্দর্ভত দুয়োগৰাকীৰ ভাষ্য ল’বলৈ সংশ্লিষ্ট আৰক্ষীৰ লোকৰ হাতত গতাই দিয়ে৷
উৎকণ্ঠাৰ ৪৭ ঘণ্টা
২১ এপ্রিলৰ পুৱতিনিশা পাঁচজনীয়া সশস্ত্র আলফাৰ দল এটা আচম্বিতে আহি উপস্থিত হয় অ’ এন জি চিৰ লাকুৱা তৈলক্ষেত্রৰ ৮নং জিজিএছৰ সমীপৰ এটা তৈলখাদত৷ নিশা প্রায় ডেৰ বজাত উপস্থিত হোৱা সশস্ত্র দলটোৱে খাদটোত কর্মৰত অ’ এন জি চিৰ আঠগৰাকী বিষয়া–কর্মচাৰী, এগৰাকী এম্বুলেঞ্চ চালক আৰু দুগৰাকী হোমগার্ডৰ লোকক অতি কম সময়ৰ ভিতৰতে একগোট কৰি আটাইকে আঁঠু কঢ়াই লয়৷ পৰৱর্তী সময়ত অস্ত্রধাৰী দলটোৱে হিন্দী ভাষাত অসমৰ বাহিৰৰ কোনো লোক উক্ত স্থানত কর্তব্যৰত হৈ আছে নেকি সেই বিষয়ে প্রশ্ণ কৰে৷ কিন্তু সকলো লোক অসমৰ বুলি জনাৰ পিছত অস্ত্রধাৰী দলটোৱে অ’ এন জি চিৰ তিনি বিষয়া–কর্মচাৰীক লগত লৈ উক্ত স্থানত থকা অ’ এন জি চিৰ এ এছ–২০–২১৮৬ নম্বৰৰ এম্বুলেঞ্চখনত চালক ৰাজু দুৱৰীক বাহনখনত উঠাই উক্ত স্থানৰ পৰা আঁতৰি যায়৷ পিছত অসম–নাগালেণ্ড সীমান্তৱর্তী লেঙীবৰৰ কোনো এক স্থানত অস্ত্রধাৰী দলটোৱে বাহনখন ৰখাই আটাইকে বাহনৰ পৰা নমাই লয়৷ সশস্ত্র দলটোৰ সদস্যই উক্ত স্থানৰ পৰা অ’ এন জি চিৰ তিনি বিষয়া–কর্মচাৰীক লগত লৈ নিশাৰ আন্ধাৰৰ মাজেৰে নাগালেণ্ডৰ মন জিলাৰ দিশে অগ্রসৰ হয়৷

ইফালে তিনি অপহূতক লৈ আগবঢ়া দলটোৱে এখন চাহ বাগিচা আৰু এটা সুউচ্চ পাহাৰ পাৰ হোৱাৰ পিছত আন পাঁচগৰাকী সশস্ত্র যুৱকৰে মিলি আটায়ে একেলগে আগবাঢ়ে৷ এনেদৰে আগবাঢ়ি গৈ থকা দলটোৱে ২২ এপ্রিলৰ ওৰেটো দিন আৰু ২৩ এপ্রিলৰ দিনা সন্ধিয়া দীর্ঘ যাত্রাৰ অন্তত ভাৰত–ম্যানমাৰ সীমান্তৱর্তী এক অঞ্চলত সেনা আৰু আন নিৰাপত্তা বাহিনীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ সন্মুখীন হয়৷ ইয়াৰ বাবে ঘন জংঘলত সোমাই নিশা হোৱালৈ অপেক্ষা কৰা সশস্ত্র দলটোৰ সদস্যই সন্মুখত অতিক্রম কৰিবলৈ থকা এটা পথত নিৰাপত্তা বাহিনীৰ সঞ্চালন আছে নে নাই, তাৰ উমান লোৱাৰ সময়তে নিশা প্রায় দহ বজাত অভিযানকাৰী সেনা দলৰ ধাৰাবাহিক গুলীবর্ষণৰ সন্মুখীন হয় তিনি অপহূতসহ দহজনীয়া আলফা আৰু এন এছ চি এনৰ দলটো৷ প্রায় দুঘণ্টা সময় ধৰি চলা এই ঘটনাত আলফা আৰু এন এছ চি এনৰ দলটোৱে সংশ্লিষ্ট পথটো অতিক্রম কৰিবলৈ সক্ষম হয়৷ ইফালে গুলীবর্ষণত আতংকিত হৈ পৰা দুই অপহূত ক্রমে মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াই আত্মৰক্ষাৰ বাবে জঁপিয়াই জঁপিয়াই দুটা জোপোহাৰ মাজত পেট পেলাই শুই আত্মৰক্ষাৰ চেষ্টা কৰে৷ কালক্রমত গুলীবর্ষণৰ ঘটনা এটা সময়ত শাম কটাত অপহূত দুয়োগৰাকীয়ে সংশ্লিষ্ট পথটোত ছেগা–চোৰোকাকৈ টহল দিয়া সেনাবাহিনীৰ বাহনৰ কাষ চাপি নিজ নিজ পৰিচয় দাঙি ধৰাত সেনাই দুয়োগৰাকীক কঠোৰ ৰূপত তালাচী চলাই তেওঁলোকক নিজৰ জিম্মাত লয়৷ এনেদৰেই অপহৰণকাৰীৰ কবলত উৎকণ্ঠাৰে ৪৭ ঘণ্টা থকাৰ পিছত এক নতুন জীৱনৰ সুযোগ লাভ কৰে অ’ এন জি চিৰ লাকুৱা তৈলক্ষেত্রৰ পৰা ২১ এপ্রিলৰ পুৱতিনিশা অপহূত হোৱা মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াই৷

RELATED ARTICLES