peepl-small

‘এজনে এজনক জীৱন উপহাৰ দিয়ক’; জন আন্দোলনলৈ ক’ভিড ভেকচিনক ৰূপান্তৰৰ আহ্বান মুখ্যমন্ত্রীৰ

PUBLISHED:

গুৱাহাটী: ক’ভিড ভেকচিনক জন আন্দোলনলৈ ৰূপান্তৰ কৰাৰ আহ্বান জনাইছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বৃহস্পতিবাৰে খানাপাৰাৰ অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এখন সংবাদ মেলত মুখ্যমন্ত্রী ড০ শর্মাই সেই আহ্বান জনাই জনসাধাৰণক এতিয়াৰে পৰা জন্মদিনত এজনে আন এজনক ভেকচিন দি জীৱন উপহাৰ দিয়াৰ বাবে মুখ্যমন্ত্রীৰ সাহায্য পুঁজি অথবা অসম আৰোগ্য নিধিলৈ বৰঙণি দিয়াৰ আহ্বান জনায়৷ এজনে এজনক জীৱন উপহাৰ দিয়াৰ আনন্দৰ পৰা ৰাইজক বঞ্চিত কৰিব খোজা নাই বাবেই চৰকাৰে এই পদক্ষেপ লোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এইক্ষেত্রত তেওঁৰ লগতে মন্ত্রীসভাৰ সদস্য, বিধায়কসকলেও বৰঙণি আগবঢ়াব৷

ৰাজ্যৰ ক’ভিড পৰিস্থিতি বহু উন্নত হোৱা নাই যদিও যোৱা তিনিটা দিনত পৰিস্থিতিয়ে কিছু আশাৰ কিৰণ দেখুৱাইছে বুলি উল্লেখ কৰি তেওঁ কয় যে পজিটিভিটীৰ হাৰ ৬.৯ শতাংশৰ পৰা ৬.১৪ শতাংশলৈ নামি আহিছে৷ ৰাজ্য চৰকাৰে দৈনিক এক লাখ লোকৰ নমুনা পৰীক্ষাৰ সংকল্পৰে আগবঢ়াৰ লগতে কণ্টেইনমেণ্ট পলিচীৰ জৰিয়তে জনসাধাৰণৰ জীৱন ৰক্ষাৰ চেষ্টা কৰিছে৷ প্রায়সকল মন্ত্রীয়ে বিভিন্ন জিলাৰ সঘনাই খবৰ ৰখাৰ লগতে ৰাতিৰ ভাগতো চিকিৎসা সেৱা ভালদৰে ৰখাৰ প্রয়াস কৰিছে৷

ভেকচিনৰ প্রসংগত তেওঁ কয় যে সমগ্র দেশতে ভেকচিনৰ নাটনিয়ে দেখা দিছে৷ অসমত ইতিমধ্যে ৩৫ লাখ লোকক ভেকচিন প্রদান কৰা হৈছে৷ প্রতিদিনে ৫০ হাজাৰৰ আশে–পাশে ভেকচিন দি থকা হৈছে৷ অহা জুলাই–আগষ্টৰ ভিতৰত অসমত ভেকচিন পর্যাপ্ত হ’ব বুলি জানিবলৈ দি তেওঁ কয় যে ৪৫ৰ ঊর্ধ্বৰ লোকক ভেকচিন প্রদানৰ দায়িত্ব ভাৰত চৰকাৰে লৈছে৷ ১৮ৰ পৰা ৪৪ বছৰৰ লোকক ৰাজ্য চৰকাৰে ভেকচিন দি আছে৷ যোৱা বছৰ ক’ভিডৰ সময়ত অসম আৰোগ্য নিধিলৈ ৰাইজে আগবঢ়োৱা ১১৬ কোটি টকাৰ বৰঙণি বর্তমান সুদসহ ১১৯ কোটি টকা হৈছে৷ অহা জুলাই–আগষ্ট মাহত যেতিয়া ভেকচিনৰ সংখ্যা বাঢ়িব, তেতিয়া টকাৰ পৰিমাণ কমি আহিব৷ সেয়ে চৰকাৰে মুখ্যমন্ত্রীৰ সাহায্য পুঁজি আৰু অসম আৰোগ্য নিধিত ৰাইজৰ পৰা বৰঙণি সংগ্রহ আৰম্ভ কৰিছে৷ ৰিলায়েঞ্চে দুই–এদিনতে ১৫ কোটি টকা আগবঢ়াব৷ ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীয়ে এদিনৰ দৰমহা, কলেজ শিক্ষক সন্থাই এদিনৰ দৰমহা, গুৱাহাটী বিশ্ববিদ্যালয়ে ১৫ লাখ টকা, কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষক–কর্মচাৰীয়ে এদিনৰ দৰমহা হিচাপে ৫০ লাখ টকা আগবঢ়াইছে৷ সেয়ে তেওঁ জনসাধাৰণক অহা তিনি–চাৰি মাহত ৰাইজক ভেকচিন ক্রয়ৰ বাবে যিয়ে যেনেদৰে পাৰে, তেনেদৰে বৰঙণি আগবঢ়োৱাৰ আহ্বান জনায়৷ এই প্রসংগতে তেওঁ কয় যে ৰাজ্যত ৰিলায়েঞ্চৰ ৩৯টা পেট্র’ল পাম্প আছে৷ এই সময়ছোৱাত ৰিলায়েঞ্চৰ পেট্র’ল পাম্পে ক’ভিড যুঁজৰ সৈতে জড়িত এম্বুলেঞ্চকে ধৰি যান–বাহনত দৈনিক ৫০ লিটাৰকৈ তেল দিয়াৰ সিদ্ধান্ত গ্রহণ কৰিছে৷

আনহাতে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি যোৱা ৫টা বছৰত যথেষ্ট উন্নত হোৱাৰ বিষয়ে জানিবলৈ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ১৫০ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰি উলিওৱা জি এম চি এইচ ছুপাৰ স্পেচিয়েলিটী হাস্পতালখন অহা চাৰি মাহত সম্পূর্ণ উঠিব৷ সেইদৰে অহা নৱেম্বৰ মাহৰ ভিতৰত ১২ৰ পৰা ১৬খন কেঞ্চাৰ হাস্পতাল সম্পূর্ণ হৈ উঠিব৷ এসময়ত বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত লাইনাক মেচিন উদ্বোধন কৰিবলৈ প্রধানমন্ত্রী ড০ মনমোহন সিং আহিছিল৷ কিন্তু এতিয়া বৰপেটা, ডিফুৰ দৰে মেডিকেল কলেজতো লাইনাক মেচিন স্থাপন হৈছে৷ ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে দিল্লীৰ পৰা এয়াৰ এম্বুলেঞ্চেৰে অসমলৈ ৰোগী আনিছে৷ ইপিনে, কালিৰ এই সংবাদ মেলখনতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ভেকচিন ক্রয়ৰ বাবে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তক মুখ্যমন্ত্রীৰ সাহায্য পুঁজিৰ পৰা আৰোগ্য নিধিলৈ ৫০ কোটি টকা প্রদান কৰে৷

RELATED ARTICLES