peepl-small

মহাজোঁটৰ চৰকাৰ হ’লে মহিলাক সন্তান জন্ম দিয়া ফেক্টৰী বনাব বদৰুদ্দিনেঃ ড০ শৰ্মা

PUBLISHED:

গুৱাহাটীঃ  শুকুৰবাৰে পাঁচখনকৈ নির্বাচনী সভাত অংশগ্রহণ কৰাৰ লগতে কোকৰাঝাৰত এক বিশাল ৰোড শ্ব’ৰে ভোটাৰক সন্মোহিত কৰে ‘নেডা’ৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত–স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ চাপাগুৰি, শ্রীৰামপুৰ, ফকিৰাগ্রাম, বাসুগাঁও আৰু গোলকগঞ্জত নির্বাচনী প্রচাৰ চলাই কংগ্রেছৰ নেতৃত্বত গঠিত মহাজোঁটবন্ধনক কঠোৰ ভাষাৰে সমালোচনা কৰা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিগত ৫ বছৰীয়া বিজেপি নেতৃত্বাধীন চৰকাৰৰ কার্যকালত গ্রহণ কৰা বিভিন্ন কল্যাণমূলক আঁচনিৰ বিষয়ে উল্লেখ কৰে৷

৬৩নং চাপাগুৰি বিধানসভা সমষ্টিৰ নিকাচীত মিত্রজোঁটৰ প্রার্থী ইউ জি ব্রহ্মৰ হৈ নির্বাচনী প্রচাৰ চলাই তেওঁ কয়– ‘কোনো কাৰণতে বি টি আৰত সংঘর্ষ সৃষ্টি কৰিবলৈ দিয়া নহ’ব৷ কোনোবাই যদি পুনৰ সংঘর্ষ সৃষ্টি কৰিব বিচাৰে, তেওঁক কেতিয়াও ৰেহাই দিয়া নহ’ব৷ দুই মে’ৰ পাছত হাগ্রামাৰ নাঙল মিউজিয়ামত সোমাব৷ আজমলৰ তলা–চাবিৰে হাগ্রামাৰ নাঙল থকা মিউজিয়ামৰ তলা মাৰি থোৱা হ’ব আৰু প্রমোদ বড়োৰ ট্রেক্টৰ দিছপুৰত সোমাব৷’ এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল আৰু বি পি এফপ্রধান হাগ্রামা মহিলাৰীক কঠোৰ ভাষাৰে সমালোচনা কৰি ড০ শর্মাই কয় যে বিজেপিয়ে মহিলা সবলীকৰণৰ কাম কৰি আহিছে৷ ইয়াৰ বিপৰীতে বদৰুদ্দিন আজমলে মহিলাসকলক সন্তান জন্ম দিয়া ফেক্টৰী কৰিব বিচাৰিছে৷ দিছপুৰত মহাজোঁটৰ চৰকাৰ হ’লে ৰাজ্যৰ মহিলাসকলে বদৰুদ্দিন আজমলে সন্তান জন্ম দিয়াৰ ফেক্টৰী সজাব৷

মহাজোঁটৰ নেতৃত্বত চৰকাৰ গঠন হ’লে চৰকাৰৰ তলা–চাবি আজমলৰ হাতত থাকিব বুলি উল্লেখ কৰি তেওঁ কয়– ‘যদিহে চৰকাৰ বনোৱা তলা–চাবি আজমলৰ হাতত থাকে, তেনেহ’লে হাগ্রামা মহিলাৰী আৰু ৰিপুণ বৰা ক’ত থাকিব? বিভিন্ন সময়ত হাগ্রামাই মোক সমালোচনা কৰি আহিছে৷ কিন্তু তেওঁ আজমলৰ কথাৰ প্রত্যুত্তৰ কিয় দিব পৰা নাই৷ প্রমোদ বড়োৰ নেতৃত্বত বি টি আৰত জনসাধাৰণৰ বাবে বহুসংখ্যক উন্নয়নমূলক আঁচনি গ্রহণ কৰা হৈছে৷ কেন্দ্রত বিজেপি চৰকাৰ আছে৷ সেয়েহে ৰাজ্য আৰু পৰিষদতো বিজেপি আৰু ইউ পি পি এলৰ চৰকাৰ থাকিলে অঞ্চলটোৰ উন্নয়ন অধিক ত্বৰান্বিত হ’ব৷’ বিগত ১৭ বছৰত বি পি এফ দলৰ পাৰিষদে যি কৰিব পৰা নাছিল, সেয়া দুমাহতে প্রমোদ বড়ো নেতৃত্বাধীন পৰিষদে কৰি দেখুৱাইছে বুলি তেওঁ উল্লেখ কৰে৷ এই প্রসংগত তেওঁ কয় যে ভূমিহীন লোকক মাটিৰ পট্টা প্রদান কৰা হৈছে৷ ভাষা–সংস্কৃতিক গুৰুত্ব দি এখন সমন্বয়ৰ বি টি আৰ গঠনত পৰিষদখন ব্রতী হৈছে৷ হাগ্রামাই আজমলৰ লগ লাগিলেও কোনো কামত নাহে৷

ছাত্রীসকলক স্কুটী প্রদান কৰাৰ দৰে আগন্তুক সময়ত ছাত্রসকলকো গেৰুৱা ৰঙৰ বাইক প্রদান কৰিব বুলি তেওঁ মন্তব্য কৰে৷ আজিৰ সভাখনত বিটিচিৰ মুৰব্বী প্রমোদ বড়ো, মিত্রজোঁটৰ প্রার্থী ইউ জি ব্রহ্ম, বিধায়ক অশোক সিংঘালকে ধৰি বহুসংখ্যক আগশাৰীৰ নেতা উপস্থিত থাকে৷ ইফালে, শ্রীৰামপুৰতো আন এখন নির্বাচনী সভা সম্বোধন কৰে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ শ্রীৰামপুৰ হাইস্কুল খেলপথাৰত ইউ পি পি এলৰ প্রার্থী হোমনাথ নার্জাৰীৰ হৈ অংশগ্রহণ কৰা বিশাল নির্বাচনী সভাখনত মন্ত্রীগৰাকীয়ে কংগ্রেছ, বি পি এফ আৰু এ আই ইউ ডি এফক প্রত্যাখ্যান কৰি বিটিচিত মিত্রজোঁটৰ চৰকাৰ গঠন কৰিবলৈ আহ্বান জনায়৷

শ্রীৰামপুৰত এখন ১০০খন বিছনাযুক্ত হাস্পতালৰ উপৰি এখন মহাবিদ্যালয় স্থাপন কৰা হ’ব বুলি প্রতিশ্রুতি দি তেওঁ কয়– ‘হাগ্রামা মহিলাৰীয়ে ১৭ বছৰে কৰিব নোৱাৰা কাম প্রমোদ বড়োৱে চৰকাৰ গঠনৰ দুমাহৰ ভিতৰতেই সম্পন্ন কৰিলে৷ বিটিচিত মাটিৰ পট্টা প্রদানৰ কাম আৰম্ভ হ’ল৷ নির্বাচনৰ দুমাহৰ ভিতৰতে বাকী থকা দুখীয়া ৰাইজক মাটিৰ পট্টা প্রদান কৰা হ’ব৷ শ্রীৰামপুৰ পৰিষদীয় সমষ্টিৰ ৭খন কাঠৰ দলং পকী কৰা হ’ব৷ বর্তমানৰ অৰুণোদয় আঁচনিৰ অধীনত লাভ কৰা ধনৰ পৰিমাণ ৮৩০ টকাৰ পৰা ৩,০০০ টকালৈ বৃদ্ধি কৰা হ’ব৷ দৰিদ্র আৰু মধ্যবিত্ত লোকসকলেও এই সুবিধা লাভ কৰিব৷ সেইদৰে কলেজৰ ছাত্র–ছাত্রীসকলে প্রতিদিনে ১০০ টকাকৈ ভাট্টা লাভ কৰিব৷ মহিলাসকলে লোৱা ১২ হাজাৰ কোটি টকাৰ সুদসহ ঋণ চৰকাৰে ওভতাই দি মহিলাসকলক ঋণমুক্ত কৰিব৷ প্রতিবছৰে এক লাখ যুৱক–যুৱতীক চৰকাৰী চাকৰিত নিয়োগ কৰা হ’ব৷’

ইফালে, হাগ্রামাৰ নেতৃত্বত চলা অপশাসনৰ অন্ত পৰিল বুলি উল্লেখ কৰি তেওঁ কয় যে হাগ্রামাৰ দালালৰাজৰ বাবে বিগত ১৭ বছৰে ৰাইজে মাটিৰ পট্টা নাপালে৷ দৰিদ্রৰ টকা আৰু উন্নয়নৰ পুঁজি লুণ্ঠন কৰি হাগ্রামাই চলোৱা অপশাসনৰ অন্ত হ’ল৷ হাগ্রামাৰ অচল নাঙল এতিয়া মিউজিয়ামত ৰখা হ’ব৷ এই সভাখনত অংশগ্রহণ কৰি বিটিচিপ্রধান প্রমোদ বড়োৱে কয় যে এইবাৰৰ নির্বাচন বি টি আৰৰ দিক্ নির্ণায়কৰ নির্বাচন৷ বিগত ৩০–৪০ বছৰে অশান্ত অঞ্চল হিচাপে পৰিচিত হৈ থকা বিটিচিৰ ৰাইজৰ শান্তি আৰু নিৰাপত্তা নিশ্চিত হ’ব লাগিব৷ হাগ্রামাৰ ভ্রষ্টাচাৰ আৰু অপশাসনৰ বাবে উন্নয়ন সম্ভৱ হৈ নুঠিল৷ এই সভাত আক্রাছুৰ প্রাক্তন সভাপতি বিশ্বজিৎ ৰায়েও ভাষণ দিয়ে৷ আনহাতে, সভাখনত বিধায়ক অশোক সিংঘালে কয় যে বি পি এফৰ মুৰব্বী হাগ্রামা মহিলাৰীৰ গাড়ীৰ চকাত পাম্প নাই৷ হাগ্রামাৰ গাড়ীত নাই পেট্র’ল৷ চকাত পাম্প নোহোৱা আৰু তেল নোহোৱা গাড়ী দিছপুৰলৈ যাব নোৱাৰে৷ সমান্তৰালভাৱে ফকিৰাগ্রামাৰ মোনাকোষাত আন এখন নির্বাচনী সভা সম্বোধন কৰে ড০ হিমন্ত বিশ্ব শর্মাই৷ কোকৰাঝাৰ পশ্চিম সমষ্টিৰ ইউ পি পি এলৰ প্রার্থী মনোৰঞ্জন ব্রহ্মৰ হৈ তেওঁ এই নির্বাচনী সভাখনত উপস্থিত থাকে৷ এই সভাতো প্রমোদ বড়োসহ বহুসংখ্যক ইউ পি পি এল আৰু বিজেপি নেতা উপস্থিত থাকে৷

RELATED ARTICLES