peepl-small

ওখ শৃংগলৈ এগৰাকী অসমীয়াঃ এভাৰেষ্ট জয়ৰ পথত অগ্ৰসৰ হাজোৰ হেদায়েৎ আলী

PUBLISHED:

গুৱাহাটীঃ বিশ্বৰ সবাতোকৈ ওখ শৃংগ মাউণ্ট এভাৰেষ্ট জয় কৰিবলৈ আগবাঢ়িছে এগৰাকী অসমীয়াই। হাজোত জন্মগ্ৰহণ কৰা এই অসমীয়াগৰাকী হৈছে হেদায়েৎ আলী।

 

 

বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট আৰোহণৰ বাবে লুকলাৰ পৰা বেচকেম্পলৈ ট্ৰেকিং অভিযান আৰম্ভ কৰিছে হেদায়েৎ আলীয়ে। এগৰাকী ছফটৱেল ইঞ্জিনীয়াৰ ৰূপে সম্প্ৰতি আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়া নিৱাসী হেদায়েৎ আলীয়ে এভাৰেষ্টৰ পথত নামচেবাজাৰত উপস্থিত হৈছে।

গোৱালপাৰাৰ সৈনিক স্কুলৰ পৰা মেট্ৰিক উত্তীৰ্ণ কৰা আলীয়ে যোৰহাট অভিযান্ত্ৰিক কলেজৰ পৰা স্নাতক ডিগ্ৰী লৈ মাৰ্কিন যুক্তৰাষ্ট্ৰত এগৰাকী ছফটৱেৰ ইঞ্জিনীয়াৰ ৰূপে কৰ্মৰত। অকল মাউণ্ট এভাৰেষ্টেই নহয় হেদায়েৎ আলীয়ে ২০১৯ বৰ্ষত ইউৰোপৰ মাউণ্ট এলব্ৰাছ শৃংগ আৰু আমেৰিকাৰ সৰ্বোচ্চ শৃংগ একনকাগুৱাত আৰোহণ কৰিছিল।

ইয়াৰ লগতে ২০১৮ চনত আফ্ৰিকাৰ সৰ্বোচ্চ শৃংগ মাউন্ট কিলিমানজাৰো আৰোহণ কৰিছিল তেওঁ। নিজৰ এভাৰেষ্ট আৰোহণ সম্পৰ্কে হেদায়েৎ আলীয়ে কয়- ‘মই আজি ৯ এপ্ৰিল, ২০২১ তাৰিখে এভাৰেষ্ট আৰোহণৰ অভিযান আৰম্ভ কৰিছো। মই সুৰক্ষিত আৰু সফল আৰোহণৰ বাবে আপোনাৰ মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ।’

আলীয়ে লগতে এভাৰেষ্ট আৰোহণৰত অৱস্থাৰ বৰ্ণনা দি কয়- ‘এটা দীঘলীয়া দিন, আমি ৰাতিপুৱা ৯ বজাত আমাৰ গন্তব্য স্থান নামচা বজাৰলৈ যাত্ৰা আৰম্ভ কৰো। সন্ধিয়া ৫ বজাত তাত উপস্থিত হওঁ। দিনটোত হিলাৰী টুইন দলং পাৰ হোৱাৰ লগতে আমি ১০০০ মিটাৰ উচ্চতা লাভ কৰোঁ।
মোৰ বাবে এইটো এপ্ৰিল ২০১৮ত মোৰ আগৰ ট্ৰেকটোৰ প্ৰতিফলনৰ দিন আছিল। প্ৰাকৃতিক সৌন্দৰ্য আৰু মানুহবোৰ আশ্চৰ্যজনক।’

আলীৰ এভাৰেষ্ট বেচ কেম্পলৈ ট্ৰেকিং কৰাৰ বিষয়ে জানিবলৈ চাব পাৰে ইউটিউব ভিডিঅ’ –

 

RELATED ARTICLES