peepl-small

ক্রমাৎ উন্নত গুৱাহাটীৰ ক’ভিড পৰিস্থিতি

PUBLISHED:

গুৱাহাটী: ক’ভিড–১৯ৰ দ্বিতীয় ঢৌত ৰাজ্যৰ ভিতৰতে গুৱাহাটী মহানগৰীত সর্বাধিক লোক আক্রান্ত হৈছে৷ এপ্রিল মাহৰ মাজভাগৰ পৰা আৰম্ভ হোৱা ক’ভিডৰ দ্বিতীয় ঢ়ৌত বহু হাজাৰ লোক আক্রান্ত হোৱাৰ লগতে দুই হাজাৰৰো অধিক লোক মৃত্যুমুখত পৰিছে৷ ক’ৰোনাৰ সংক্রমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে সান্ধ্য আইন জাৰি কৰাৰ লগতে আন্তঃজিলা যাতায়াতো বন্ধ ৰাখিছে৷

সান্ধ্য আইন জাৰি কৰাৰ পিছৰে পৰা ক’ভিডত আক্রান্ত লোকৰ সংখ্যা হ্রাস পালেও গুৱাহাটী মহানগৰীত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা হ্রাস পোৱা পৰিলক্ষিত নহ’ল৷ যোৱা ২১ মে’ৰ পৰা ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো ক’ভিডত আক্রান্ত লোকৰ সংখ্যা ক্রমান্বয়ে হ্রাস পোৱা পৰিলক্ষিত হৈছে৷ ২১ মে’ৰ পৰা ৩০ মে’লৈ ১০টা দিনত গুৱাহাটী মহানগৰীত ক্রমান্বয়ে ক’ভিড পৰিস্থিতি উন্নত হোৱা পৰিলক্ষিত হৈছে৷ এই ১০টা দিনত গুৱাহাটীত ক’ৰোনাত আক্রান্ত হৈছে সর্বমুঠ ৬,৬২২গৰাকী৷ এই ১০টা দিনত ক’ভিডত মৃত্যু হৈছে মুঠ ১৪৯গৰাকীৰ৷ মহামাৰীৰ ৰূপ লোৱা ক’ৰোনাৰ সংক্রমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা নির্দেশনা উলংঘাকাৰীৰ বিৰুদ্ধে আৰক্ষী–প্রশাসনে কঠোৰ ব্যৱস্থা গ্রহণ কৰি আহিছে৷

মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱেও মহানগৰবাসীক সান্ধ্য আইনৰ সময়ছোৱাত অত্যন্ত জৰুৰী নহ’লে ঘৰৰ ভিতৰতে থাকিবলৈ আহ্বান জনাইছিল৷ গুৱাহাটী মহানগৰীত বসবাস কৰা লোকসকলে ক’ভিড নির্দেশনা মানি চলাৰ বাবেই ক্রমান্বয়ে ক’ভিড পৰিস্থিতি উন্নত হোৱা বুলি জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে জানিবলৈ দিছে৷

RELATED ARTICLES