peepl-small

সাংবাদিকৰ সন্তানক আর্থিক উদগনিৰ চিন্তা চর্চা চৰকাৰৰ

PUBLISHED:

গুৱাহাটীঃ মেট্রিক–উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীর্ণ হোৱা সাংবাদিকৰ সন্তানসকলক আর্থিক উদগনি প্রদানৰ চিন্তা–চর্চা কৰিছে ৰাজ্য চৰকাৰে৷ বুধবাৰে সদনত এই কথা প্রকাশ কৰিছে তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্রী পীয়ূষ হাজৰিকাই৷ সদনত মন্ত্রী হাজৰিকাই কয় যে ছেবা অথবা চি বি এছ ই যি মাধ্যমৰেই নহওক কিয়, ৭৫ শতাংশ নম্বৰ লাভ কৰি মেট্রিক উত্তীর্ণসকলক ৩০ হাজাৰ টকা আৰু উচ্চতৰ মাধ্যমিক উত্তীর্ণসকলক ৫০ হাজাৰ টকা আর্থিক উদগনি দিয়াৰ বিষয়ে বর্তমানৰ চৰকাৰে চিন্তা–চর্চা কৰি আছে৷ সেইদৰে পূর্বৰ চৰকাৰে প্রৱর্তন কৰা সাংবাদিক পেন্সনৰ পৰিমাণ বর্তমানৰ চৰকাৰে মাহে ৮ হাজাৰ টকাৰ পৰা ১০ হাজাৰ টকালৈ বৃদ্ধি কৰিছে৷

সদনত তেওঁ আৰু কয় যে এক্রিডিয়েটেড সাংবাদিক আৰু তেওঁলোকৰ পৰিয়ালক মেডিকেল ৰি–ইম্বার্চমেণ্ট দিয়াৰ ব্যৱস্থা আছে৷ পূর্বতে নিয়মিত ৰূপত ৰি–ইম্বার্চমেণ্টৰ বৈঠক অনুষ্ঠিত নোহোৱা বাবে সময় মতে সেই সুবিধা সাংবাদিকসকলে লাভ কৰা নাছিল৷ এতিয়াৰে পৰা প্রত্যেক মাহৰ ১০ তাৰিখে সেই বৈঠক অনুষ্ঠিত হ’ব আৰু সেই দিনাই তেনে প্রস্তাৱত অনুমোদন জনোৱা হ’ব৷ সদনত তেওঁ আৰু কয় যে সাংবাদিকসকলক ইতিমধ্যে অটল অমৃত অভিযানত সামৰি লোৱা হৈছে৷ চৰকাৰে সম্প্রতি সাংবাদিকসকলক বীমা আঁচনিৰ জৰিয়তেও সামৰি লোৱাৰ চিন্তা–চর্চা কৰি আছে৷ আনহাতে, এইবাৰ বাজেটত বাতৰিকাকতৰ বিজ্ঞাপন শিতানতো বাজেট বৃদ্ধিৰ চেষ্টা কৰা হৈছে বুলি প্রকাশ কৰে৷

RELATED ARTICLES