peepl-small

এনএইচএম, সৰ্বশিক্ষাৰ কৰ্মচাৰীলৈ সুখবৰঃ ১০ বছৰ সম্পূর্ণ কৰিলে ৬০ বছৰ বয়সলৈ চাকৰি নিশ্চিত

PUBLISHED:

গুৱাহাটীঃ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান (এনএইচএম) আৰু সর্বশিক্ষাত কর্মৰত কর্মচাৰীসকলৰ বাবে সুখবৰ৷ ১০ বছৰ চাকৰিকাল সম্পূর্ণ কৰা লোকসকলৰ এতিয়াৰে পৰা ৬০ বছৰ বয়সলৈ চাকৰিৰ নিশ্চয়তা লাভ কৰাৰ লগতে নিয়মীয়া চৰকাৰী কর্মচাৰীৰ দৰে নৈমিত্তিক ছুটী, আর্জিত ছুটী, প্রসৱকালীন ছুটীকে ধৰি সকলো ছুটী লাভ কৰিব৷ মঙলবাৰে সদনৰ প্রশ্নোত্তৰ কালত বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ এক প্রশ্নৰ উত্তৰত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ অধীনত মুঠ ১,৮৯৩জন ঠিকাভিত্তিক কর্মচাৰী আছে৷

তদুপৰি ৮৩জন কর্মচাৰী অস্থায়ীভাৱে কর্মৰত৷ অভিযান সঞ্চালক, কার্যবাহী সঞ্চালক আৰু বিত্ত সঞ্চালক পদৰ বাহিৰে সকলো কর্মচাৰীয়েই অস্থায়ী৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ অধীনত ঠিকাভিত্তিকভাৱে কর্মচাৰীসকলক নিযুক্তি দিয়া হয় আৰু প্রতিবছৰে পাৰদর্শিতা মূল্যাংকনৰ ভিত্তিত তেওঁলোকৰ কার্যকাল বৃদ্ধি কৰা হয়৷ তেওঁলোকৰ চাকৰি সম্পূর্ণৰূপে ঠিকাভিত্তিক তথা অভিযানৰ ৯০ শতাংশ অনুদান কেন্দ্রীয় চৰকাৰে বহন কৰে৷

অস্থায়ী কর্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ বাবে চৰকাৰে কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা নাই যদিও স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে চৰকাৰী কর্মচাৰীসকলে লাভ কৰা সা–সুবিধা যেনে– আর্জিত ছুটী, নৈমিত্তিক ছুটী, প্রসৱকালীন ছুটী ইত্যাদি প্রদান কৰা আৰু যিসকল কর্মচাৰীৰ ১০ বছৰ কার্যকাল ইতিমধ্যে সম্পূর্ণ হৈছে, তেওঁলোকৰ চাকৰি প্রতিবছৰে পাৰদর্শিতা মূল্যাংকনৰ ভিত্তিত কার্যকাল ৬০ বছৰ বয়স পর্যন্ত নিশ্চিতকৰণৰ প্রস্তাৱ ৰাজ্যিক কেবিনেটে গ্রহণ কৰিছে৷

মাজতে কোনো কাৰণত এনএইচএম বন্ধ হৈ গ’লেও সেইসকল কর্মচাৰীৰ দা–দৰমহাৰ দায়িত্বত চৰকাৰ নিয়োজিত হ’ব৷ এই সম্পর্কত অহা ১০–১৫ দিনত আনুষ্ঠানিক জাননী প্রকাশ পাব৷ তেতিয়া অস্থায়ী শব্দটো উঠি যাব৷ সর্বশিক্ষাৰ কর্মচাৰীৰ ক্ষেত্রতো একেই ব্যৱস্থা গ্রহণ কৰা হৈছে৷

ইপিনে, এমবিবিএছ–বিডিএছত চাহ জনগোষ্ঠীৰ বাবে সংৰক্ষিত আসনত অ–চাহ জনগোষ্ঠীৰ লোকে নামভর্তি কৰা বুলি উত্থাপিত অভিযোগ সম্পর্কত বিধায়ক দুর্গা ভূমিজৰ নেতৃত্বত বিধানসভাৰ তিনিজনীয়া সদস্যৰ দ্বাৰা পুনৰ তদন্তৰ ব্যৱস্থা কৰা হ’ব৷ বিধায়ক ভূমিজৰ এক প্রশ্ণৰ উত্তৰত মন্ত্রী ড০ শর্মাই কয় যে চাহ জনজাতিৰ বাবে সংৰক্ষিত আসনত অ–চাহ জনজাতি প্রার্থীৱে ভুৱা জাতিগত প্রমাণ–পত্র দাখিল কৰি নামভর্তি কৰাৰ কোনো তথ্য নাই৷ কোনা প্রার্থীয়ে ভুৱা জাতিগত প্রমাণ–পত্র দাখিল কৰি কেলেংকাৰি সংঘটিত কৰিলে ইয়াৰ উচিত তদন্ত কৰা হ’ব আৰু বিধিমতে আইনগত ব্যৱস্থা লোৱা হ’ব৷

সদনত তেওঁ আৰু কয় যে এইবাৰ নির্দিষ্ট তিনিগৰাকী প্রার্থীক লৈ অভিযোগ উঠিছিল৷ ইয়াৰে দুগৰাকী প্রার্থী চাহ জনগোষ্ঠীৰ হয় বুলি চাহ জনজাতি সঞ্চালকৰ লগতে নির্দিষ্ট চাহ বাগিচা আৰু জিলা উপায়ুক্তই ইতিমধ্যে প্রমাণ–পত্র দিছে৷ এই প্রসংগতে মন্ত্রী ড০ শর্মা সদনত কয় যে পূর্বৰ কংগ্রেছ চৰকাৰৰ দিনত তেতিয়াৰ মন্ত্রী পৃথিৱী মাঝি, দীনেশ প্রসাদ গোৱালা আৰু তেতিয়াও বিধায়ক হৈ থকা দুর্গা ভূমিজৰ নেতৃত্বত গঠিত কমিটীয়ে ১০০টাৰো অধিক উপজাতিক চাহ জনগোষ্ঠীৰ লোক হিচাপে চিহ্ণিত কৰে৷ আনকি জলধা উপজাতিকো চাহ জনগোষ্ঠীৰ লোক হিচাপে অন্তর্ভুক্ত কৰে৷

সাধাৰণতে জলধাসকল মুছলিম সম্প্রদায়ৰ৷ যাদৱ, তেলী আদি সম্প্রদায়ৰ লোকসকল ওড়িশা বা আন ঠাইত নির্দিষ্ট কাম কৰি আছে যদিও অসমত তেওঁলোকো চাহ জনগোষ্ঠীৰ৷ হয়তো ইয়াৰ বাবেই মেডিকেলৰ নামভর্তিত সংৰক্ষিত আসনত একাংশই অহেতুক সুবিধা আদায় কৰি আহিছে৷ বিধানসভাত চাহ জনগোষ্ঠীৰ লোক বুলি নির্দিষ্ট কৰা এটা শ্রেণীক চৰকাৰে এতিয়া বাদ দিব নোৱাৰে বুলি উল্লেখ কৰি মন্ত্রী ড০ শর্মাই কয় যে ইয়াৰ বাবে অহাবাৰ বিধিৰ সংশোধন ঘটাব লাগিব৷ এইক্ষেত্রত কিছু সমস্যাও আছে৷ চাহ জনগোষ্ঠীৰ বহু লোকে গাঁৱত বসবাস কৰে৷ সেয়ে মেডিকেলত চাহ জনগোষ্ঠীৰ নামত নামভর্তি কৰাৰ ক্ষেত্রত জনগোষ্ঠীটোৱে চৰকাৰক গাইড কৰিব লাগিব৷ জনগাঁথনিৰ ভিত্তিত বৰাক আৰু ব্রহ্মপুত্র উপত্যকাৰ বাবে সংৰক্ষিত আসনসমূহ ভগাব পাৰি নেকি, সেয়াও চিন্তা কৰিব লাগিব৷

ইপিনে, বিধায়ক তেৰছ গোৱালাই চাহ জনগোষ্ঠীৰ জাতিৰ প্রমাণ–পত্র দিয়াৰ ব্যৱস্থাটোত যথেষ্ট বেমেজালি আছে বুলি সদনত প্রকাশ কৰে৷ সেইদৰে বিধায়ক ৰফিকুল ইছলামে চাহ জনগোষ্ঠীৰ মাজত জলধা জনগোষ্ঠীও আছে বুলি উল্লেখ কৰি কয় যে চাহ শ্রমিকসকলৰ ৯৮ শতাংশ এটা নির্দিষ্ট ধর্মাৱলম্বী হ’লেও দুই শতাংশ চাহ শ্রমিকৰ মাজত চুলতান, বেগম, আনছাৰি, আলী, হুছেইন উপাধিৰ লোকো আছে৷

এইসকল লোকেও চাহ শ্রমিক হিচাপেই কাম কৰি আহিছে৷ আনহাতে অসমত জন্ম আৰু মৃত্যুৰ হাৰ সর্বভাৰতীয় হাৰতকৈ বেছি বুলি বিধায়ক দেৱব্রত শইকীয়াৰ এক প্রশ্নৰ উত্তৰত মন্ত্রী ড০ শর্মাই প্রকাশ কৰে যে দেশত জন্মৰ হাৰ ২০ শতাংশ, বিপৰীতে অসমত সেই হাৰ ২১.১ শতাংশ৷ মৃত্যুৰ হাৰো দেশত ৬.২ শতাংশৰ বিপৰীতে অসমত মৃত্যুৰ হাৰ ৬.৪ শতাংশ৷ সেইদৰে বিধায়ক আবুল কালাম ৰছিদ আলমৰ এক প্রশ্ণৰ উত্তৰত মন্ত্রী ড০ শর্মাই সদনত কয় যে অসমৰ কর্কট ৰোগীৰ সংখ্যা ১১,৬১৫গৰাকী৷ আই চি এম আৰৰ তথ্য অনুসৰি প্রতিবছৰে অসমত ৩৪,০৭৬গৰাকী কর্কট ৰোগী চিনাক্ত কৰা হয়৷

সেইদৰে লকডাউনৰ সময়ৰ পৰা যোৱা ২৭ ডিচেম্বৰলৈ অসমত ক’ভিড মহামাৰীত ১,০৩৭গৰাকী লোকৰ মৃত্যু হৈছে৷ এই সময়ছোৱাত আন ১,৩৫৭গৰাকী লোকৰ মৃত্যু হয়, যিসকল লোক অন্যান্য ৰোগৰ লগতে ক’ৰোনাতো আক্রান্ত হৈছিল৷

অসম ৰাজ্যিক ক’ভিড ডেথ অডিট ব’ৰ্ডৰ মতে, উক্ত লোকসকলৰ মৃত্যুৰ মুখ্য কাৰণ একমাত্র ক’ৰোনা বুলি ক’ব পৰা নাযায়৷ ইফালে বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ এক প্রশ্ণৰ উত্তৰত মন্ত্রী ড০ শর্মাই সদনত প্রকাশ কৰা অনুসৰি বর্তমান ৰাজ্যখনত ৩৭২টা ছিনিয়ৰ মেডিকেল এণ্ড হেল্থ অফিচাৰ, ৪৬১টা মেডিকেল এণ্ড হেল্থ অফিচাৰ, ১,১২৪টা ফার্মাচিষ্ট, ২১২টা জিএনএম আৰু ৪৫৮টা এএনএম পদ খালী হৈ আছে৷ অৱশ্যে সেই খালী পদৰ জোৰা মাৰিবলৈ এনএইচএমৰ অধীনত ১১০গৰাকী বিশেষজ্ঞ চিকিৎসক, ৮৯৩গৰাকী এমবিবিএছ চিকিৎসক, ৫০১গৰাকী আয়ুর্বেদিক চিকিৎসক ২৩০গৰাকী হোমি’ চিকিৎসক, ২১২গৰাকী ডেণ্টেল ছার্জন, ৯৪৪গৰাকী চিএইচ’, ৪,৫৯১গৰাকী ষ্টাফ নার্ছ, ৮২২গৰাকী ফার্মাচিষ্ট, ৯৯৮গৰাকী লেবৰেটৰী টেক্নিচিয়ান, ৪৬গৰাকী ৰেডি’গ্রাফাৰ, ৫,৩১০গৰাকী এএনএম আৰু ৪,২৭৩গৰাকী প্র’গ্রেম মেনেজমেণ্ট–ছাপ’ট ষ্টাফ আৰু অন্যান্য সেৱাত নিয়োজিত হৈ আছে৷

RELATED ARTICLES