peepl-small

১৯ কেজি সোণেৰে নির্মিত কামাখ্যা মন্দিৰৰ চূড়া মুকলি

PUBLISHED:

গুৱাহাটীঃ ঐতিহাসিক শক্তিপীঠ কামাখ্যা ধামৰ চূড়াটো সোণোৱালী হ’ল৷ দুমাহ ধৰি নির্মাণকার্য চলোৱাৰ অন্তত সোণেৰে খচিত চূড়াটো যোৱা মঙলবাৰে পূর্ণ হৈ উঠিল৷ দেশৰ প্রখ্যাত শক্তিপীঠ কামাখ্যাধামত সোণৰ চূড়াটো নির্মাণৰ বাবে প্রয়োজনীয় সোণ দান হিচাপে দিছে ৰিলায়েন্সৰ স্বত্বাধিকাৰী মুকেশ আম্বানিয়ে৷ উদ্যোগপতি আম্বানিয়ে দান আগবঢ়োৱা ১৯ কেজি সোণেৰে নির্মাণ কৰা কামাখ্যা মন্দিৰৰ চূড়াটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়৷

উদ্যোগপতি আম্বানিৰ প্রতিনিধিৰ উপস্থিতিত কামাখ্যা মন্দিৰত বৈদিক ৰীতি–নীতিৰে যজ্ঞ অনুষ্ঠিত কৰি চূড়াটো মুকলি কৰা হয়৷ দেশৰ বিভিন্ন স্থানৰ বিখ্যাত মন্দিৰৰ দৰেই ১৯ কেজি সোণেৰে কামাখ্যা মন্দিৰৰ তিনিতৰপীয়া সোণৰ চূড়াটো ৰিলায়েন্সৰ অলংকাৰ প্রস্তুত কৰা কাৰিকৰে নির্মাণ কৰি উলিয়ায়৷

কামাখ্যা মন্দিৰৰ দলৈ মোহিত শর্মাই জানিবলৈ দিয়া মতে ছেপ্ঢেম্বৰ মাহৰ মাজভাগৰ পৰা এই চূড়াটো নির্মাণৰ কাম আৰম্ভ কৰা হৈছিল৷ দীপাৱলীৰ সময়ত চূড়াটো মুকলি কৰাৰ কথা আছিল যদিও নির্মাণকার্য সম্পূর্ণ নোহোৱাৰ বাবে চূড়াটো মুকলি কৰা হয়৷ চূড়াটো নির্মাণৰ বাবে প্রয়োজনীয় সোণ দান আৰু কাৰিকৰৰ ব্যয় বহন কৰা উদ্যোগপতি মুকেশ আম্বানিক কামাখ্যা মন্দিৰ দেৱালয় কর্তৃপক্ষই ধন্যবাদ জ্ঞাপন কৰে৷ লগতে এই চূড়াটো নির্মাণৰ ক্ষেত্রত আগভাগ লোৱা স্থানীয় বিধায়ক তথা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকো দেৱালয় কর্তৃপক্ষই ধন্যবাদ জ্ঞাপন কৰে৷

RELATED ARTICLES