peepl-small

সাময়িকভাৱে বাহাল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৬৫ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি

PUBLISHED:

গুৱাহাটী: গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঠিকাভিত্তিক আৰু অস্থায়ী শিক্ষকসকলক অব্যাহতি দিয়াৰ বাবে শেহতীয়াকৈ ৰাজ্যপাল জগদীশ মুখীয়ে দিয়া নির্দেশক লৈ চলি থকা প্রতিক্রিয়াৰ মাজতে এই শিক্ষকসকলক চাকৰিত ৰখাৰ সিদ্ধান্ত লৈছে বিশ্ববিদ্যালয় কর্তৃপক্ষই৷ 

মঙলবাৰে বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে জাৰি কৰা এক নির্দেশ অনুসৰি ঠিকাভিত্তিক আৰু অস্থায়ী শিক্ষকসকলৰ সন্দর্ভত ৰাজ্যপালে দিয়া নির্দেশক অস্থায়ীভাৱে প্রত্যাহাৰ কৰি তেওঁলোকৰ চাকৰি বাহাল ৰখাৰ সিদ্ধান্ত লৈছে৷

গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন ১৯৪৭ অনুসৰি উপাচার্যই বিশেষ কর্তৃত্ব জাৰি কৰি মেম’ নম্বৰ–জিইউ/আৰই (এছএফ)/২০২১/৯৩ৰ জৰিয়তে এক জাননী জৰি কৰি অস্থায়ী শিক্ষকসকলৰ অব্যাহতি সাময়িকভাৱে স্থগিত ৰাখি বিষয়টো ১০ জুলাই আৰু ১২ জুলাইত অনুষ্ঠিত হ’ব লগা বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিষদ আৰু কার্যবাহী পৰিষদৰ বৈঠকত আলোচনা কৰা হ’ব বুলি উল্লেখ কৰিছে৷

উল্লেখ্য যে যোৱা ২ জুলাইত ৰাজ্যপাল জগদীশ মুখীয়ে এক নির্দেশ জাৰি কৰি বিশ্ববিদ্যালয়ৰ অস্থায়ী আৰু ঠিকাভিত্তিক ৬৫ শিক্ষকক অব্যাহতি দিবলৈ নির্দেশ দিছিল৷

RELATED ARTICLES