peepl-small

১ জুনৰ পৰা স্নাতকোত্তৰ মহলাৰ অনলাইন পৰীক্ষা

PUBLISHED:

গুৱাহাটী : স্থগিত হৈ থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহৰ নতুন সময়সূচী ঘোষণা কৰা হৈছে৷ অহা ১ জুনৰ পৰা বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ মহলাৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব৷ ১৫ জুনত স্নাতকোত্তৰ পৰীক্ষাৰ সামৰণি পৰিব৷ একেদৰে স্নাতক মহলাৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব জুন মাহৰ দ্বিতীয় সপ্তাহত৷ ‘অ’পেন বুক’ পদ্ধতিৰে ‘অনলাইন মুড’ত এই পৰীক্ষা অনুষ্ঠিত হ’ব৷

শুকুৰবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য প্রতাপজ্যোতি সন্দিকৈৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়৷ বৈঠকত গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সংস্থা, অসম মহাবিদ্যালয় অধ্যক্ষ পৰিষদ, কলেজ শিক্ষক সংস্থাৰ প্রতিনিধিৰ লগতে আইন মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশ্ববিদ্যালয়ৰ কার্যবাহী পৰিষদৰ অন্তর্ভুক্ত অধ্যক্ষসকল উপস্থিত থাকে৷ বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কে আজি এক জাননীযোগে এই গুৰুত্বপূর্ণ সিদ্ধান্তৰ বিষয়ে সদৰী কৰে৷ জাননীখনত লগতে কোৱা হয় যে পৰীক্ষা সন্দর্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্রকে সোনকালে সবিশেষ জাননী আৰু এছ অ’ পি প্রকাশ কৰিব৷

RELATED ARTICLES