peepl-small

গুৱাহাটী বিশ্ববিঃৰ স্নাতকোত্তৰ ছাত্র সন্থাৰ নির্বাচনৰ ফলাফল ঘোষণা

PUBLISHED:

গুৱাহাটী: গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্র সন্থাৰ বৃহস্পতিবাৰে অনুষ্ঠিত নির্বাচনৰ ফলাফলসমূহ শুকুৰবাৰে ভোট গণনাৰ অন্তত বিয়লি ঘোষণা কৰা হয়৷ নির্বাচনৰ ৰিটার্ণিং বিষয়া অধ্যাপক পার্থপ্রতিম বৰুৱাই ভোট গণনাৰ অন্তত কৰা ঘোষণা অনুসৰি নির্বাচন অনুষ্ঠিত হোৱা ১৪টা পদৰ ভিতৰত সভাপতি পদত উল্লাহ উদ্দীপ্ত বৰা, উপ–সভাপতি পদত অনুপমা পাটগিৰি, সাধাৰণ সম্পাদকত পার্শ্ব পাটগিৰি, সহকাৰী সাধাৰণ সম্পাদকত বৰষা শর্মা, সাহিত্য সম্পাদকত বৰষা দাস, সংগীত সম্পাদকত নীতুমণি বৰা, সাংস্কৃতিক সম্পাদকত প্রীতম তহবিলদাৰ, তর্ক আৰু আলোচনা–চক্র সম্পাদকত বিজয়লক্ষ্মী বৰা, গুৰু ক্রীড়া সম্পাদকত উর্খাও ৰাজা বসুমতাৰী, লঘু ক্রীড়া সম্পাদকত ঋতিক কাশ্যপ, ছাত্র জিৰণী কোঠা সম্পাদকত বিদ্যুৎ বিকাশ হাজৰিকা, ছাত্রী জিৰণী কোঠাৰ সম্পাদিকাত চন্দমিতা কাশ্যপ, শৰীৰ চর্চা সম্পাদকত অৰুণাভ গোস্বামী আৰু সমাজসেৱা সম্পাদকত ভূপালী তামুলী বিজয়ী হৈছে৷ আনহাতে নির্বাচনৰ পূর্বে ক্রীড়া সম্পাদক পদত সীমাগছা স্বর্গীয়াৰী বিনাপ্রতিদ্বন্দ্বিতাৰে বিজয়ী হৈছিল৷

RELATED ARTICLES