peepl-small

চি-টেট উত্তীৰ্ণলৈ সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

PUBLISHED:

গুৱাহাটীঃ উচ্চ প্রাথমিক আৰু নিম্ন প্রাথমিক বিদ্যালয়ত শিক্ষক নিযুক্তিৰ বাবে চি–টেট উত্তীর্ণ প্রার্থীক যোগ্য বিবেচনা কৰিবলৈ নির্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ ৯১৬গৰাকী প্রার্থীয়ে    দাখিল কৰা কেইবাখনো আবেদনৰ শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে এই নির্দেশ জাৰি কৰিছে৷ উল্লেখ্য যে যোৱা ছেপ্ঢেম্বৰত উচ্চ প্রাথমিক আৰু নিম্ন প্রাথমিক বিদ্যালয়ৰ ৩,৯৪১টা পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰা হৈছিল৷

এই বিজ্ঞাপন অনুসৰি কেৱল ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা টেটত উত্তীর্ণসকলকহে আবেদনৰ বাবে সুবিধা প্রদান কৰা হৈছিল৷ চি–টেট উত্তীর্ণসকলে এই পদত আবেদন কৰিব নোৱাৰিব বুলি বিজ্ঞাপনটোত উল্লেখ কৰা হৈছিল৷ সেয়েহে একাংশ চি–টেট উত্তীর্ণ প্রার্থীয়ে এই বিজ্ঞাপনক প্রত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷ সেই সময়ত ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠে গোচৰৰ শুনানি গ্রহণ কৰি আবেদনকাৰী প্রার্থীসকলক প্রাথমিক অৱস্থাত অফলাইনযোগে আবেদনৰ সুবিধা দিবলৈ সংশ্লিষ্ট পক্ষক নির্দেশ দিছিল৷

অৱশ্যে পৰৱর্তী পর্যায়ত এজনীয়া বিচাৰপীঠখনে চি–টেট উত্তীর্ণ প্রার্থীসকলে দাখিল কৰা আবেদন খাৰিজ কৰে৷ পুনৰ এই আবেদনকাৰীসকলে এজনীয়া বিচাৰপীঠৰ নির্দেশনাক প্রত্যাহ্বান জনাই খণ্ড বিচাৰপীঠৰ ওচৰ চাপে৷ এই আবেদনৰ শুনানি গ্রহণ কৰি আজি খণ্ড বিচাৰপীঠখনে আবেদনকাৰী প্রার্থীসকলৰ প্র–পত্র ৰাজ্য চৰকাৰে শেহতীয়াকৈ প্রকাশ কৰা বিজ্ঞাপন অনুসৰি যোগ্য হিচাপে বিবেচনা কৰিবলৈ নির্দেশ দিয়ে৷ যোগ্যতাৰ ভিত্তিত এই প্রার্থীসকলকো নিযুক্তিৰ সুবিধা প্রদান কৰিব লাগিব ৰাজ্য চৰকাৰে৷ অৱশ্যে কেৱল উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা চি–টেট প্রার্থীসকলৰ ক্ষেত্রতহে এই নির্দেশনা প্রযোজ্য হ’ব৷ 

RELATED ARTICLES