peepl-small

ক’ভিড ব্যক্তিগত হাস্পতালৰ লুণ্ঠনঃ দিছপুৰক দুদিন সময় হাইক’ৰ্টৰ

PUBLISHED:

গুৱাহাটী: ৰাজ্যৰ ক’ভিড ৰোগীক চিকিৎসাৰ নামত ব্যক্তিগত খণ্ডৰ হাস্পতালসমূহে কৰি অহা লুণ্ঠন সন্দর্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হৈছে ৰাজহুৱা স্বার্থজড়িত গোচৰ৷ ৩১/২০২১ নম্বৰৰ ৰাজহুৱা স্বার্থজড়িত গোচৰৰ জৰিয়তে ৰাজ্যৰ অধিকাংশ ব্যক্তিগত খণ্ডৰ হাস্পতালে ক’ভিডৰ চিকিৎসাৰ নামত অত্যধিক মাচুল আদায়ৰ বিষয়টো দৃষ্টিগোচৰ কৰা হৈছে৷ সেয়েহে ব্যক্তিগত হাস্পতালত ক’ভিডৰ চিকিৎসাৰ বাবে মাচুল নির্ধাৰণ কৰিব লাগে বুলি আবেদনখনত উল্লেখ কৰা হৈছে৷ তদুপৰি গ্রামাঞ্চলসমূহত ক’ভিডত আক্রান্ত ৰোগীক অক্সিমিটাৰ যোগান ধৰাৰ প্রসংগও উচ্চ ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰা হৈছে৷

বৃহস্পতিবাৰে এই ৰাজহুৱা আবেদনৰ শুনানিৰ সময়ত ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তাই উচ্চ ন্যায়ালয়ক অৱগত কৰে যে আবেদনখনত উল্লিখিত বিষয়সমূহ চৰকাৰে অত্যন্ত গুৰুত্বসহকাৰে বিবেচনা কৰি আছে৷ ইয়াৰে কিছুসংখ্যক বিষয়ত ইতিমধ্যে সিদ্ধান্ত গ্রহণ কৰা হৈছে বুলিও তেওঁ উচ্চ ন্যায়ালয়ক অৱগত কৰে৷ ৰাজ্য চৰকাৰে ইতিমধ্যে গ্রহণ কৰা পদক্ষেপ অথবা প্রস্তাৱিত পদক্ষেপসমূহ ন্যায়ালয়ক অৱগত কৰিবলৈ মহাধিবক্তাগৰাকীয়ে দুদিন সময় বিচাৰে৷

মুখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়া আৰু ন্যায়াধীশ এম আৰ পাঠকৰ খণ্ড বিচাৰপীঠে ৰাজ্য চৰকাৰক দুদিন সময় দি গোচৰটোৰ পৰৱর্তী শুনানিৰ দিন অহা ৮ জুন ধার্য কৰে৷ ইপিনে, ব্যক্তিগত হাস্পতালকে ধৰি ৰাজ্যৰ হাস্পতালসমূহত বিছনাৰ উপলব্ধতা সন্দর্ভত এটা অনলাইন প’র্টেল প্রৱর্তন কৰিবলৈও আবেদনখনত উল্লেখ কৰা হৈছে৷ উল্লেখ্য যে ৰাজ্যৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ হাস্পতালসমূহে ক’ভিড ৰোগীৰ চিকিৎসাৰ নামত লাখ লাখ টকা মাচুল হিচাপে আদায় কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷

RELATED ARTICLES