peepl-small

বিটিআৰ চুক্তি ৰূপায়ণৰ পর্যালোচনা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ: এনডিএফবিৰ পুনঃসংস্থাপনৰ বাবে ১৬০ কোটি

PUBLISHED:

গুৱাহাটীঃ   মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সোমবাৰে বি টি আৰ চুক্তি ৰূপায়ণৰ পর্যালোচনা কৰে৷ জনতা ভৱনস্থিত মুখ্যমন্ত্রীৰ সভাকক্ষত ভৈয়াম জনজাতি কল্যাণ আৰু অন্যান্য পিছপৰা শ্রেণী কল্যাণ বিভাগ (কেৱল বিটিচি অঞ্চলৰ) মন্ত্রী উর্খাও গৌৰা ব্রহ্ম, বি টি আৰপ্রধান প্রমোদ বডো তথা বি টি আৰৰ আন কার্যবাহী সদস্যসকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই বৈঠকত আত্মসমর্পণকাৰী ৪,০৩৬গৰাকী এন ডি এফ বি কেডাৰৰ বাবে ১৬০ কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰিবলগীয়া পুনৰ সংস্থাপনমূলক কার্যসূচীত অনুমোদন জনোৱা হয়৷ এই বৈঠকতে বিটিচি প্রশাসনক ৰাজ্যিক পঞ্চায়ত আৰু গ্রামোন্নয়ন প্রতিষ্ঠানৰ সৈতে যৌথ পৰিকল্পনা তথা অসম আৰক্ষীৰ বিশেষ শাখাৰ মহাপৰিদর্শক হীৰেন নাথৰ সহযোগিতাত আত্মসমর্পণকাৰী এন ডি এফ বি কেডাৰসকলৰ আর্থ–সামাজিক উৎকর্ষ সাধনৰ বাবে বিশেষ প্রশিক্ষণৰ পদক্ষেপ ল’বলৈ মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷

উল্লেখ্য যে এই কার্যসূচীৰ অধীনত ৪,০৩৬গৰাকী এন ডি এফ বি কেডাৰক ব্যক্তিগত উৎকর্ষতাৰ প্রশিক্ষণ প্রদান কৰা হ’ব৷ আজিৰ বৈঠকে ২০২০ চনৰ ২৭ জানুৱাৰীত স্বাক্ষৰিত হোৱা বি টি আৰ চুক্তিৰ জৰিয়তে বি টি আৰ পৰিষদৰ সবলীকৰণৰ বাবে দ্রুত পদক্ষেপ গ্রহণৰ সিদ্ধান্ত লয়৷ বৈঠকত লগতে বি টি আৰ চুক্তি ৰূপায়ণৰ জৰিয়তে বড়ো জাতিৰ সাংস্কৃতিক, ভাষিক আৰু শৈক্ষিক উত্তৰণৰ বিষয়সমূহো আলোচনা কৰা হয়৷ বৈঠকত মুখ্যমন্ত্রী ড০ শর্মাই বডোফা উপেন্দ্রনাথ ব্রহ্মৰ আদর্শৰে বডো জাতিৰ আর্থ–সামাজিক সবলীকৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে৷ বৈঠকত মুখ্যমন্ত্রী ড০ শর্মাই বডোফা উপেন্দ্রনাথ ব্রহ্মৰ নামেৰে স্থাপন কৰিবলগীয়া সাংস্কৃতিক চৌহদ তথা উৎকর্ষতা কেন্দ্রৰ নির্মাণকার্য সোনকালে সম্পূর্ণ কৰাৰ নির্দেশ দিয়াৰ লগতে বড়ো জনগোষ্ঠীৰ স্বাভিমানৰ সৈতে ওতপ্রোতভাৱে জড়িত অন্যান্য উন্নয়নমূলক কাম–কাজসমূহ দ্রুতভাৱে সম্পূর্ণ কৰাৰো নির্দেশ দিয়ে৷ সোমবাৰৰ বৈঠকতে ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী কল্যাণ (বিটিচিৰ বাবে) বিভাগক পুনৰ নামকৰণ কৰি বিটিচি পৰিক্রমা বিভাগ হিচাপে নামকৰণ কৰি বড়ো জনগোষ্ঠীৰ সর্বাংগীণ কল্যাণৰ বিষয়টো দ্রুততৰ কৰাৰ বাবেও সিদ্ধান্ত গ্রহণ কৰা হয়৷

বৈঠকত মুখ্যমন্ত্রীয়ে লগতে বি টি আৰৰ জিলাকেইখনক আই জি পি, ডি আই জি, অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ–আৰক্ষী অধীক্ষক ইত্যাদিৰ কার্যালয় তথা আৱাস নির্ধাৰিত সময়ৰ ভিতৰত সম্পূর্ণ কৰাৰ বাবেও নির্দেশ দিয়ে৷ এই বৈঠকত মুখ্য সচিব জিষ্ণু বৰুৱা, বিশেষ আৰক্ষী সঞ্চালকপ্রধান এল আৰ বিষ্ণই, বিশেষ আৰক্ষী সঞ্চালকপ্রধান জি পি সিং, মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিন্হা, গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্রধান সচিব নীৰজ বার্মা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী কল্যাণ বিভাগৰ প্রধান সচিব মুকেশ চাহু, ৰাজহ বিভাগৰ প্রধান সচিব অবিনাশ যোশী, শিক্ষা বিভাগৰ প্রধান সচিব বি কল্যাণ চক্রৱর্তী, আই জি পি (এছ বি) হীৰেন নাথ, শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্রীতম শইকীয়াৰ উপৰি ৰাজ্য চৰকাৰৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে৷

RELATED ARTICLES