peepl-small

চানা বিক্রীৰে পেট প্রৱর্তাইছে প্রাক্তন ৰাজ্যিক বাস্কেট বল খেলুৱৈ নগাঁৱৰ কাঞ্চন সাহাই

PUBLISHED:

গুৱাহাটীঃ আজিৰ পৰা প্রায় ত্রিশ–বত্রিশ বছৰৰ আগতে যুৱকজনৰ বাবে একমাত্র বাস্কেট বলটোৱে আছিল সকলো সুখ–দুখৰ সংগী৷ এসময়ত এই বাস্কেট বলটো হাতত লৈয়ে বিশ্বজয়ৰ সপোন পুহি ৰাখিছিল যুৱকজনে৷ মনত তেওঁ ভিতৰি ভিতৰি আন এটা সপোন পুহি আছিল, সেইটো আছিল মেজিক জনছন হোৱাৰ৷ কেৱল বাস্কেট বলটোতেই লুকাই আছিল যুৱকজনৰ বহু আশা–আকাংক্ষা৷ এইদৰেই এদিন বাস্কেট বলটোৱেই তেওঁক লৈ যাব এছিয়ান গেমছ অথবা অলিম্পিকৰ মজিয়ালৈ৷ যেন বাস্কেট বলটোৱেই এদিন হঁাহি বিৰিঙাই তুলিব অভাৱ–আকালত নিমজ্জিত নিঃকিন পৰিয়ালটোৰ প্রতিজন সদস্যৰ মুখত৷ পিতৃ–মাতৃয়ে আজীৱন কৰি অহা কষ্টবোৰ যেন নতুন প্রজন্মৰ কোনেও কৰিব নালাগে৷ কিন্তু যুৱকজনৰ সেই সকলো আশা–আকাংক্ষা আজি এক মৰীচিকাত পৰিণত হ’ল৷

বহু আশা–আকাংক্ষাৰ সপোন দেখা সেই সুদক্ষ বাস্কেট বল খেলুৱৈজনেই হ’ল নগাঁও চহৰত আজি চানা বিক্রী কৰি পেট প্রৱর্তোৱা কাঞ্চন সাহা৷ নগাঁও চহৰৰ নতুন বজাৰৰ সমীপত অৱস্থিত এটি ঘৰত বৃদ্ধ পিতৃ–মাতৃ–ভাতৃ–তিনি ভগ্নীৰে দীর্ঘদিনৰ পৰা বাস কৰি আহিছিল কাঞ্চন সাহাই ৷ তেতিয়াই তেওঁৰ দেউতাকে নতুন বজাৰত ভাৰাত লৈছিল এখন সৰু দোকান৷ সেই সময়ত দৈনিক পুৱা ৫.৩০ বজাত শোৱাপাটীৰ পৰা উঠিয়েই প্রায় এক কিলোমিটাৰ জ’গিং কৰি নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়াম পায়গৈ৷ তাতে তেওঁ দুঘণ্টা–আঢ়ৈ ঘণ্টা অনুশীলন কৰে বাস্কেট বলৰ৷ পিছত ৮–৮.৩০ মান বজাত ষ্টেডিয়ামৰ পৰা উভতি আহি নতুন বজাৰৰ এখন নির্দিষ্ট গেলামালৰ দোকানৰ পৰা মটৰ, বাদাম, চিৰা, মগু, পিঁয়াজ, নিমখ, মিঠাতেল আদি সামগ্রীসমূহ কিনি আনে৷ সেই সামগ্রীসমূহ চালি–জাৰি পৰিষ্কাৰ কৰাৰ লগতে আগৰাতি তিয়াই থোৱা বুট–মগু–মটৰসমূ ঠিকঠাক কৰাত ব্যস্ত হৈ পৰে৷

পূর্বতে এই কার্যত কাঞ্চনৰ মাতৃয়ে সহায় কৰিছিল যদিও ১৯৯১ চনত মাতৃৰ মৃত্যুৰ পিছত এইসমূহ কাম কাঞ্চনে নিজেই কৰিবলৈ বাধ্য হয়৷ সেইদৰে প্রতিদিনে কাঞ্চনে গা–পা ধুই ইকাণে–সিকাণে মুখত কিবা এমুঠি লৈয়ে মূৰত চানাৰ গ্লাছেৰে আৱৰা বাকচটো লৈ ওলাই যায় নগাঁৱৰ সেই সময়ৰ জনপ্রিয় টকীজ ‘কৃষ্ণা চিনেমা হল’লৈ৷ তেতিয়া কৃষ্ণা চিনেমা হলত এক বজাত আৰম্ভ হয় মেটিনী শ্ব’৷ চিনেমা আৰম্ভ হোৱাৰ পিছতে সুবিধা বুজি ঘৰলৈ গৈ ৰান্ধি–বাঢ়ি কাঞ্চনে খাই আহে ভাত৷ আকৌ ঠিক চাৰি বজাৰ প্রথম শ্ব’ আৰম্ভণিৰ পিছতে পুনৰ কাঞ্চন ঢ়াপলি মেলে নুৰুল আমিন ষ্টেডিয়ামত বাস্কেট বল খেলিবলৈ বুলি৷ সন্ধিয়া ৬ বজাৰ লগে লগে কাঞ্চন পুনৰ ঘূৰি আহে কৃষ্ণা চিনেমা হললৈ৷ কাৰণ ৭ বজাত আৰম্ভ হয় দ্বিতীয় শ্ব’৷ নিশা ৯.৩০ বজালৈকে কাঞ্চনে তেতিয়া কৃষ্ণা চিনেমা হলত চানা বিক্রী কৰে৷ এনেদৰে দীর্ঘদিনৰ পৰা কৃষ্ণা চিনেমা হলৰ কাষত চানা বিক্রী কৰি অহা কাঞ্চন সাহাক বহুতেই চিনি পায় যদিও বহুতেই আকৌ নাজানে যে তেওঁ এজন ৰাজ্যিক পর্যায়ৰ সুদক্ষ বাস্কেট বল খেলুৱৈ৷ ১৯৭২ চনত নগাঁও চহৰৰ নতুন বজাৰত জন্ম গ্রহণ কৰা কাঞ্চনে ১৯৭৭ চনত নগাঁৱৰ মাৰোৱাৰী হিন্দী হাইস্কুলত নামভর্তি কৰাৰ পিছত ১৯৮১–৮২ চনত উক্ত বিদ্যালয়ত পঞ্চম শ্রেণীত পঢ়ি থকা সময়তে বাস্কেট বল খেলাৰ প্রতি অধিক আকর্ষিত হৈ পৰে কাঞ্চন সাহা৷ তাৰ পিছতে জিলা ভিত্তিত অনুষ্ঠিত গ্রাম্য বাস্কেট বল প্রতিযোগিতাত গ্রাম্য দলৰ খেলুৱৈ ৰূপে অংশগ্রহণ কৰে কাঞ্চনে৷ ১৯৮৬–৮৭ চনত প্রথমবাৰলৈ জিলা দলত খেলিবলৈ সুবিধা পোৱা কাঞ্চনে ১৯৮৮ চনত প্রথমবাৰলৈ ৰাজ্যিক দলৰ জার্ছী পিন্ধে নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্রীয় জুনিয়ৰ বাস্কেট বল প্রতিযোগিতাত৷ তাৰ পিছতে ১৯৮৯ চনত কাঞ্চনে ৰাজ্যিক দলৰ হৈ একেৰাহে বাস্কেট বলৰ ৰাষ্ট্রীয় প্রতিযোগিতাত অংশগ্রহণ কৰি আহিছে৷

১৯৯০ চনত বাংগালুৰুত অনুষ্ঠিত ৰাষ্ট্রীয় যুৱ ক্রীডাত অসমৰ পৰা প্রতিনিধিত্ব কৰে কাঞ্চনে৷ পৰৱর্তী সময়ত কাঞ্চনে জিলা আৰু ৰাজ্যিক দলৰ হৈ দেশৰ বিভিন্ন প্রান্তত অনুষ্ঠিত বাস্কেট বল প্রতিযোগিতাত অংশগ্রহণ কৰি আহিছে৷ নগাঁও মাৰোৱাৰী হিন্দী হাইস্কুলৰ পৰা মেড্রিক পাছ কৰিয়েই ১৯৯১ চনত নগাঁও মহাবিদ্যালয়ত উচচতৰ মাধ্যমিকৰ দ্বিতীয় বর্ষত অধ্যয়নৰত অৱস্থাতে পৰিয়ালৰ আর্থিক দুৰৱস্থাৰ বাবে আধাতে পঢ়া সামৰিব লগা হোৱা কাঞ্চনে চানা বিক্রী কৰি তেতিয়া তেওঁৰ পিতৃসহ তিনি ভগ্ণী, এজন ভাতৃসহ ছজনীয়া পৰিয়ালটোৰ লগতে অবিৰত সংগ্রাম চলোৱাৰ মাজতে কি ধৈর্য, দৃঢ়তা আৰু একাগ্রতাৰে তেওঁ খেলা–ধূলাও চলাই নিব পাৰে তাক প্রমাণ কৰি দেখুৱাইছিল৷ পূর্বৰ অসমৰ কেইবাজনো মুখ্যমন্ত্রীক বহুবাৰ আবেদন–নিবেদন কৰিছিল এটা সৰু সুৰা হ’লেও চৰকাৰী চাকৰিৰ বাবে৷ কিন্তু তাৰ কোনো সুফল লাভ নকৰিলে কাঞ্চনে৷ অসম বাস্কেট বল সন্থায়ো বহুবাৰ তেওঁক গুৱাহাটীলৈ মাতি নিছিল৷ কিন্তু তাৰ পৰাও কোনো ফলপ্রসূ সঁহাৰি লাভ নকৰিলে সুদক্ষ বাস্কেট বল খেলুৱৈ কাঞ্চন সাহাই৷

এনেদৰে গুৱাহাটীলৈ তাঁতবাতি কাঢ়ি তেওঁৰ খৰচো দুগুণে যায়, ইফালে আকৌ গুৱাহাটীলৈ বুলি যাওঁতেই দিনত চানাৰ দোকান বন্ধ কৰিলেও নিশা আকৌ ভাতৰ চৰুলৈ বুলি জুই নিৰায়েই চিন্তা হয় কাঞ্চনৰ কাৰণে৷ সুদক্ষ বাস্কেট বল খেলুৱৈ কাঞ্চন সাহাই কয়– অসমত বাস্কেট বল খেলি কেৰিয়াৰ গঢ় দিব নোৱাৰি৷ তদুপৰি ৰাজ্য চৰকাৰে অসমৰ বাস্কট বল খেলুৱৈক যথোপযুক্ত গুৰুত্ব প্রদান কৰা দেখা নাই৷ বাস্কেট বলক অসমৰ ক্রীডা প্রাধিকৰণেও কোনো গুৰুত্ব দিয়া আজি দেখিবলৈ পোৱা নাই৷ এইক্ষেত্রত বর্তমানৰ ৰাজ্য চৰকাৰে নতুন পদক্ষেপ গ্রহণ কৰিলে উঠি অহা প্রজন্মই বাস্কেট বলক আদৰি ল’ব৷ আমি ৰাজ্যিক জিলা পর্যায়ত খেলিও আজিকোপতি চৰকাৰৰ পৰা কোনো সুবিধা লাভ নকৰিলোঁ৷ সেয়ে ২০১৬ চনত মৃত্যু হোৱা পিতৃৰ দৰেই এতিয়া কাঞ্চনে চানা বিক্রী কৰি পেট প্রৱর্তন কৰিব লগা হৈছে৷ তিনিগৰাকী কনিষ্ঠ ভগ্নী, এজন ভাতৃৰ ভৱিষ্যতৰ কথা চিন্তা কৰি নিজে আজিও এজন অবিবাহিত যুৱক ৰূপে থাকি কাঞ্চনে চানা বিক্রী কৰি পেটৰ ভাতমুঠি মোকলোৱাটো আজিৰ দিনত বহুত কষ্টকৰ বুুুলি মন্তব্য কৰে৷ খেলৰ লগত জডিত হৈ এতিয়া সময় নষ্ট কৰিলে পেট নভৰে বুলি আক্ষেপ প্রকাশ কৰি কয়– এতিয়াও তেওঁ যদি এটা দলৰ হৈ খেলপথাৰত নামে তেতিয়াহ’লে নিজকে এজন পেছাদাৰী খেলুৱৈ ৰূপে অৱতীর্ণ হ’ব৷ বাস্কেট বল খেলুৱৈ হিচাপে নতুন প্রজন্মৰ খেলুৱৈসকললৈ তেওঁ এটাই বার্তা দিব বিচাৰে যে আজিৰ প্রজন্মৰ খেলুৱৈসকলে প্রথমে বর্তমানৰ স্থিতি চাই লোৱাটো অতিকৈ প্রয়োজন৷ তাৰ পিছত খেলত মনোনিৱেশ কৰা উচিত৷ অযথা সময় নষ্ট কৰি কোনো লাভ নাই বুলি কয় কাঞ্চন সাহাই৷

নগাঁও মহাবিদ্যালয়ত পঢ়ি থকাৰ সময়তেই বহুকেইজন মন্ত্রী, বিধায়ক তথা ক্রীডা বিভাগৰ চৰকাৰী উচচপদস্থ বিষয়াৰ কাষ চাপিছিল যদিও কোনেও কাঞ্চন সাহাক সহায়ৰ হাত আগবঢ়াব নোৱাৰিলে৷ অৱশ্যে সুদক্ষ বাস্কেট বল খেলুৱৈ কাঞ্চনে ২০০৫ চনত অসম চৰকাৰৰ আবকাৰী বিভাগৰ আবকাৰী কনিষ্টবল পদত সাক্ষাৎকাৰত অৱতীর্ণ হৈ সুখ্যাতিৰে উত্তীর্ণ হৈ পুলিচ ভেৰিফিকেচনৰ তালিকাতো মুঠ উত্তীর্ণ প্রার্থী ১২জনৰ ভিতৰত কাঞ্চনৰ নাম দ্বিতীয় স্থানত আছিল যদিও অৱশেষত আবকাৰী বিভাগৰ নিযুক্তিৰ তালিকাত কাঞ্চনৰ নাম নাহিল৷ এইক্ষেত্রত সুদক্ষ খেলুৱৈ কাঞ্চনে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আৰ টি আইযোগে তেওঁ নিযুক্তি নোপোৱাৰ সন্দর্ভত তথ্য জানিব বিচাৰিছিল যদিও আজিকোপতি তাৰ সদুত্তৰ লাভ নকৰিলে৷ তেওঁৰ শিক্ষাগত অর্হতা, বাস্কেট বল শিতানত ৰাজ্যিক–জিলা পর্যায়ৰ প্রমাণ–পত্রৰ উপৰি এজন অন্যান্য পিছপৰা শ্রেণীৰ জাতিগত প্রমাণ–পত্র দিয়াৰ লগতে এনেদৰে উত্তীর্ণ হোৱাৰ পিছতো কি ৰহস্যজনক কাৰণত কাঞ্চনৰ নামটো অনান্য পিছপৰা শ্রেণীৰ পৰিৱর্তে পেনেল লিষ্টত সাধাৰণ শ্রেণীৰ ঘৰৰ নম্বৰত আহিল সেই কথাৰ আজিও সদুত্তৰ লাভ নকৰিলে কাঞ্চন সাহাই৷ এসময়ত সুদক্ষ বাস্কেট বলৰ খেলুৱৈ হিচাপে সকলো ফালৰে পৰা পুৰস্কৃত তথা প্রশংসাৰে উপচি পৰিছিল যদিও আজি সকলো প্রকাৰে লাঞ্ছিত–বঞ্চিত হৈ কাঞ্চনে নগাঁৱৰ নতুন বজাৰ চাৰিআলিৰ সেই চুকটোতে বিয়লি ৫ বজাৰ পৰা নিশা ৯.৩০ বজাপর্যন্ত চানা বিক্রী কৰি আহিছে আৰু তেনেদৰেই এখন সুখৰ সংসাৰৰ দায়িত্ব বহন কৰি আহিছে৷

বর্তমান ৰাজ্যৰ নৱনিযুক্ত মুখ্যমন্ত্রীলৈ সহায় বিচাৰি কাতৰ আহ্বান জনাইছে কাঞ্চনে৷ অৱশ্যে ক’ৰোনা মহামাৰীৰ দ্বিতীয় লহৰত কাঞ্চনৰ এই ক্ষুদ্র চানা ব্যৱসায়ত কিছু যতি পৰিছে বুলি উল্লেখ কৰি কাঞ্চনে কয়– যোৱা বছৰত এই ক্ষুদ্র ব্যৱসায়টো কৰি বহুখিনি লোকচানৰ সন্মুখীন হৈছিলোঁ৷ দীর্ঘদিনৰ বাবে ব্যৱসায় চলাব পৰা নাছিলোঁ৷ হাতত জমা বুলিবলৈ থকা যিকেইটা টকা আছিল তাৰেই পেটেভাতে খাই আছিলোঁ৷ পুনৰ আজি পাঁচ–ছয় মাহ ব্যৱসায়টো আৰম্ভ কৰিছিলোঁহে তাতে আকৌ ভূতৰ ওপৰত দানহ পৰা দি ক’ৰোনা মহামাৰীৰ দ্বিতীয় লহৰে আমাৰ দৰে ক্ষুদ্র ব্যৱসায়ীক সম্পূর্ণৰূপে মাধমাৰ দিছে৷ এতিয়া কোনো চৰকাৰ–প্রশাসনৰ হাতলৈ–মুখলৈ চোৱাৰ বাহিৰে কোনো গত্যন্তৰ নোহোৱা হৈছে কাঞ্চনৰ দৰে ক্ষুদ্র চানা ব্যৱসায়ীসকলৰ৷

RELATED ARTICLES

RECENT ARTICLES