peepl-small

দুই প্রাক্তন বিডিঅ’–কনিষ্ঠ অভিযন্তাসহ গ্রেপ্তাৰ ৬

PUBLISHED:

গুৱাহাটীঃ  উন্নয়ন নহয়, যেন লুণ্ঠনৰাজৰ প্রতিযোগিতাহে চলিছে৷ গ্রামাঞ্চলৰ বাট–পথৰ উন্নয়নৰ নামত অহা ধনৰো মোহ এৰিব নোৱাৰে একাংশ দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰী আৰু ৰাজনৈতিক নেতা–পালিনেতাই৷ শেহতীয়াভাৱে বাট–পথৰ উন্নয়নৰ নামত বিধায়ক উন্নয়ন পুঁজিৰ ধন লুণ্ঠন কৰি মুখ্যমন্ত্রীৰ বিশেষ নিৰীক্ষণ কোষৰ জালত পৰিছে বিডি’, কনিষ্ঠ অভিযন্তাসহ বিধায়কৰ ঘনিষ্ঠ৷ এই বিয়াগোম কেলেংকাৰি সংঘটিত হৈছিল বৰপেটা জিলাৰ বাঘবৰ সমষ্টিত৷ উল্লেখ্য যে ২০১৬–১৭ বিত্তীয় বর্ষত বাঘবৰ সমষ্টিৰ ১৪টাকৈ পথৰ উন্নয়নৰ নামত স্থানীয় বিধায়ক উন্নয়ন পুঁজিৰ পৰা মুঠ ৬৫ লাখ টকাৰ আবণ্টন দিয়া হৈছিল৷ বাট–পথৰ মেৰামতি, পুনৰ নির্মাণ আদিৰ নামত গৃহীত পথসমূহৰ কাম কৰাৰ বাবে বিধায়ক শ্বেৰমান আলী আহমেদৰ নির্দেশত গঠিত হৈছিল একোখনকৈ নির্মাণ সমিতি৷

মন্দিয়া উন্নয়ন খণ্ডৰ তদানীন্তন দুই বিডিঅ’ ক্রমে যাদৱ চৌধুৰী আৰু ইউচুফুৰ ৰহমানৰ নেতৃত্বত কনিষ্ঠ অভিযন্তা আয়নুৰ ৰহমানক কাৰিকৰী ব্যক্তি ৰূপে লৈ গঠিত নির্মাণ সমিতিসমূহত নিজৰ তিনি অনুগত ক্রমে আব্দুৰ ৰেজ্জাক, মুজাহিদুৰ ৰহমান আৰু চাহজামাল আলীক সভাপতিৰ দায়িত্ব অর্পণ কৰিছিল বিধায়ক শ্বেৰমান আলী আহমেদে৷ বিধায়কগৰাকীয়ে আনকি ১৪খন নির্মাণ সমিতিৰ ভিতৰত ১১খন নির্মাণ সমিতিৰে সভাপতিৰ দায়িত্ব অর্পণ কৰিছিল তেওঁৰ একান্ত ঘনিষ্ঠ আব্দুৰ ৰেজ্জাকক৷

আনহাতে বৰপেটা সদৰ সমষ্টিৰ আজাদ নগৰৰ বাসিন্দা চাহজামাল আলীক বাঘবৰ সমষ্টিৰ বাসিন্দা বুলি দেখুৱাই তাৰে নির্মাণ কমিটীৰ সভাপতি হিচাপে দায়িত্ব অর্পণ কৰিছিল বিধায়কগৰাকীয়ে৷ প্রতিখন আঁচনিৰ বিপৰীতে কিছু শতাংশ কাম কৰি অৱশিষ্ট ধন মিলিজুলি আত্মসাতৰ পৰিকল্পনা কৰিছিল নির্মাণ সমিতিৰ সভাপতিয়ে৷ সেইমর্মে নির্মাণ সমিতিৰ সভাপতিয়ে বিডি’ আৰু কনিষ্ঠ অভিযন্তাৰ সহযোগত কাগজে–পত্রই ১৪টা পথৰ এশ শতাংশ ৰূপায়ণ হোৱা দেখুৱাই আবণ্টিত সমুদায় ধন মোকলাই নিয়ে৷ অতি গুৰুত্বপূর্ণ কথা এয়ে যে এই আটাইকেইটা পথেই ২০১৫–১৬ বর্ষত এম জি এনৰেগা আঁচনিৰ জৰিয়তে নির্মাণ কৰি থোৱা আছিল৷ নির্মাণ হৈ থকা পথসমূহকে পুনৰ বিধায়কৰ উন্নয়ন পুঁজিৰ ধনৰ জৰিয়তে নির্মাণ কৰা দেখুৱাই বিডিঅ’, কনিষ্ঠ অভিযন্তাৰে মিলি নির্মাণ সমিতিৰ তিনি সভাপতি তথা বিধায়ক শ্বেৰমানৰ ঘনিষ্ঠই আঁচনি ৰূপায়ণৰ নামত বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপন হয়৷ পথৰ কোনো কাম নকৰাকৈয়ে ধন উলিয়াই নিয়া ঘটনাৰ বিৰুদ্ধে বাঘবৰৰ একাংশ লোকে ২০১৭ চনত মুখ্যমন্ত্রীৰ বিশেষ নিৰীক্ষণ কোষত অভিযোগ দাখিল কৰিছিল৷

পৰৱর্তী সময়ত ২০১৮ চনত মুখ্যমন্ত্রীৰ বিশেষ নিৰীক্ষণ কোষৰ এটা দলে বাঘবৰ সমষ্টিত চৰজমিন তদন্ত কৰি পথ নির্মাণত সংঘটিত দুর্নীতি আৰু এই ধন আত্মসাতৰ তথ্য উদ্ধাৰ কৰে৷ আনহাতে লোকনির্মাণ বিভাগৰ এটা বিশেষজ্ঞৰ দলেও আঁচনি ৰূপায়ণ হোৱা বুলি দেখুওৱা বাট–পথসমূহ পৰিদর্শন কৰি মুখ্যমন্ত্রীৰ বিশেষ নিৰীক্ষণ কোষক এক প্রতিবেদন দাখিল কৰে৷ মুখ্যমন্ত্রীৰ তদাৰকী কোষৰ তদন্ত আৰু লোকনির্মাণ বিভাগৰ বিশেষজ্ঞৰ দলৰ প্রতিবেদনত ১৪ পথ নির্মাণৰ বিপৰীতে ২৫ লাখ ৮ হাজাৰ ৩২৩ টকাৰ ব্যৱহাৰত অনিয়ম হোৱা বুলি প্রমাণিত হয়৷ অর্থাৎ ২৫,০৮,৩২৩ টকা আঁচনি ৰূপায়ণত কোনো কাৰণতে ব্যৱহাৰ নোহোৱাৰ তথ্য পোহৰলৈ আহে৷ আনকি বিধায়ক শ্বেৰমান আলী আহমেদৰ ঘনিষ্ঠ ১১খন নির্মাণ কমিটীৰ সভাপতি আব্দুৰ ৰেজ্জাকে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ বৰপেটা শাখাৰ পৰা বিডিঅ’ যাদব চৌধুৰীৰ চহী জাল কৰি প্রায় ৬–৭খন চেকৰ জৰিয়তে ধন উলিয়াই নিয়াৰ তথ্যও বিশেষ নিৰীক্ষণ কোষৰ তদন্তত পোহৰলৈ আহে৷ আব্দুৰ ৰেজ্জাকে মুখ্যমন্ত্রীৰ বিশেষ নিৰীক্ষণ কোষৰ তদন্তকাৰী দলৰ ওচৰত এই সন্দর্ভত স্বীকাৰোক্তিও কৰে৷

ইয়াৰ পাছত বর্তমানৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত যোৱা ৪ জুনত মুখ্যমন্ত্রীৰ তদাৰকী কোষতU/S 120 (B) 406/420/409/468/471 IPC R/W Sec 13 (2) PC Act (Amendment 1988)ৰ আধাৰত02/2021 নম্বৰত গোচৰ পঞ্জীয়ন কৰা হয়৷ কালি সন্ধিয়া মুখ্যমন্ত্রী বিশেষ নিৰীক্ষণ কোষৰ এটা দলে গুৱাহাটীৰ পৰা প্রাক্তন বিডি’ যাদৱ চৌধুৰীক, মঙলদৈৰ পৰা প্রাক্তন বিডি’ তথা বর্তমানৰ দৰং জিলা পৰিষদৰ উপ–মুখ্য কার্যবাহী বিষয়া ইউচুফুৰ ৰহমানক আৰু বৰপেটাৰ পৰা কনিষ্ঠ অভিযন্তা আয়নুৰ ৰহমানৰ লগতে নির্মাণ সমিতিৰ সভাপতি তথা বিধায়ক শ্বেৰমান আলীৰ ঘনিষ্ঠ আব্দুৰ ৰেজ্জাক, মুজাহিদুৰ ৰহমান, আৰু চাহজামাল আলীক গ্রেপ্তাৰ কৰে৷ ইফালে ধৃত আটাইকেইজনকে আজি হাজিৰ কৰোৱা হয় বিশেষ ন্যায়াধীশৰ আদালতত৷ আদালতে মন্দিয়া উন্নয়ন খণ্ডৰ নির্মাণ সমিতিৰ সভাপতি আব্দুৰ ৰাজ্জাকক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰে৷ আন অভিযুক্তসকল ন্যায়িক জিম্মালৈ প্রেৰণ কৰে আদালতে৷

দৰং জিলা পৰিষদৰ উপ–মুখ্য কার্যবাহী গ্রেপ্তাৰ

মুখ্যমন্ত্রীৰ বিশেষ নিৰীক্ষণ কোষৰ জালত পৰিল দৰঙৰ উপ–মুখ্য কার্যবাহী বিষয়া ইউচুফুৰ ৰহমান৷ বৰপেটা জিলাৰ মন্দিয়া উন্নয়ন খণ্ডৰ অবাধ অনিয়মৰ গোচৰত অন্যতম অভিযুক্ত ইউচুফই ৰহমানক কালি দৰং জিলা পৰিষদৰ পৰাই পোনতে আটক কৰা হৈছিল৷ আজি দৰং জিলা পৰিষদৰ মুখ্য কার্যবাহী বিষয়া ৰমেন মালাকাৰে সদ্য পদোন্নতি হৈ দৰং জিলা পৰিষদৰ উপ–মুখ্য কার্যবাহী হিচাপে যোগদান কৰা ৰহমানৰ গ্রেপ্তাৰ সম্পর্কত সবিস্তাৰে প্রকাশ কৰিছে৷ সেই অনুসৰি কালি দিনৰ ১১.৩০ বজাত মুখ্যমন্ত্রী বিশেষ নিৰীক্ষণ কোষৰ দলে ৰহমানক আটক কৰাৰ পূর্বে তেওঁৰ অনুমতি লয়৷ মঙলদৈৰ পৰা আটক কৰা ৰহমানক পিছলৈ গুৱাহাটীৰ পাণবজাৰ থানালৈ লৈ যায় আৰু নিশা গ্রেপ্তাৰ কৰা বুলি দলটোৱে প্রকাশ কৰে৷

RELATED ARTICLES