peepl-small

ৰাজনীতিত প্ৰৱেশ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীৰ, অগপত যোগদান

PUBLISHED:

গুৱাহাটীঃ অগপত যোগদান কৰিলে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে। আজি অগপৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত দলটোৰ সভাপতি অতুল বৰাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে অগপত যোগদান কৰে সাহিত্যিক ৰাজবংশীয়ে।

যোগদান কাৰ্যসূচীত অগপৰ সভাপতি অতুল বৰাই কয়- ‘আজিৰ দিনটো অগপৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিন, বিশেষকৈ পৰমানন্দ ৰাজবংশীৰ কাৰণেও গুৰুত্বপূৰ্ণ। ড০ ৰাজবংশী বিভিন্ন অৰাজনৈতিক ক্ষেত্ৰত নেতৃত্ব বহন কৰাৰ বিচিত্ৰ অভিজ্ঞতাৰ অধিকাৰী।’ উল্লেখ্য, সাহিত্য সভাৰ লগত দীৰ্ঘদিনৰে পৰা জড়িত পৰামানন্দ ৰাজবংশী প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল।

RELATED ARTICLES