peepl-small

দুর্নীতিঃ ধুবুৰীৰ প্রাক্তন অতিৰিক্ত উপায়ুক্তক গ্রেপ্তাৰ; ১০০ কোটি টকাৰ ভূমি, আয়তকৈ ৯৫ শতাংশ অধিক সম্পত্তিৰ মালিক চাইবুৰ ৰহমান

PUBLISHED:

জিলা এখনৰ প্রশাসনিক দায়িত্বত থকা এগৰাকী বিষয়াৰ লুণ্ঠনৰ কাহিনীয়ে এতিয়া চকু কপালত তুলিছে সকলোৰে৷ ক্ষমতাৰ অপব্যৱহাৰ আৰু অনিয়মেৰে লুণ্ঠন চলাই কোটি কোটি টকাৰ গৰাকী হোৱা এইজন চৰকাৰী বিষয়া হ’ল চাইবুৰ ৰহমান৷ ধুবুৰী জিলাত অতিৰিক্ত উপায়ুক্ত ৰূপে ২০০২ চনৰ পৰা ২০২১ চনলৈ কার্যনির্বাহ কৰা এইজন চাইবুৰ ৰহমানে চাকৰিৰ এই কালছোৱাত লুণ্ঠন চলাই ৰাজ্যৰ বিভিন্ন স্থানত ১০০ কোটি টকাতকৈ অধিক মূল্যৰ ভূমি ক্রয় কৰিছে৷

দুর্নীতিৰ বিৰুদ্ধে চৰকাৰৰ শূন্য সহনশীল নীতিৰ বিপৰীতে দুহাতেৰে লুণ্ঠন চলোৱা চাইবুৰ ৰহমানক মঙলবাৰে মুখ্যমন্ত্রীৰ তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাই গ্রেপ্তাৰ কৰি বিশেষ আদালতত হাজিৰ কৰোৱা হয়৷

মন কৰিবলগীয়া যে ২০০২ বর্ষৰ এচিএছ বিষয়া চাইবুৰ ৰহমানে উক্ত বর্ষতে ২৩ জুনত ধুবুৰী জিলাত প্রশাসনিক বিষয়াৰূপে যোগদান কৰিছিল৷ কার্যতঃ উক্ত দিনাৰ পৰাই সুদীর্ঘ ১৯ বছৰ ধৰি ধুবুৰী জিলাত কার্যনির্বাহ কৰি থকা চাইবুৰ ৰহমানে এই সময়ছোৱাত অবাধ লুণ্ঠন চলাই তেওঁ দুগৰাকী পত্নী আৰু দুই সন্তানৰ নামত ৰাজ্যৰ ৮৯টা স্থানত ১০০ কোটি টকাৰো অধিক ভূমি ক্রয় কৰিবলৈ সক্ষম হৈছে৷

লক্ষণীয় দিশটো হ’ল যে সদ্যসমাপ্ত নির্বাচনত চাইবুৰ ৰহমানৰ দ্বিতীয় পত্নী মীনাক্ষি ৰহমানে সৰুক্ষেত্রী সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰিছিল৷ উক্ত নির্বাচনত এ আই ইউ ডি এফৰ প্রার্থী ৰূপে প্রতিদ্বন্দ্বিতা কৰা মীনাক্ষি ৰহমানে যি ধৰণে ধন ব্যয় কৰিছিল, তাক লৈ যথেষ্ট চর্চাৰ সৃষ্টি হৈছিল৷

মুখ্যতঃ ধন ব্যয়ৰ এই ঘটনাক লৈ মুখ্যমন্ত্রীৰ তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাত এটা গোচৰ ৰুজু হৈছিল৷ যোৱা জুন মাহত দাখিল হোৱা উক্ত গোচৰৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ অনুমোদন মর্মে তদন্ত চলাওঁতে চাইবুৰ ৰহমানৰ অবৈধ সম্পত্তিৰ তালিকা পোহৰলৈ আহে৷ তদন্তকাৰী দলে চলোৱা প্রাৰম্ভিক তদন্ততে পোহৰলৈ আহে চাইবুৰ ৰহমানৰ কোটি কোটি সম্পত্তিৰ তালিকা৷ 

মঙলবাৰে তদন্তকাৰী সংস্থাটোৱে প্রকাশ কৰা মতে এ চি এছ বিষয়া ৰহমান আয়তকৈ ৯৫ শতাংশ অধিক সম্পত্তিৰ গৰাকী৷ তেওঁৰ অস্থাৱৰ সম্পত্তিৰ মূল্য হ’ল ৬ কোটি ৩৮ লাখ ১২ হাজাৰ ১৮৮ টকা৷ বর্তমান সংখ্যালঘু উন্নয়ন পৰিষদৰ উপ–সচিব চাইবুৰ ৰহমানৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪২০/৪০৬/৪০৯ আৰু দুর্নীতি প্রতিৰোধ আইনৰ ১৩ (১) (বি)/২ (চি) ধাৰাৰ অধীনত ১/২০২১ নম্বৰ গোচৰ ৰুজু কৰা হৈছে৷  বিশেষ আদালতত হাজিৰ কৰোৱাৰ পিছত এ চি এছ বিষয়াজনক ৬ দিনৰ আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰা হৈছে৷

RELATED ARTICLES