peepl-small

বৰবিহ ড্রাগ্ছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা আৰক্ষীৰঃ নগাঁৱত এনএনএছ গঠন এছপি আনন্দ মিশ্রৰ

PUBLISHED:

গুৱাহাটীঃ ড্রাগ্ছ সৰবৰাহ আৰু ব্যৱসায়ৰ লগত জড়িতসকলৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে কঠোৰৰ পৰা কঠোৰতম পদক্ষেপ গ্রহণ কৰিব৷ দেওবাৰে নগাঁৱৰ আৰক্ষী নিৱেশৰ সভাগৃহত এখন সংবাদ মেলযোগে নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্রুৱ বৰাই এই সকীয়নি দি কয়, আৰক্ষী অধীক্ষক হিচাপে আনন্দ মিশ্রই যোগদান কৰাৰ পিছৰে পৰা নগাঁও আৰক্ষী ড্রাগ্ছ সৰবৰাহকাৰী আৰু ব্যৱসায়ৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে৷ প্রতিদিনে জিলাখনৰ   সকলোবোৰ থানাই ড্রাগ্ছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে৷ প্রতিদিনে উদ্ধাৰ হৈছে ড্রাগ্ছ তথা নিচাযুক্ত দ্রব্য আৰু গ্রেপ্তাৰ হৈছে বহুকেইজন লোক৷

কালি নগাঁও সদৰ থানাৰ অন্তর্গত চিলঙনি, ছোটৰূপহী, ম’হখুলিত অভিযান চলাই চাৰিজন ব্যক্তিক গ্রেপ্তাৰ কৰাৰ লগতে চাৰিখন মটৰচাইকেল, এখন ই–ৰিক্সা আৰু এখন অগেনাৰ গাডীসহ বুজন পৰিমাণৰ ধন, নিচায়ুক্ত ঔষধ জব্দ হয়৷ সংবাদ মেলত অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে যে এইকেইদিনত নগাঁও আৰক্ষীয়ে ১৩জন ড্রাগ্ছ সৰবৰাহকাৰীসহ দহ লক্ষাধিক টকা মূল্যৰ ড্রাগ্ছ জব্দ কৰিছে৷ ইয়াৰ উপৰি চুৰি সামগ্রীসহ দুজন চোৰক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আজি নগাঁও চহৰৰ ভূঞা পট্টিৰ এজন যুৱকৰ ঘৰৰ পৰা এখন নকল সোণৰ নাও, কিছু ব্রাউন ছুগাৰ, এখন তৰোৱাল, এখন ছুৰীৰ লগতে দীপাংকৰ দাসকো গ্রেপ্তাৰ কৰে৷

অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মেলত জানিবলৈ দিয়ে যে জিলাখনক ড্রাগ্ছবিৰোধী অভিযানৰ বাবে এণ্টি নাৰক’টিক স্কোৱাড (এ এন এছ) আৰু অপৰাধমূলক কাম–কাজ ৰোধ কৰিবৰ বাবে সীমান্ত শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মানস শইকীয়াৰ নেতৃত্বত ৰাইডাৰ স্কোৱাড গঠন কৰা হৈছে৷  অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্রুৱ বৰাৰ নেতৃত্বত গঠিত এ এন এছ স্কোৱাডে তিনিটা ভাগত বিভক্ত হৈ ইতিমধ্যে জিলাখনত ড্রাগ্ছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে৷ আনহাতে, বাৰজনীয়া ৰাইডাৰ স্কোৱাডে দুটা ভাগত বিভক্ত হৈ নগাঁও চহৰত সংঘটিত অপৰাধজনিত কাম–কাজ ৰোধৰ বাবে আজিৰ পৰা অভিযান চলাইছে৷

সাংবাদিকে সোধা এক প্রশ্ণৰ উত্তৰত অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্রুৱ বৰাই কয়, নগাঁৱত ড্রাগ্ছৰ ব্যৱসায় কোনেও কৰিব নোৱাৰিব৷ তেওঁলোক কাৰাগাৰলৈ যাব লাগিব৷ কোনো সাৰি যাব নোৱাৰিব৷ সকলোৱে এই ব্যৱসায় ত্যাগ কৰিব লাগিব৷ আগতেও নগাঁৱত ড্রাগ্ছৰ বিৰুদ্ধে অভিযান চলোৱা হৈছিল৷ কিন্তু এইবাৰ সংগঠিত ৰূপত অভিযান চলোৱা হৈছে৷ এইক্ষেত্রত ৰাইজৰ সহযোগিতা কামনা কৰিছেছা৷ কম বয়সীয়া ড্রাগ্ছ সেৱন কৰা যুৱক–যুৱতীকো ধৰিছেছা যদিও তেওঁলোকক আমি কাৰাগাৰলৈ নপঠিয়াই ড্রাগ্ছৰ সেৱনৰ পৰা বিৰত থাকিবলৈ নিদান প্রদান কৰি অভিভাকক চমজাই দিছেছা৷ আমি জিলাখনক ড্রাগ্ছমুক্ত জিলা হিচাপে গঢ়ি তোলাৰ লক্ষ্য আগত ৰাখি কাম কৰিছোঁ আৰু আমি সফল হ’ম৷ আৰক্ষীয়ে সংবাদ মেলত গ্রেপ্তাৰ কৰা লোকসকলৰ তালিকা প্রকাশ কৰে৷

গ্রেপ্তাৰ কৰা লোকসকল হ’ল– কচুৱা তিনিআলিৰ চাইফুদ্দিন, বটদ্রৱা কদমনিৰ চিৰাজুল ইছলাম, কছলোখোৱাৰ পাপ্পু নাথ, অজিত দাস, জুৰীয়াৰ আলিটাঙনীৰ পাৰবিজ আলম, মাহগুৰিৰ আবু হানিফ, ৰূপহীহাটৰ পৰা মৰিগাঁও জিলাৰ মায়ঙৰ দিলবাহাদুৰ মৰল, নগাঁৱৰ ভকত গাঁৱৰ বানেছা খাতুন, চামগুৰি খলিহামাৰীৰ আইজুল হক, ম’হখুলিৰ মুকলেছ আলী, মহম্মদ আলী, বলিকটিয়াৰ ইমদাদুল হক, কামপুৰ টুবুকী গ্রাণ্টৰ জাহেৰা খাতুন, ইমৰান হুছেইন, ধিঙৰ বিলতীয়াৰ ৱাজিদ আলী, মজিবুৰ ৰহমান, বটদ্রৱাৰ কোবাইকটাৰ ৰফিকুল ইছলাম আদি অন্যতম৷ আনহাতে, নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া অঞ্জুশ্রী কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে আজি বিয়লি অভিযান চলাই মৰিকলং ৰে’ল ষ্টেচনৰ সমীপৰ বাসগৃহৰ পৰা ৰিংকু আলী নামৰ এজন ড্রাগছ ব্যৱসায়ীক ড্রাগ্ছসহ গ্রেপ্তাৰ কৰে৷ ৰিংকু আলীয়ে দীর্ঘদিন ধৰি নিজৰ ঘৰৰ পৰা ড্রাগ্ছৰ ব্যৱসায় চলাই আহিছিল৷ 

RELATED ARTICLES