peepl-small

কাজিৰঙাত পুনৰ গঁড়ৰ আক্ৰমণত নিহত বনকৰ্মীঃ এই বৰ্ষৰ তৃতীয়টো ঘটনা

PUBLISHED:

গুৱাহাটী: কাজিৰঙাৰ পুনৰ গঁড়ৰ আক্ৰমণত প্ৰাণ গ’ল এগৰাকী বনকৰ্মীৰ। নিহত বনকৰ্মীগৰাকীৰ নাম তিপু চাহু। ৰাষ্ট্ৰীয় উদ্যানখনত নিয়মীয়া টহল দি থকা অৱস্থাত আক্ৰমণ কৰে বনকৰ্মীগৰাকীক।

জানিব পৰা মতে, পহু বিল কেম্পৰ সমীপত তিপু চাহুৰ লগতে আন দুগৰাকী বনকৰ্মীও আছিল। উক্ত এলেকাতে পোৱালিৰ সৈতে এটি গঁড়ৰ মুখামুখি হয় বনকৰ্মীকেইগৰাকী। এই অৱস্থাতে আক্ৰমণ কৰে গঁড়ে।

প্ৰাণৰক্ষাৰ বাবে শূন্যলৈ গুলীচালনা কৰে যদিও কম দূৰত্বত থকা বাবে গঁড়টোৰ আক্ৰমণৰ পৰা নিজকে বচাবলৈ সক্ষম নহ’ল চাহু। আহত অৱস্থাত হাস্পতাললৈ নিয়া হয় যদিও মৃত্যু হয় তিপু চাহুৰ। অৱশ্যে বাকী দুগৰাকী বনকৰ্মীয়ে কথমপি প্ৰাণ ৰক্ষা পৰে।

উল্লেখ্য, কাজিৰঙাত গঁড়ৰ আক্ৰমণত যোৱা ৮ ফেব্ৰুৱাৰীত এগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৩১ জানুৱাৰীতো আন এগৰাকী বনকৰ্মীৰ মৃত্যু হৈছিল।

RELATED ARTICLES